শান্তিপূৰ্ণ ভাৱে বিবাদ মীমাংসা কৰিবলৈ ভাৰত-চীনক পৰামৰ্শ প্ৰতিৱেশী ৰাষ্ট্ৰ নেপালৰ

লাডাখৰ ভাৰত-চীন সীমান্তৰ বিবাদক শান্তিপূৰ্ণভাৱে নিষ্পত্তি কৰিবলৈ দুই দেশক পৰামৰ্শ প্ৰদান কৰিছে প্ৰতিবেশী ৰাষ্ট্ৰ নেপালে।

উল্লেখ্য যে, ভাৰতৰ সৈতে এখন বিতৰ্কিত মানচিত্ৰ প্ৰকাশ কৰি ইতিমধ্যে বিতৰ্ক সৃষ্টি কৰিছে নেপালে।

নেপালে দুই প্ৰতিবেশী ৰাষ্ট্ৰলৈ আগবঢ়োৱা পৰামৰ্শত কৈছে যে, প্ৰতিবেশী দেশ হোৱাৰ স্বাৰ্থতে দ্বিপাক্ষিক সম্পৰ্ক, আঞ্চলিক আৰু বিশ্ব শান্তিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত আৰু চীনে শান্তিপূৰ্ণভাৱে বিবাদ নিষ্পত্তি কৰা উচিত।

উল্লেখ্য যে, লাডাখৰ ভাৰত-চীন সীমান্তৰ গালৱান উপত্যকাৰ ৰক্তক্ষয়ী সংঘৰ্ষৰ পিছতে ভাৰত আৰু চীন মাজৰ সীমা বিবাদে চৰম উত্তেজনাৰ সৃষ্টি কৰিছে।

দুই প্ৰতিবেশী ৰাষ্ট্ৰ ঘটনাক্ৰমক অতি সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি থকা নেপালে এক বিবৃতিত কয় যে, “নেপাল সদায় আঞ্চলিক আৰু বিশ্ব শান্তিৰ সপক্ষে আছে। সেয়ে দুই দেশে বিবাদ শান্তিৰে নিষ্পত্তি কৰাটো আমি বিচাৰো।”

গালৱানৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভতো মুখ খুলিছে নেপালে।

“সম্প্ৰতি গালৱান উপত্যকাত আমাৰ দুই প্ৰতিবেশী বন্ধুৰ মাজত যি ঘটনা ঘটিছে, প্ৰতিবেশী হোৱাৰ স্বাৰ্থত দ্বিপাক্ষিক সম্পৰ্ক, আঞ্চলিক ও বিশ্ব শান্তিৰ স্থায়িত্বৰ প্ৰতি লক্ষ্য ৰাখি দুই দেশে শান্তিপূৰ্ণভাৱে সমস্যা সমাধান কৰিব বুলি আমাৰ বিশ্বাস।” সাম্প্ৰতিক গালৱান কাণ্ডৰ সন্দৰ্ভত নেপালে এইদৰে বিবৃতিৰ যোগে কয়।

প্ৰণিধানযোগ্য যে যোৱা সোমবাৰে গালৱান উপত্যকাত চীনা সৈন্যই ভাৰতীয় সৈন্যৰ ওপৰত হঠাৎ আক্ৰমণ কৰাৰ ফলত ২০ গৰাকী ভাৰতীয় সৈন্যৰ মৃত্যু হৈছিল।