DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অশান্ত লাডাখৰ ভাৰত-চীন সীমান্ত : আমিৰ খানে লৈছে এক ডাঙৰ সিদ্ধান্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
July 7, 2020 5:48 pm
index.jpg
38.7k
VIEWS
Share on FacebookShare on Twitter

পূৱ লাডাখৰ গালৱান উপত্যকাৰ সীমান্তক লৈ ভাৰত-চীনৰ মাজত উত্তেজনা চলি থকাৰ মাজতে বলিউদৰ জনপ্ৰিয় অভিনেতা আমিৰ খানে লৈছে এক ডাঙৰ সিদ্ধান্ত।

খবৰ অনুসৰি আমিৰ খানে তেওঁৰ নিৰ্মীয়মান ছবি লাল সিং চাড্ডাৰ লাডাখত কৰিবলগীয়া শ্বুটিং স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে।

লাল সিং চাড্ডা ছবিখন প্ৰযোজনা কৰিছে আমিৰ খান আৰু তেওঁৰ পত্নী কিৰণ ৰাৱে।

ক’ৰ’না সংক্ৰমণৰ বাবে ছবিখনৰ শ্বুটিং পিছুৱাই যোৱাৰ ফলত ইতিমধ্যে ছবিখনৰ প্ৰযোজকদ্বয়ৰ বিস্তৰ ক্ষতি হৈছে।

ইফালে ছবিখনৰ বহুকেইটা দৃশ্য লাডাখত শ্বুটিং কৰাৰ কথা আছিল।

কিন্তু লাডাখ সীমান্তত ভাৰত-চীন সৈন্যৰ মাজত সংঘাত বৃদ্ধি পোৱাৰ ফলত লাডাখত শ্বুটিং কৰিবলৈ শংকিত হৈছে প্ৰযোজক অভিনেতা আমিৰ খান।

খবৰ মতে যদি লাডাখত ছবিখনৰ দৃশ্যৰাশি শ্বুটিং নহয় তেনে খুব সম্ভৱ কাৰ্গিলত কৰা হ’ব পাৰে সেই দৃশ্যসমূহৰ চিত্ৰগ্ৰহণ।

জানিব পৰা মতে ইতিমধ্যে এই সংক্ৰান্তত আমিৰ খানে পৰিচালক অদ্বৈত চন্দনৰ সৈতে আলোচনাও কৰিছে।

যদি দুই দেশৰ মাজৰ সীমান্ত সংঘাত সোনকালে নিৰশন নহয় তেনে লাডাখত ছবিখনৰ দৃশ্যগ্ৰহণ সূচী পৰিৱৰ্তন কৰা হ’ব পাৰে।

আনহাতে ক’ৰ’না সংক্ৰমণ অপ্ৰতিৰোধ্য গতিত বৃদ্ধি পোৱাৰ বাবে চিন্তিত হৈছে ছবিখনৰ প্ৰযোজকদ্বয়।

ক’ৰ’নাৰ সংক্ৰমণৰ বাবেই বৰ্তমান ছবিখনৰ শ্বুটিং বন্ধ হৈ আছে।

“এই মুহূৰ্তত লাডাখৰ যি অৱস্থা তাত শ্বুটিং কৰাৰ কোনো প্ৰশ্নাই নাহে। কিন্তু তাৰ সলনি কাৰ্গিলত নে অন্য কোনো স্থানত শ্বুটিং কৰা হ’ব সেয়া ঠিক হোৱা নাই।” আমিৰ খানৰ এক ঘনিষ্ঠ সূত্ৰই এইদৰে কয়।

উল্লেখ্য যে, আমিৰ খান আৰু পত্নী কিৰণ ৰাৱে প্ৰযোজনা কৰা লাল সিং চাড্ডা নামৰ ছবিখনত আমিৰ খানৰ বিপৰীতে কৰীণা কাপুৰে অভিনয় কৰিছে।

Recent News

Man Bites Off Cop's Ear

অসহায় আৰক্ষী! বাহনত উঠাই নিয়াৰ মুহূৰ্ততে আৰক্ষী বিষয়াৰ কাণত কামোৰ আটকাধীন ব্যক্তিৰ

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd