• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৭০% খিলঞ্জীয়াক নিযুক্তি দিলেহে ইনচেনটিভ : প্ৰথম দিনটোতে ব্যক্তিগত খণ্ডৰ উদ্যোগক চৰ্ত দিলে মধ্য প্ৰদেশৰ মুখ্য মন্ত্ৰীয়ে

খিলঞ্জীয়াৰ বাবে একো নকৰা সোণোৱালৰ বাবে আদৰ্শ হ'ব পাৰে মধ্য প্ৰদেশৰ মুখ্য মন্ত্ৰীৰ পদক্ষেপ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 18, 2018 10:26 pm

2 min read

Kamal Nath

কমল নাথ।

2.8k
VIEWS
Share on FacebookShare on Twitter

মধ্য প্ৰদেশৰ মুখ্য মন্ত্ৰীৰ পদত বহিয়েই প্ৰথম দিনটোতে এটা প্ৰশংসনীয় পদক্ষেপেৰে অসমৰ সোণোৱাল চৰকাৰৰ বাবে এটা ডাঙৰ দৃষ্টান্ত দাঙি ধৰিলে কমল নাথে। মধ্য প্ৰদেশৰ মুখ্য মন্ত্ৰীজনে প্ৰথম দিনটোতে এনেকুৱা এটা সিদ্ধান্ত লৈছে যিটোৱে অসমৰ জাতীয়তাবাদী তথা খিলঞ্জীয়া প্ৰেমীসকলক উৎসাহিত কৰিব পাৰে।

১৭ ডিচেম্বৰত কমল নাথে মুখ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতে নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি ৰাজ্যৰ হাজাৰ হাজাৰ কৃষকৰ ঋণ হেৰাইৰ ফাইলত চহী কৰে। এই আঁচনিৰ অধীনত ৰাজ্যৰ কৃষকে ২ লাখ টকা পৰ্য্যন্ত ঋণ ৰেহাই পাব।

কিন্তু সেইটোৰ লগতে একেটা দিনতে আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় মুখ্য মন্ত্ৰীজনে। খিলঞ্জীয়াসকলক নিয়োগৰ সুযোগ দিবলৈ ৰাজ্যখনত থকা উদ্যোগসমূহক এটা কঠোৰ নিয়ম বান্ধি দি কমল নাথে খিলঞ্জীয়াৰ সংস্থাপনক অগ্ৰাধিকাৰ দিয়াৰ পক্ষে গুৰুত্বপূৰ্ণ পদক্ষেপ লয়। প্ৰথম দিনটোতে এই সম্পৰ্কীয় ফাইলতো চহী কৰে মুখ্য মন্ত্ৰীজনে।

সাংবাদিকৰ আগত নাথে কয় যে ৰাজ্য চৰকাৰে সেইবোৰ ব্যক্তিগত খণ্ডৰ উদ্যোগকহে ইনচেনটিভ দিব, যিবোৰে নিচে কমেও ৭০ শতাংশ খিলঞ্জীয়াক নিয়োগ কৰিব।

“কৰ্মচাৰীৰ ৭০ শতাংশ মধ্য প্ৰদেশৰ যুৱক-যুৱতী হ’লেহে উদ্যোগবোৰে আমাৰ আঁচনিৰ অধীনত ইনচেনটিভ লাভ কৰিব।” কমল নাথে কয়।

অন্য ৰাজ্যৰ পৰা কাম কৰা মানুহে ভিৰ কৰা বাবে মধ্য প্ৰদেশৰ নিবনুৱাই সংস্থাপনৰ সুযোগ হেৰুৱাইছে বুলি মুখ্য মন্ত্ৰীজনে কয়।

“মধ্য প্ৰদেশ, বিহাৰ আদিৰ পৰা অহা লোকে ইয়াত ভিৰ কৰা বাবে আমাৰ মানুহে চাকৰি-বাকৰি নোপোৱা হৈছে।” কমল নাথে কয়।

উল্লেখযোগ্য যে অসমত খিলঞ্জীয়াৰ বাবে চাকৰি সংৰক্ষণৰ বাবে দীৰ্ঘদিন ধৰি আছুকে ধৰি জাতীয় সংগঠনসমূহে দাবী কৰি আহিছে যদিও চৰকাৰে তেনেকুৱা দাবীক কেতিয়াও গুৰুত্ব দিয়া নাই। চাকৰি দিয়া বাদেই, যি দুই-এজনক চাকৰি দিয়ে, তেওঁলোককো ব্যক্তিগত খণ্ডৰ উদ্যোগ কৰ্তৃপক্ষই প্ৰায়ে দুৰ্ব্যৱহাৰ, ককৰ্থনা কৰা দেখিও চৰকাৰে একো কঠোৰ ব্যৱস্থা নলয়।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd