• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অথন্তৰ! পাটনালৈ যাবলগীয়া যাত্ৰীক উদয়পুৰত অৱতৰণ কৰালে ইণ্ডিগ’ বিমানে: তদন্তৰ নিৰ্দেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 3, 2023 6:32 pm
IndiGo Flies Passenger
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ পৰা পাটনা অভিমুখে ৰাওনা হোৱাৰ উদ্দেশ্যে দিল্লী বিমানবন্দৰত উপস্থিত হ’ল এজন যাত্ৰী। ইণ্ডিগ’ৰ এখন বিমানত বহি গন্তব্যস্থানলৈ বুলি নিশ্চিন্তমনে যাত্ৰাও কৰিলে যাত্ৰীগৰাকীয়ে। পিছে বিমানৰ পৰা নামিহে হতবাক হ’ল তেওঁ।

গন্তব্যস্থান পাটনাৰ পৰিৱৰ্তে উদয়পুৰতহে অৱতৰণ কৰিলে তেওঁ যাত্ৰা কৰা বিমানখনে! ক’ত গন্তব্যস্থান পাটনা আৰু ক’ত অৱতৰণস্থলী উদয়পুৰ! দুয়ো ঠাইৰ মাজত দূৰত্বৰ ব্যৱধানো প্ৰায় ১৪০০ কিলোমিটাৰ।

Apply Now

ভুল ধৰিব পাৰি যাত্ৰীগৰাকীয়ে পিছত বিমান সংস্থাটোক অৱগত কৰে এই কথা আৰু ইণ্ডিগ’ই যাত্ৰীগৰাকীক পাটনালৈ যোৱাৰ ব্যৱ্স্থা কৰি দিয়ে। যোৱা ৩০ জানুৱাৰীত সংঘটিত হৈছে এই ঘটনা।

ইতিমধ্যে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। সঞ্চালকালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়া মতে, আফছাৰ হুছেইন নামৰ যাত্ৰীগৰাকীয়ে ইণ্ডিগ’ ৬ই-২১৪ বিমানৰ জৰিয়তে পাটনাৰ টিকট বুকিং কৰিছিল।

নিৰ্ধাৰিত বিমানখনত উঠি গন্তব্যস্থানলৈ যাত্ৰা কৰাৰ উদ্দেশ্যে তেওঁ ৩০ জানুৱাৰীত দিল্লী বিমানবন্দৰত উপস্থিত হয়। কিন্তু ভুলতে তেওঁ উদয়পুৰ অভিমুখী ইণ্ডিগ’ৰ ৬ই-৩১৯ বিমানত উঠে।

উদয়পুৰ বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতহে যাত্ৰীগৰাকীয়ে নিজৰ ভুল উপলব্ধি কৰে আৰু ইয়াৰ পিছতে তেওঁ উদয়পুৰ বিমানবন্দৰৰ বিষয়াসকলক অৱগত কৰে। বিমানবন্দৰ কৰ্তৃপক্ষই ইয়াৰ পিছতে বিমান সংস্থাটোক এই বিষয়ে সতৰ্ক কৰি দিয়ে।

বিমান সংস্থাটোৱে এই বিষয়ে জানিব পাৰি দিল্লীলৈ ঘূৰাই পঠায় আৰু পিছদিনা অৰ্থাৎ ৩১ জানুৱাৰীত পাটনালৈ আন এখন বিমানৰ জৰিয়তে প্ৰেৰণ কৰে।

অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে, সঞ্চালকালয়ে এই বিষয়ৰ প্ৰতিবেদন দাখিল কৰিবলৈ ইণ্ডিগ’ক নিৰ্দেশ দিছে। বিমান সংস্থাটোৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ লগতে দোহাৰে।

উল্লেখ্য যে, নিয়ম অনুসৰি বৰ্ডিঙৰ পূৰ্বে দুটা স্থানত বৰ্ডিং পাছ পৰীক্ষা কৰা হয়। এনে পৰিস্থিতিত যাত্ৰীগৰাকীৰ বৰ্ডিং পাছ কিয় ভালদৰে স্কেন কৰা নহ’ল আৰু তেওঁ কেনেকৈ ভুল বিমানত উঠিল সেয়া পৰীক্ষা কৰা হ’ব।

ইফালে আজি প্ৰকাশ কৰা এক বিবৃতিত বিমান সংস্থা ইণ্ডিগ’ই যাত্ৰীগৰাকীয়ে সন্মুখীন হোৱা অসুবিধাৰ বাবে দুখ প্ৰকাশ কৰে আৰু ঘটনাৰ বুজ লৈছে বুলি অৱগত কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

October 16, 2026 3:55 pm
সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 2:47 pm
‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

October 16, 2026 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

October 16, 2026 3:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd