NORTHEAST NOW (Assamese)

অৰ্থনীতিৰ ৰেহৰূপ! ৩৮০ কোটি ডলাৰ হ্ৰাস পালে ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ

October 29, 2022 10:22 am · এন ই নাও নিউজ, গুৱাহাটী

India’s forex reserves drop to lowest যোৱা ২১ অক্টোবৰত সমাপ্ত হোৱা সপ্তাহত ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ ৩৮০ কোটি ডলাৰ ডলাৰ হ্ৰাস হৈ ৫২ হাজাৰ ৪৫২ কোটিলৈ নামিছে। যোৱা ২০২০ চনৰ জুলাইৰ পিছত এয়া হৈছে সৰ্বনিম্ন।

যোৱা বছৰৰ অক্টোবৰত দেশৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ আছিল প্ৰায় ৬৪ হাজাৰ ৫০০ কোটি ডলাৰ যিটো এতিয়ালৈকে সৰ্বাধিক। তেতিয়াৰ পৰা ৰিজাৰ্ভৰ পৰিমাণ ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে।

লগতে পঢ়ক: কেন্দ্ৰীয় চৰকাৰৰ নিৰীক্ষণত সামাজিক মাধ্যম? সলনি হ’ল তথ্য প্ৰযুক্তি আইন!

শুকুৰবাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI)এই তথ্য সদৰী কৰিছে।

অৰ্থনৈতিক বিশ্লেষকসকলে কয় যে যাতে ডলাৰৰ বিপৰীতে টকাৰ শক্তি হেৰুৱাব নোৱাৰে সেয়া নিশ্চিত কৰিবলৈ শীৰ্ষ বেংকটোৱে আমেৰিকান ডলাৰ বিক্ৰী কৰিছে। সেইকাৰণেই ৰিজাৰ্ভ হ্ৰাস পাইছে।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মতে সমাপ্ত হোৱা সপ্তাহটোত সোণৰ ভাণ্ডাৰ ২৪ কোটি ৪৭ লাখ আমেৰিকান ডলাৰ হ্ৰাস পাই ৩ হাজাৰ ৭২০ কোটি ডলাৰ হৈছে।

লগতে পঢ়ক: থমকি নৰয়! পুনৰ বেলিষ্টিক মিছাইল নিক্ষেপ কৰিলে উত্তৰ কোৰিয়াই

অৰ্থনীতিবিদসকলে কৈছে যে আমেৰিকা যুক্তৰাষ্ট্ৰত বৰ্ধিত সূতৰ হাৰ আৰু ভাৰতলৈ আমদানি বৃদ্ধিৰ বাবে ডলাৰ শক্তিশালী হৈ আছে। ফলস্বৰূপে শীৰ্ষ বেঙ্কে টকা (ৰুপি)ৰ সমৰ্থনৰ বাবে বজাৰত ডলাৰৰ যোগান বৃদ্ধি কৰিব লগা হৈছে। সেইকাৰণে বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰো হ্ৰাস পাইছে।

Related News