• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গুৱাহাটী-আগৰতলা বিমানত অঘটন! মাজ আকাশতে দুৱাৰ খোলাৰ চেষ্টা যাত্ৰীৰ; চাওক ভিডিঅ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 22, 2023 12:22 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ পৰা আগৰতলা অভিমুখী ইণ্ডিগো বিমানত সংঘটিত হৈছে এই ঘটনা। অলপৰ বাবে ৰক্ষা পৰিল যাত্ৰীসকল। ড্ৰাগছ আসক্ত যাত্ৰীয়ে মাজ আকাশতে বিমানখনৰ জৰুৰীকালীন দুৱাৰখন খুলিবলৈ চেষ্টা কৰে। ইণ্ডিগোৰ বিমানখন আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰত অৱতৰণ কৰাৰ প্ৰায় ১০ মিনিট পূৰ্বে বৃহস্পতিবাৰে সংঘটিত হয় এই শিহৰণকাৰী ঘটনা।

হঠাৎ যাত্ৰীজনে বিমানখনৰ জৰুৰীকালীন দুৱাৰখন খুলিবলৈ চেষ্টা কৰে। ঘটনাৰ সময়ত তেওঁ ড্ৰাগছ সেৱন কৰিছিল বুলি অভিযোগ উঠিছে। পিছত বিমানখনৰ আন যাত্ৰীয়ে তেওঁক প্ৰহাৰ কৰে। ইণ্ডিগো এয়াৰলাইন্সে পিছত অভিযুক্তক আগৰতলা বিমানবন্দৰ আৰক্ষীক গতাই দিয়ে।

লগতে পঢ়ক: ২৪ ছেপ্টেম্বৰত গুৱাহাটীত বন্ধ থাকিব সুৰাৰ বিক্ৰী; কামৰূপ-মেট্ৰ’ত দেওবাৰ হ’ব ‘ড্ৰাই ডে’

Apply Now

সূত্ৰসমূহৰ মতে, ব্যক্তিজন কলকাতা দমদম বিমানবন্দৰৰ পৰা আগৰতলা অভিমুখী ইণ্ডিগ’ৰ বিমানত উঠিছিল। অভিযোগ অনুসৰি তেওঁ ড্ৰাগছ সেৱন কৰি বিমানত উঠিছিল। আৰম্ভণিৰে পৰাই তেওঁ বিমানত বিশৃংখলতাৰ সৃষ্টি কৰিছিল। নিচাসক্ত অৱস্থাত তেওঁ বিমানৰ চিটত ভালদৰে বহিবই পৰা নাছিল। লগতে বিমান পৰিচাৰিকা আৰু সহযাত্ৰীক আক্ৰমণ কৰাৰে অভিযোগ উত্থাপন হৈছে।

আগৰতলাত বিমান অৱতৰণ কৰাৰ ঠিক আগতেই তেওঁ উঠি বিমানখনৰ জৰুৰীকালীন দুৱাৰখন খুলিবলৈ চেষ্টা কৰে। ইয়াৰ ফলত সমগ্ৰ বিমানখনত আতংকৰ সৃষ্টি হয়। মাজ আকাশত বিমানৰ জৰুৰীকালীন দুৱাৰখন খুলিলে বায়ুৰ চাপৰ তাৰতম্যৰ বাবে দুৰ্ঘটনা সৃষ্টিৰ সম্ভাৱনা থাকে।

লগতে পঢ়ক: সকলো দীপিকাৰ বাবে? নয়নতৰাৰ সৈতে অন্যায়! শ্বাহৰুখ-এটলীৰ ওপৰত ক্ষুব্ধ দক্ষিণৰ অভিনেত্ৰী

ফ্লাইট এটেণ্ডেণ্টসকলে তেওঁক কেনেবাকৈ সংযত কৰি ৰাখে। ইয়াৰ পিছত ক্ষুব্ধ যাত্ৰীসকলে তেওঁক ধৰি প্ৰহাৰ কৰে। এই ঘটনাৰ কেইটামান ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। দেখা গৈছে যে যাত্ৰীসকলৰ গণ প্ৰহাৰৰ সময়ত অভিযুক্ত যাত্ৰীজনৰ কাপোৰ ফাটি যায়। অৱশ্যে তেতিয়াও তেওঁৰ নিচা শেষ হোৱা নাছিল। ভাইৰেল ভিডিঅ’টোত প্ৰহাৰৰ পিছত তেওঁ চিটত বহি থকাও দেখা গৈছে।  মূৰটো তললৈ বেঁকা হৈ আছে।

Quick thinking and unity prevailed on Indigo flight 6E-457 today! 🙌 While preparing for landing at MBB ARP, a passenger named Biswajit Debnath (41) attempted to open the door mid-flight. 👀 Kudos to fellow passengers for their swift response, ensuring everyone's safety. ✈️👏… pic.twitter.com/WfsKHYu7JK

— Tejinder Singh Sodhi (@TejinderSsodhi) September 21, 2023

বিমানৰ ক্ৰু আৰু যাত্ৰীসকলে লোকজনক সংযত কৰি ৰাখিছিল। পিছত এজন পুৰুষ ক্ৰু মেম্বাৰে অভিযুক্ত যাত্ৰীজনক টানি লৈ যায়। বিমানখন আগৰতলাত অৱতৰণ কৰাৰ পিছতে তেওঁক বিমানবন্দৰ আৰক্ষীৰ হাতত গতাই দিয়া হয়।

লগতে পঢ়ক: আকৌ আৰম্ভ হ’ব নেকি NRC? অক্টোবৰত উচ্চতম ন্যায়ালয়ত শুনানি

ত্ৰিপুৰা আৰক্ষীয়ে জনোৱা মতে, ব্যক্তিজনৰ নাম বিশ্বজিৎ দেৱনাথ (৪১) বছৰ। তেওঁ ইণ্ডিগোৰ গুৱাহাটী-আগৰতলা ৬ই-৪৫৭ বিমানত আছিল। ত্ৰিপুৰা আৰক্ষীৰ মুখপাত্ৰই কয়, “তেওঁ বিমানখনৰ জৰুৰীকালীন দুৱাৰখন খুলিবলৈ গৈছিল। যেতিয়া ক্ৰুৱে তেওঁক আসনত বহিবলৈ কয় বিশ্বজিৎ দেৱনাথে তেওঁলোকক গালি-গালাজ কৰে। সহযাত্ৰীসকলে অভিযোগ কৰে যে তেওঁ ড্ৰাগছৰ নিচাত আছিল।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd