NORTHEAST NOW (Assamese)

ভাৰতৰ প্ৰথটো কোভিড-১৯ ভেকচিনৰ পৰীক্ষণ আৰম্ভ; দিল্লী এইমছৰ এগৰাকী ৩০ বছৰীয়া স্বেচ্ছাসেৱকৰ দেহত প্ৰথম প্ৰয়োগ

July 24, 2020 8:31 pm · এন ই নাও নিউজ
Updated: July 24, 2020 8:34 pm

ভাৰতৰ প্ৰথমটো কোভিড-১৯ ভেকচিন কোভাক্সিনৰ আজিৰ পৰা মানৱ দেহত পৰীক্ষণ আৰম্ভ হৈছে।

শুকুৰবাৰে দিল্লী এইমছৰ এগৰাকী ৩০ বছৰীয়া লোকৰ শৰীৰত প্ৰথমবাৰৰ বাবে পৰীক্ষামূলকভাৱে এই ভেকচিন প্ৰয়োগ কৰা হয়।

ভাৰত বায়োটেক প্ৰতিষ্ঠানে ভাৰতীয় চিকিৎসা গৱেষণা কাউঞ্চিল (আইচিএমআৰ) আৰু নেশ্যনেল ইষ্টিটিউট অফ ভাইৰোলজিৰ সৈতে সন্মিলিত হৈ কোভাক্সিন নামৰ ভাৰতৰ প্ৰথমটো কোভিড প্ৰতিৰোধী ভেকচিন প্ৰস্তুত কৰি উলিয়াইছে।

কোভাক্সিন ভেকচিনক অলপতে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ মানৱ দেহত পৰীক্ষণৰ বাবে অনুমতি প্ৰদান কৰা হৈছিল।

আই চি এম আৰে ইতিমধ্যে দিল্লী এইমছৰ লগতে দেশৰ মুঠ ১২ খন চহৰক প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ বাবে চিহ্নিত কৰি উলিয়াইছে।

প্ৰথম পৰ্যায়ৰ পৰীক্ষাৰ সময়ত মুঠ ৩৭৫ গৰাকী স্বেচ্ছাসেৱকৰ শৰীৰত এই কোভাক্সিন ভেকচিন বিধ প্ৰয়োগ কৰা হ’ব। এই ৩৭৫ গৰাকী স্বেচ্ছাসেৱকৰ ভিতৰত ১০০ গৰাকী স্বেচ্ছাসেৱক দিল্লী এইমছৰ।

দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণত দেশৰ ১২ খন চহৰৰ মুঠ ৭৫০ গৰাকী স্বেচ্ছাসেৱকৰ শৰীৰত এই ভেকচিন পৰীক্ষামূলকভাৱে প্ৰয়োগ কৰা হ’ব।

দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাত ১২ বছৰৰ পৰা ৬৫ বছৰৰ ভিতৰৰ লোকৰ শৰীৰত ভেকচিনৰ প্ৰয়োগ কৰা হ’ব বুলি জানিব পৰা গৈছে।

Related News