ভাৰতৰ বৈদেশিক ঋণ একে সময়তে ১০.১ শতাংশ বৃদ্ধি পাইছে। ২০২৪ চনৰ মাৰ্চৰ তুলনাত ২০২৫ চনৰ মাৰ্চ মাহত এই ঋণ বৃদ্ধি পাইছে।২০২৪ চনৰ মাৰ্চ মাহত ভাৰতৰ বৈদেশিক ঋণ আছিল ৬৬৮.৮ বিলিয়ন মাৰ্কিন ডলাৰ। যিটো ২০২৫ চনৰ মাৰ্চ মাহত ৬৭.৫ বিলিয়ন মাৰ্কিন ডলাৰ বৃদ্ধি পাই ৭৩৬.৩ বিলিয়ন মাৰ্কিন ডলাৰ হয়। এই কথা উল্লেখ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে।
আৰ বি আইৰ তথ্য অনুসৰি ২০২৪ চনৰ মাৰ্চ মাহৰ শেষত ভাৰতৰ বৈদেশিক ঋণ-জিডিপি অনুপাত ১৮.৫ শতাংশ আছিল। যি চলিত বৰ্ষৰ মাৰ্চ মাহত ১৯.১ শতাংশ আছিল।
আৰ বি আইয়ে কয় যে ভাৰতীয় টকাৰ তুলনাত আমেৰিকান ডলাৰৰ মূল্যবৃদ্ধিৰ বাবে দুয়োখন দেশৰ মুদ্ৰাৰ মূল্যৰ পাৰ্থক্য ৫.৩ বিলিয়ন মাৰ্কিন ডলাৰ। অৰ্থাৎ এই মূল্যায়নৰ প্ৰভাৱ বাদ দিলে ভাৰতৰ বহিঃ ঋণ ৭২.৯ বিলিয়ন ডলাৰ হ’লহেঁতেন।
আৰ বি আইৰ তথ্য অনুসৰি বৈদেশিক ঋণৰ অংশ সৰ্বাধিক, ৩৪ শতাংশত। ইয়াৰ উপৰিও মুদ্ৰা আৰু জমা ধনৰ ২২.৮ শতাংশ, বাণিজ্য আৰু অগ্ৰিম ধনৰ ১৭.৮ শতাংশ আৰু ঋণৰ ছিকিউৰিটিৰ ১৭.৭ শতাংশ।
আৰ বি আইয়ে কয় যে এই ঋণৰ ভিতৰত ২৬১.৭ বিলিয়ন ডলাৰ বিভিন্ন অবিত্তীয় প্ৰতিষ্ঠানৰ পৰা, ১৬৮.৪ বিলিয়ন ডলাৰ চৰকাৰৰ পৰা আৰু ২০২.১ বিলিয়ন ডলাৰ কেন্দ্ৰীয় বেংকৰ বাহিৰে আন নিগমৰ পৰা লোৱা হৈছে।লগতে ২০২৫ চনৰ মাৰ্চ মাহৰ শেষৰ ফালে দীৰ্ঘম্যাদী ঋণ (যিটো এবছৰতকৈ অধিক সময়ৰ ভিতৰত মেচিউৰ হৈ আছে) আছিল ৬০১.৯ বিলিয়ন ডলাৰ। যিটো ২০২৪ চনৰ মাৰ্চ মাহৰ তুলনাত ৬০.৬ বিলিয়ন ডলাৰ বেছি।২০২৪ চনৰ মাৰ্চ মাহৰ শেষৰ ফালে হ্ৰস্বম্যাদী ঋণ আৰু বৈদেশিক মুদ্ৰাৰ মজুতৰ অনুপাত ১৯.৭ শতাংশ আছিল, যিটো ২০২৫ চনৰ মাৰ্চ মাহত ২০.১ শতাংশলৈ বৃদ্ধি পাইছিল।