NORTHEAST NOW (Assamese)

ক’ৰ’ণা আক্ৰান্তৰ ক্ষেত্ৰত ভাৰত চতুৰ্থ স্থানলৈ অৱনমিত

January 31, 2021 11:06 am · এন ই নাও নিউজ

দেশত বিগত বৰ্ষৰ ৩০ জানুৱাৰীৰ দিনা প্ৰথমগৰাকী ক’ৰ’ণাত আক্ৰান্ত লোক চিনাক্ত হৈছিল।

ক’ৰ’ণাৰ সংক্ৰমণৰ বৰ্ষপূৰ্তিৰ এবছৰ সম্পূৰ্ণ হোৱাৰ সময়তে দেশবাসীৰ বাবে এটা ভাল খবৰ আহিছে।

সৌসিদিনালৈ আমেৰিকা আৰু ব্ৰাজিলৰ পিছতে থকা ভাৰত বৰ্ষ এতিয়া ক’ৰ’ণা সংক্ৰমণৰ ক্ষেত্ৰত চতুৰ্থ স্থানলৈ অৱনমিত হৈছে।

অৰ্ছথাৎ দেশত এতিয়া ক’ৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমাৎ কমি আহিছে।

স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেওবাৰে পুৱাৰ ভাগলৈ ক’ৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ১৩ হাজাৰ ৫২ গৰাকী।

এতিয়া দেশক মুঠ ক’ৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছেগৈ ১ কোটি ৭ লাখ৪৬ হাজাৰ ১৮৩ গৰাকী।

মৃত্যু ঘটা লোকৰ সংখ্যা হৈছে ১ লাখ ৪৫ হাজাৰ ২৭৪ গৰাকী।বিগত ২৪ ঘণ্টাত ক’ৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ১২৭ গৰাকী লোকৰ।

এতিয়ালৈকে দেশত ক’ৰ’ণাৰ পৰা মুক্ত হোৱা লোকৰ সংখ্যা হৈছেগৈ ১ কোটি ৪ লাখ ২৩ হাজাৰ ১২৫ গৰাকী।

আমেৰিকা, ব্ৰাজিল আদি দেশ সমূহত ক’ৰ’ণাৰ নতুন ষ্ট্ৰেইনে পুনৰ মহা বিপদৰ আশংকাৰ সৃষ্টি কৰিছে যদিও ভাৰত এই ক্ষেত্ৰত বহু পৰিমাণে হাত সাৰি আছে।

ক’ৰ’ণা আক্ৰান্তৰ ক্ষেত্ৰত তৃতীয় স্থানত উপবিষ্ট হৈছে মেক্সিকো।

Related News