চতুর্থবাৰৰ বাবে নাকচ কৰা হ’ল ইন্দ্ৰাণী মুখাৰ্জীৰ জামিন আবেদন
কেন্দ্ৰীয় অনুসন্ধান সংস্থা (চিবিআই)ৰ এখন বিশেষ আদালতে শুকুৰবাৰে নিজ কন্যা শ্বীনা বৰাৰ হত্যাৰ মূল অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীৰ জামিন আবেদন চতুৰ্থবাৰৰ বাবে নাকচ কৰে।
বাতৰি অনুসৰি, নিজৰ স্বাস্থ্যৰ অৱস্থাৰ অৱনতি ঘটা বুলি দাবী কৰি ইন্দ্ৰাণীয়ে জামিন বিচাৰিছিল।
আনহাতে, আদালতে তেওঁৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে আৰু যোৱা ২০১৮ৰ ৩ নৱেম্বৰত স্বাস্থ্যজনিত কাৰণতে দাখিল কৰা জামিন আবেদন নাকচ হোৱাৰ পাছত পৰিস্থিতিৰ কোনো সলনি হোৱা নাই বুলি কয়।
আদালতে লগতে কয় যে প্ৰকৃততে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটা বুলি দেখুৱাই তেওঁ নিজেই আবেদনখন লিখিছিল।
বৰ্তমানলৈকে ইন্দ্ৰাণীয়ে চাৰিখন জামিন আবেদন দাখিল কৰিছে আৰু সকলোকেইখনতে কাৰাগাৰত স্বাস্থ্যৰ অৱস্থাৰ অৱনতি ঘটা বুলি কাৰণ দৰ্শাইছিল।
শেষবাৰৰ বাবে তেওঁ যোৱা এপ্ৰিলত এক স্নায়ুৰোগৰ জটিলতাত ভোগাৰ পাছত জামিন আবেদন দাখিল কৰিছিল।
তেওঁ অভিযোগ কৰে যে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছে আৰু কাৰাগাৰ কৰ্তৃপক্ষই প্ৰায় এবছৰ ধৰি তেওঁক চিকিৎসাজনিত পৰীক্ষা কৰোৱাবলৈ নিয়াত ব্যৰ্থ হৈছে।
ইন্দ্ৰাণীয়ে প্ৰথমতে নিজেই যুক্তি দাঙি ধৰে যদিও পাছত তেওঁৰ অধিবক্তা তনভীৰ আহমেদে তেওঁৰ হৈ প্ৰতিনিধিত্ব কৰে।
চিবিআইয়ে তেওঁৰ জামিন আবেদনত আপত্তি দৰ্শাই আৰু ইয়াৰ অধিবক্তা মনোজ চলাদনে কয় যে যোৱা ছেপ্টেম্বৰত চাৰ জে জে হাস্পাতলৰ পৰা চিকিৎসা প্ৰতিবেদন দাখিল কৰি তেওঁ দাখিল কৰা জামিন আবেদন নাকচ হোৱাৰ পাছত তেওঁৰ অৱস্থাৰ কোনো সলনি হোৱা নাই।
তেওঁলোকে দাখিল কৰা যুক্তি অনুসৰি ২০১৮ৰ ছেপ্টেম্বৰৰ পৰা কোনো নতুন ৰিপ’ৰ্ট নাই য’ত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটা বা জটিল অৱস্থাৰ কথা কোৱা হৈছে।
চলাদনে আবেদন জনায় যে যদিহে তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ কোনো সলনি হৈছে কেৱল তেতিয়াহে তেওঁৰ আৰ্জি বিবেচনা কৰিব পাৰে।