NORTHEAST NOW (Assamese)

সুখবৰ! দেশত প্ৰথমবাৰৰ বাবে ৰোগীৰ দেহত কৰা হ’ল হাওঁফাওঁৰ সফল সংৰোপন

September 11, 2020 8:23 pm · এন ই নাও নিউজ
Updated: September 11, 2020 8:24 pm

বৃক্কৰ সংৰোপন,যকৃতৰ সংৰোপন আদি ভাৰতত বহু ৰোগীৰ ক্ষেত্ৰত কৰা হৈছে যদিও হাওঁফাওঁৰ সংৰোপন দেশত হোৱা নাছিল।

শেহতীয়াকৈ হায়দৰাবাদৰ এখন চিকিৎসালয়ত কৰা হয় দেশৰ প্ৰথমটো হাওঁফাওঁৰ সংৰোপন।

দেশত প্ৰথমবাৰৰ বাবে কৰা এনে সংৰোপন আকৌ কৰা হৈছে এগৰাকী কোভিড ৰোগীৰ দেহত ।

কোভিডত আক্ৰান্ত চণ্ডীগড়ৰ ৰিজৱান নামৰ ৩২ বছৰীয়া যুৱকজন কিছুদিন পূৰ্বে ভৰ্তি হৈছিল হায়দৰাবাদৰ কৃষ্ণ ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সত।

কোভিড আক্ৰান্ত যুৱক জনৰ হাওঁফাওঁ দুটা এক প্ৰকাৰ অকামিলা হৈ পৰিছিল।

এনে পৰিস্থিতিত ৰোগীজনৰ হাওঁফাওঁ দুটা সলনি কৰাৰ বাদে আন কোনো বিকল্প পথ নাছিল।

চিকিৎসালয় খনৰ চিকিৎসক ডাঃ সন্দীপ আট্টাৱাৰে ৰিজৱানৰ হাওঁফাওঁ সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ইয়াৰ পিছতে আৰম্ভ হয় ৰিজৱানৰ বাবে হাওঁফাওঁ বিচৰাৰ কাম।

অৱশেষত কলকাতাৰ ব্ৰেইন ডেথ ঘটা লোক এজনৰ হাওঁফাওঁ দুটা ৰিজৱানৰ দেহত সংৰোপন কৰাৰ সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠে।

দেশৰ প্ৰসিদ্ধ চিকিৎসক আট্টাৱাৰৰ নেতৃত্বত এদল চিকিৎসকে প্ৰথমবাৰৰ বাবে ৰিজৱানৰ দেহত কলকাতাৰ মৃত লোকজনৰ হাওঁফাওঁ সংৰোপন কৰিবলৈ সক্ষম হয়।

চিকিৎসালয়খনৰ সূত্ৰই প্ৰকাশ কৰা মতে বৰ্তমান ৰোগীগৰাকী সুস্থ অৱস্থাত আছে আৰু তেওঁৰ হাওঁফাওঁ দুটাই সঠিক ভাবে কাম কৰিবলৈ আৰম্ভ কৰিছে।

তেওঁক আজি চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

Related News