জেলৰ পৰাই জয়ী হ’ল ইন্দিৰা গান্ধীৰ হত্যাকাৰীৰ পুত্ৰ : সদনত মুখামুখি হ’ব হত্যাকাৰী আৰু ছহিদৰ বংশধৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত সদ্যবিজয়ী প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু শৈ আছে। সেই অভিযোগতে অসমৰ ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ আছে। তাৰ পৰাই তেওঁ লোকসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়।

পঞ্জাৱৰ খাদুৰ চাহাব সমষ্টিৰ পৰা ১ লাখ ৪৫ হাজাৰৰো অধিক ভোট লাভ কৰিছে খালিস্তানী অমৃতপাল সিঙে। তেওঁ পঞ্জাৱৰ উগ্ৰ নেতা হিচাপে পৰিচিত। তেওঁৰ আন এটা পৰিচয় হৈছে ইন্দিৰা গান্ধীৰ হত্যাকাৰীৰ পুত্ৰ। ইন্দিৰা গান্ধীৰ হত্যাৰে জড়িত থকা অভিযুক্ত তাৰসীম সিঙৰ পুত্ৰ অমৃতপাল সিঙ।

উল্লেখ্য যে অমৃতপালৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু হৈ আছে। অমৃতপালে নিজকে খালিস্তান সমৰ্থক বুলি পৰিচয় দিয়ে।

এতিয়া জেলৰ পৰা ওলাই সংসদত অমৃতপালে প্ৰৱেশ কৰিব পাৰে নে নোৱাৰে সেয়া হ’ব লক্ষনীয়।