১৭ নৱেম্বৰৰ সমাৱেশক লৈ লুটি-বাগৰ মৰা সংগঠনেৰে আলোচনাৰ দায়িত্ব কোনে দিলে সাহিত্য সভাক?

AsomSahityaSabha

বাঙালী সংগঠনৰ নেতৃবৰ্গৰ সৈতে অসম সাহিত্য সভাৰ বৈঠকৰ দৃশ্য। ২৫ অক্টোবৰত।

অহা ১৭ নৱেম্বৰত কেইবাটাও বাঙালী সংগঠনে গুৱাহাটীত গণ সমাৱেশ পাতিবলৈ ওলোৱা কাৰ্য্যৰ বিৰুদ্ধে গোটেই অসমৰ খিলঞ্জীয়া মানুহ জাগি উঠাৰ বিপৰীতে এই সমাৱেশৰ প্ৰতি যেন সদয় হৈছে অসম সাহিত্য সভা।

এই সমাৱেশক লৈ ৰাজ্যত এক ‘ভুল বুজাবুজিৰ পৰিৱেশ’ৰ সৃষ্টি হোৱা বুলি ২৫ অক্টোবৰত মন্তব্য কৰিছিল স্বয়ং অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে। কেৱল সেয়াই নহয়, ‘ভুল বুজাবুজিৰ পৰিৱেশ’ আঁতৰোৱাৰো পোষকতা কৰিছে সাহিত্য সভাই।

যোৱা ২৫ অক্টোবৰত গুৱাহাটীৰ ভাগৱতী প্ৰসাদ বৰুৱা ভৱনত অসম সাহিত্য সভাই বাঙালী সংগঠনকেইটাৰ সৈতে কৰা এক আলোচনাৰ পিছত ৰাজবংশীয়ে সাংবাদিকৰ আগত কৰা মন্তব্যত এই কথা প্ৰকাশ পাইছিল।

কিন্তু বাঙালী সংগঠনকেইটাৰ যৌথ মঞ্চ নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চ, অসম চমুকৈ ‘চি আৰ পি এফ-এ’ই প্ৰস্তাৱিত এই সমাৱেশক লৈ বাৰে বাৰে লুটি-বাগৰ মাৰি থকা কথাটো স্পষ্ট হৈ পৰিছে। কিয়নো প্ৰথমতে এই সমাৱেশ নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল চি আৰ পি এফ-এৰ নেতৃত্বই। কিন্তু ইয়াকে লৈ ৰাজ্যৰ জাতীয়-জনগোষ্ঠীয় সংগঠনসমূহ গৰজি উঠাত তেওঁলোকে এই সমাৱেশৰ নাম সলাই দিলে ‘মৈত্ৰী সন্মিলন’।

গতিকে তেনে এটা পৰিস্থিতিত চি আৰ পি এফ-এৰ এই লুটি-বাগৰ মৰা চৰিত্ৰৰ কথা আওকাণ কৰি অসম সাহিত্য সভাক এই সমাৱেশৰ হৈ বৈঠক অনুষ্ঠিত কৰিবলৈ দায়িত্ব দিলে কোনে?

ইয়াৰ উপৰি লুটি-বাগৰ মৰাত সিদ্ধহস্ত এই সংগঠনকেইটাই পুনৰ সুৰ সলালে তাৰ দায়িত্ব অসম সাহিত্য সভাই ল’বনে?

এই প্ৰশ্নবোৰ উত্থাপন কৰিছে ৰাজ্যৰ সচেতন নাগৰিক আৰু ভালেকেইটা জাতীয়-জনগোষ্ঠীয় সংগঠনে।

উল্লেখ্য যে অসম সাহিত্য সভাৰ সৈতে হোৱা আলোচনাৰ অন্তত বাঙালী সংগঠনৰ এই সমাৱেশ প্ৰকৃততে এখন ‘মৈত্ৰী সন্মিলন’ হ’ব আৰু ইয়াত ‘নাগৰিকত্ব সংশোধনী বিধেয়ক’ সন্দৰ্ভত কোনো কথাই আলচনা নহয় বুলি ড০ পৰমানন্দ ৰাজবংশী আৰু বাঙালী সংগঠনকেইটাৰ হৈ সৌমেন ভাৰাতীয়াই জানিবলৈ দিছিল।

কিন্তু কিমান বিশ্বাসযোগ্য সংগঠনকেইটাৰ এই কথা? কিয়নো প্ৰথমতে চি আৰ পি এফ-এৰ আহ্বায়ক সুকুমাৰ বিশ্বাসে কৈছিল, “এই সমাৱেশ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ যি অপপ্ৰচাৰ চলি আছে সেই অপপ্ৰচাৰ মানুহৰ মনৰ পৰা আঁতৰাই পেলাবলৈ পতা হৈছে।” লগতে বিধেয়কখনৰ বিৰোধিতা কৰাসকলক ‘দুষ্টচক্ৰ’ আখ্যাও দিছিল বিশ্বাসে।

কিন্তু পাছত এই কথা সলনি হ’ল। প্ৰস্তাৱিত সমাৱেশৰ বিৰুদ্ধে খিলঞ্জীয়া জাতি-জনজাতিৰ হুংকাৰ দেখি সমাৱেশখন নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ নহয় বুলি চি আৰ পি এফ-এয়ে প্ৰচাৰ কৰে।

ইপিনে, বিধেয়কখনক লৈ সমাৱেশত আলোচনা নহ’লেও বাঙালী সংগঠনকেইটা ইয়াৰ বিৰোধী নহয়। গতিকে সংগঠনকেইটাৰে সহমতলৈ নাযায় খিলঞ্জীয়া মঞ্চ, অসম।

খিলঞ্জীয়া মঞ্চ, অসমৰ সদস্য সচিব তথা আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকাই নৰ্থ-ইষ্ট নাওক কয়, “কেৱল সমাৱেশত বিধেয়কৰ আলোচনা নকৰো বুলিলেই নহ’ব, তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাও কৰিব লাগিব। বিধেয়কখনৰ সমৰ্থনত থকা সংগঠনে পতা সমাৱেশত আমাৰ সমৰ্থন নাথাকিব।”

আমাত জানিবলৈ দিয়ামতে, ইতিমধ্যে খিলঞ্জীয়া মঞ্চ, অসমে অসম সাহিত্য সভাকো এই কথা জনাইছে।

একেই মন্তব্য অখিল গগৈৰো। গগৈয়ে আজি এখন সংবাদমেলত কয়, “নাগৰিকত্ব সংশোধনী বিধেয়কখন যেতিয়ালৈ বিৰোধিতা কৰিম বুলি নকয় আৰু যেতিয়ালৈ ১৯৭১ৰ পাছৰ কোনো বিদেশীকে অসমত ৰাখিব নালাগে বুলি নকয়, তেতিয়ালৈ অসম সাহিত্য সভাই কওক বা ভগৱানেই কওক, আমি ৬০টা জাতীয়-জনগোষ্ঠীয় সংগঠনে এই তথাকথিত ২৬টা সংগঠনৰ লগত লগ লগাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে।”

ইপিনে, এই সন্দৰ্ভত অসম সংগ্ৰামী মঞ্চই কয় যদি এই সমাৱেশ সঁচা অৰ্থত ‘মৈত্ৰী সন্মিলন’ হয়, তেতিয়াহ’লে আমি স্বাগতম জনাম, কিন্তু তেওঁলোকে যদি পূৰ্বৰ দৰে পুনৰ লুটি-বাগৰ মাৰে আৰু তাৰ ফলত যদি বিশৃংখলাৰ সৃষ্টি হয় তেতিয়া হ’লে অসম সাহিত্য সভা জগৰীয়া হ’ব।”

ইয়াৰ উপৰি অসম সংগ্ৰামী মঞ্চৰ সাধাৰণ সম্পাদক সমৰজ্যোতি বেজবৰুৱাই কয় যে সাহিত্য সভাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত থকা বাঙালী সংগঠনকেইটাৰ বিপৰীতে অসমীয়া আৰু বাংলাভাষী মানুহৰ মাজত সদ্ভাৱ বৰ্তাই ৰাখিবলৈ অসমীয়া জাতিৰ প্ৰতি অৱদান থকা আৰু অসমক প্ৰকৃত অৰ্থত ভালপোৱা বাঙালী সম্প্ৰদায়ৰ লোকসকলৰ সৈতে আলোচনা কৰিব পাৰিলে হেঁতেন।

লগতে কেইমাহমানৰ পূৰ্বে অসমৰ এটা ছেটেলাইট চেনেলৰ টক শ্ব’ত এজন বিশিষ্ট সাংবাদিকৰ সন্মুখত অখিল গগৈক সুকুমাৰ বিশ্বাসে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ো সুৰ সলোৱাৰ কথাটোও তেওঁ সোঁৱৰাই দিয়ে।

এতিয়া অসম সাহিত্য সভাই এই তথাকথিত ২৬টা বাঙালী সংগঠনক অসমৰ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ লগত একেলগে নাগৰিকত্ব সংশোধনী বিধেয়কখন ৰিৰোধিতা কৰিবলৈ বাধ্য কৰাব পাৰিবনে?