বিতৰ্কিত ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

এগৰাকী মহিলাই তৰা গোচৰত ৩০ ডিচেম্বৰত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে

Rajesh Himatsingka

ৰাজেশ হিম্মৎসিংকা। ফাইল ফটো।

ভূমি দখল, ধন আত্মসাৎ, ৭০ বছৰ বয়সতো কুৰি বছৰীয়া যুৱতীক বিয়া কৰাই বিতৰ্কত সোমাই পৰা বিতৰ্কিত ব্যৱসায়ী, পুঁজিপতি ৰাজেশ হিম্মৎসিংকাক ৩০ ডিচেম্বৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পিছতে ১৪ দিনৰ ন্যায়িক জিম্মাত দিয়ে আদালতে।

উল্লেখযোগ্য যে আদালতে বিতৰ্কিত ব্যৱসায়ীজনক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়াৰ পিছত আমচৈ আৰক্ষীয়ে তেওঁৰ আমচৈত থকা বাসগৃহলৈ যায় যদিও তেওঁ ঘৰৰ ভিতৰতে এটা কোঠাত লুকাই আছিল। অৱশেষত ৰহা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনো আহি আমচৈ আৰক্ষীৰ সহযোগত ৭ ঘণ্টীয়া চেষ্টাৰ মূৰত গ্ৰেপ্তাৰ কৰে পুঁজিপতিজনক।

ৰহা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনে জনোৱামতে, দ্ৰৌপদী মোদী নামৰ এগৰাকী আত্মীয় মহিলাই ২০১২ চনতে দিয়া এটা ভূমি দখল আৰু ৪০ লাখ টকাৰ লেনদেন সম্পৰ্কীয় গোচৰ (গোচৰ নং ১৪০০ c /২০১২)ত কামৰূপ মহানগৰ ন্যায়িক দণ্ডাধীশে তেওঁক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছিল। ইয়াৰ পিছতে আমচৈ চাহ বাগিচাৰ বাংলোত আত্মগোপন কৰিছিল বিতৰ্কতি ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকাই।

উল্লেখযোগ্য যে পুঁজিপতি ব্যৱসায়ীজন ৰাজেশ হিম্মৎসিংকা গ্ৰুপ অৱ কোম্পানীৰ সঞ্চালক। তেওঁ পূৰ্বেও বহুকেইটা বিতৰ্কত জড়িত। এইবোৰৰ ভিতৰত আছে ২০১১ চনত নিজৰ ৭০ বছৰ বয়সত এগৰাকী ২০ বছৰীয়া যুৱতীক বিয়া কৰাই পিছত আন এগৰাকী যুৱতীৰ বাবে সেই যুৱতীক প্ৰতাৰণা কৰাৰ অভিযোগ। পূৰ্বেও হিমৎসিংকাৰ বিৰুদ্ধে একাধিক গোচৰ দিছিল বিভিন্ন পক্ষই। তেওঁৰ জোঁৱায়েকেও ভাবুকি দিয়া বুলি এটা গোচৰ তৰিছিল ব্যৱসায়ীজনৰ বিৰুদ্ধে।