NORTHEAST NOW (Assamese)

ভাৰতত প্ৰায় ৭০ লাখৰ ঘৰ স্পৰ্শ ক’ৰ’না সংক্ৰমিত লোকৰ সংখ্যা

October 10, 2020 12:33 pm · এন ই নাও নিউজ

ভাৰতত ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যাই শনিবাৰে প্ৰায় ৭০ লাখৰ ঘৰ অতিক্ৰম কৰিছে।

বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ৭৩২৭২ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

ইয়াৰ ফলত ভাৰতত বৰ্তমানলৈ ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ৬৯,৭৯,৪২৩ গৰাকীলৈ বৃদ্ধি পায়।

ভাৰতীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে এই কথা প্ৰকাশ কৰে।

আনহাতে, ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১,০৭,৪১৬ গৰাকীলৈ বৃদ্ধি পাইছে।

এতিয়ালৈ দেশত চিকিৎসাৰ অন্তত মুঠ ৫৯,৮৮,৮২২ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা আৰোগ্য লাভ কৰিছে।

ভাৰতত বিভিন্ন চিকিৎসালয়ত আৰু হোম আইছ’লেশ্যনত বৰ্তমান ৮,৮৩,১৮৫ গৰাকী সক্ৰিয় কোভিড ৰোগী চিকিৎসাধীন হৈ আছে।

অসমতো শুকুৰবাৰে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৮০২ গৰাকীলৈ বৃদ্ধি পায়।

বিগত ২৪ ঘণ্টাত অসমত ৮ গৰাকী লোকৰ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হয়।

Related News