ইণ্ডোনেছিয়াত সংঘটিত হৈছে এক বৃহৎ অঘটন। দেওবাৰে ইণ্ডোনেছিয়াৰ জাভা সাগৰত ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ সন্ধানহীন হয়। বিষয়াসকলৰ মতে, পূব জাভাৰ পৰা বৰ্নিও দ্বীপৰ দক্ষিণ কালিমন্তানলৈ যোৱাৰ পথত জাহাজখনৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে।
সূত্ৰ অনুসৰি জাহাজখন সাগৰৰ পৰা সন্ধানহীন হোৱা ঘটনাক লৈ সকলোতে তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। এই ঘটনাৰ লগে লগে স্থানীয় উদ্ধাৰকাৰী দলে সাগৰত ব্যাপক অনুসন্ধান আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।
দক্ষিণ কালিমন্তন প্ৰদেশৰ ৰাজধানী বাঞ্জাৰমাছিনত থকা অনুসন্ধান আৰু উদ্ধাৰ কাৰ্যালয়ে জানিবলৈ দিয়া মতে, ভাৰ্গো ট্ৰেন্সপ’ৰ্ট ৮ নামৰ জাহাজখনৰ যান্ত্ৰিক বিজুতিৰ বাবে যোগাযোগ হেৰুৱাই পেলোৱাৰ তথ্য লাভ কৰিছে।
সূত্ৰই জনোৱা মতে, জাহাজখন ইণ্ডোনেছিয়াৰ দ্বিতীয় বৃহত্তম চহৰ চুৰাবায়াৰ পৰা বাঞ্জাৰমাছিনলৈ গৈ আছিল। জাহাজখনৰ কেপ্তেইনে কৰ্তৃপক্ষক জনোৱা মতে, হঠাৎ সমুদ্ৰৰ অৱস্থা সলনি হোৱাৰ পিছত জাহাজখনৰ সৈতে যোগাযোগ হেৰাই গৈছে।
প্ৰাথমিক তথ্য অনুসৰি বাঞ্জাৰমাছিনৰ উপকূলৰ পৰা প্ৰায় ১৪৮ কিলোমিটাৰ দূৰত্বত থকা জাভা সাগৰত শেষবাৰৰ বাবে এই জাহাজখন দেখা গৈছিল। বিষয়াসকলে স্পষ্ট কৰি দিয়ে যে তাৎক্ষণিকভাৱে কোনো ধৰণৰ হতাহতৰ খবৰ পোৱা নাই আৰু যিমান পাৰি সোনকালে জাহাজখনত উপস্থিত হোৱাটোৱেই হৈছে শীৰ্ষ অগ্ৰাধিকাৰ।
বাঞ্জাৰমাছিন উদ্ধাৰ সংস্থাৰ অভিযানৰ মুৰব্বী আৰিয়ানো আৰ্ডিয়ে জাহাজখনৰ সৈতে যোগাযোগ হেৰুৱাৰ কথা নিশ্চিত কৰি কয় যে উদ্ধাৰকাৰী আৰু জাহাজ তৎক্ষণাত অঞ্চলটোলৈ প্ৰেৰণ কৰা হৈছে।
আৰিয়ানটো আৰ্ডিয়ে কয় যে আমি ত্ৰিশক্তিত এটা অপাৰেচন পোষ্ট স্থাপন কৰিছো যাতে পৰিস্থিতি নিৰীক্ষণ কৰিব পাৰি আৰু অনুসন্ধান অভিযান চলাব পাৰি। উদ্ধাৰ আৰু সাহায্য দলে সাগৰত সন্ধানহীন হোৱা জাহাজখন বিচাৰি উলিয়াবলৈ কাম কৰি আছে।’





