• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ইন্দোৰত পুনৰ পানীৰ পৰা হোৱা ৰোগৰ আতংক : দূষিত পানী খাই অসুস্থ ২২ জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 23, 2026 9:12 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰত পানীৰ পৰা হোৱা ৰোগৰ প্ৰাদুৰ্ভাৱে পুনৰ এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। মাত্ৰ কেইসপ্তাহমান আগতে এই চহৰখনত জলবাহিত ৰোগত আক্ৰান্ত হৈ ১৫ জন লোকৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল। সেই শোকাবহ ঘটনাৰ ৰেশ মাৰ নৌযাওঁতেই পুনৰ পানী দূষণৰ ফলত ২২ জন লোক অসুস্থ হৈ পৰাৰ খবৰ আহিছে। এইসকল লোকৰ ভিতৰত ৯ জনক হাস্পতালত ভৰ্তি কৰিবলগীয়া হৈছে আৰু বাকীসকলক নিজৰ ঘৰতে চিকিৎসকৰ তত্ত্বাৱধানত ৰখা হৈছে।

বিশেষকৈ মহু অঞ্চলৰ পৰা এই অসুস্থতাৰ খবৰবোৰ পোৱা গৈছে। স্থানীয় বাসিন্দাৰ অভিযোগ অনুসৰি পানী খোৱাৰ পাছৰে পৰা তেওঁলোকৰ শৰীৰত বিভিন্ন লক্ষণ দেখা দিছে, যাৰ ফলত সমগ্ৰ অঞ্চলটোতে এতিয়া তীব্ৰ আতংকই বিৰাজ কৰিছে।

Apply Now

প্ৰশাসনৰ তৰফৰ পৰা আশংকা কৰা হৈছে যে আক্ৰান্ত লোকৰ সংখ্যা ২৫ জনতকৈও অধিক হ’ব পাৰে। ঘটনাৰ গুৰুত্ব বুজি জিলা প্ৰশাসনে ইতিমধ্যে তৎপৰতা আৰম্ভ কৰিছে। বৃহস্পতিবাৰে নিশাৰ পৰাই জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কাম কৰি আছে। জিলা দণ্ডাধীশ শিৱম বাৰ্মাই নিজেই হাস্পতাললৈ গৈ ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লৈছে আৰু গোটেই পৰিস্থিতিটো তদাৰক কৰিছে। ইয়াৰ উপৰি স্বাস্থ্য বিভাগৰ কেইবাটাও দলো প্ৰভাৱিত এলেকাত মোতায়েন কৰা হৈছে যাতে অসুস্থ লোকসকলক শীঘ্ৰে চিকিৎসা সেৱা প্ৰদান কৰিব পৰা যায়। শুকুৰবাৰে পুৱাৰে পৰা স্বাস্থ্য বিভাগে পৰিস্থিতিৰ ওপৰত চোকা নজৰ ৰাখিছে।

ইন্দোৰৰ এই সমস্যা নতুন নহয়। শেহতীয়াকৈ ভাগীৰথপুৰা অঞ্চলতো খোৱাপানীৰ পাইপত নৰ্দমাৰ পানী মিহলি হোৱাৰ ফলত এক ভয়াবহ অৱস্থাৰ সৃষ্টি হৈছিল। চৰকাৰী তথ্য অনুসৰি মধ্যপ্ৰদেশৰ মাত্ৰ ৩১.৫ শতাংশ পৰিয়ালৰ ওচৰতহে পাইপেৰে পানী যোগানৰ ব্যৱস্থা আছে, যিটো ৰাষ্ট্ৰীয় গড় ৭০.৯ শতাংশতকৈ বহুত কম। যদিও কাগজ-কলমে বহু গাঁৱত পাইপলাইন স্থাপন কৰা হৈছে বুলি কোৱা হৈছে, কিন্তু বাস্তৱত বহু পৰিয়ালে আজিও খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হয়। আনকি যিবোৰ ঠাইত পানীৰ সংযোগ আছে, সেই পানীও খোৱাৰ বাবে সম্পূৰ্ণ সুৰক্ষিত নহয়।

চৰকাৰীভাৱে ইন্দোৰ জিলাক এশ শতাংশ জল সংযোগ থকা জিলা হিচাপে ঘোষণা কৰা হৈছে যদিও তথ্যমতে মাত্ৰ ৩৩ শতাংশ পৰিয়ালেহে প্ৰকৃততে খোৱাপানী লাভ কৰিছে। ৰাজ্যখনত পানীৰ নমুনা পৰীক্ষা কৰাৰ পাছত দেখা গৈছে যে প্ৰায় ৩৩ শতাংশ পানীৰ মানদণ্ড সঠিক নহয়। কেন্দ্ৰীয় চৰকাৰে এই পৰিস্থিতিক এক ব্যৱস্থাগত দুৰ্যোগ হিচাপে আখ্যা দিছে। যদিহে অতি সোনকালে পানীৰ গুণমান উন্নত কৰা নহয়, তেন্তে চলিত বৰ্ষত ৰাজ্যখনৰ বাবে আবণ্টিত পুঁজি কৰ্তন কৰা হ’ব পাৰে বুলিও সতৰ্ক কৰি দিয়া হৈছে। বৰ্তমানৰ এই সংকটময় পৰিস্থিতিয়ে সাধাৰণ জনতাৰ স্বাস্থ্য সুৰক্ষাক লৈ ডাঙৰ প্ৰশ্নচিহ্ন থিয় কৰাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd