• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

১৭ মাহৰ অভিলেখ ভংগ কৰি ৪.৩৮ শতাংশলৈ বৃদ্ধি পালে মূল্যবৃদ্ধি : মোদী চৰকাৰক তীব্ৰ আক্ৰমণ কংগ্ৰেছৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 14, 2026 8:03 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত খুচুৰা মূল্যবৃদ্ধিৰ হাৰ বৃদ্ধি পোৱাৰ লগে লগে নৰেন্দ্ৰ মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে প্ৰধান বিৰোধী দল কংগ্ৰেছ। যোৱা জুন মাহত খুচুৰা মূল্যবৃদ্ধিৰ হাৰ ৪.৩৮ শতাংশলৈ বৃদ্ধি পাইছে। এই সন্দৰ্ভত কংগ্ৰেছে অভিযোগ কৰিছে যে বিজেপিৰ শাসনত হোৱা এই মূল্যবৃদ্ধিৰ ফলত সাধাৰণ মানুহৰ ঘৰুৱা বাজেট আৰু সঞ্চয় একেবাৰে শেষ হৈ গৈছে। দেশৰ সাধাৰণ নাগৰিকৰ ওপৰত পৰা এই বৰ্ধিত আৰ্থিক বোজাৰ বিষয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেতিয়া মাত মাতিব বুলিও বিৰোধী দলটোৱে প্ৰশ্ন উত্থাপন কৰিছে।

সোমবাৰে প্ৰকাশিত চৰকাৰী পৰিসংখ্যা অনুসৰি, মূলতঃ খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবেই জুন মাহত উপভোক্তা মূল্য সূচক ভিত্তিক মুদ্ৰাস্ফীতিৰ হাৰ একেকোবে ৪.৩৮ শতাংশত উপনীত হৈছেগৈ। উল্লেখযোগ্য যে ২০২৪ চনক ভিত্তিবৰ্ষ হিচাপে ধৰি আৰম্ভ হোৱা নতুন চি পি আই চিৰিজত এইবাৰেই প্ৰথমবাৰৰ বাবে মূল্যবৃদ্ধিৰ হাৰে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ নিৰ্ধাৰিত ৪ শতাংশৰ লক্ষ্য অতিক্ৰম কৰিছে।

Apply Now

এই সন্দৰ্ভত মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰি কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে সামাজিক মাধ্যম এক্সত এটি পোষ্ট কৰে। হিন্দীত লিখা সেই পোষ্টটোত তেওঁ কটাক্ষ কৰি কয় যে মোদী চৰকাৰৰ যোৱা ১২ বছৰৰ আচল স্বৰূপটোৱেই হৈছে কেৱল মিছা প্ৰতিশ্ৰুতি আৰু জনতাৰ ওপৰত মূল্যবৃদ্ধি তথা নিবনুৱা সমস্যাক জাপি দিয়া।

জয়ৰাম ৰমেশে লগতে কয় যে মোদী চৰকাৰৰ যোৱা ১২ বছৰৰ কাৰ্যকালত হোৱা মূল্যবৃদ্ধিয়ে সাধাৰণ পৰিয়ালৰ বাজেট সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছে। চৰকাৰী তথ্যমতেই এতিয়া প্ৰমাণিত হৈছে যে জুন মাহত খুচুৰা মূল্যবৃদ্ধি যোৱা ১৭ মাহৰ ভিতৰতে সৰ্বোচ্চ ৪.৩৮ শতাংশ হৈছেগৈ। আনহাতে গ্ৰামাঞ্চলত এই হাৰ আৰু অধিক উদ্বেগজনক, যিটো হৈছে ৪.৭৪ শতাংশ। তেওঁ আশংকা প্ৰকাশ কৰি কয় যে এই মূল্যবৃদ্ধিৰ ফলত আগন্তুক দিনত বেংকৰ সুতৰ হাৰ অধিক বৃদ্ধি পাব পাৰে আৰু ইয়াৰ ফলস্বৰূপে মধ্যবিত্ত শ্ৰেণীৰ ঘৰ বা গাড়ীৰ ই এম আইৰ বোজা কেইবাগুণো বাঢ়ি যাব।

পুঁজিপতিসকলৰ স্বাৰ্থ ৰক্ষা কৰা বুলি মোদী চৰকাৰক কঠোৰ সমালোচনা কৰি কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰশ্ন কৰে যে কিয় সকলো লাভ কেৱল পুঁজিপতিৰ জেপলৈ গৈছে আৰু সকলো বোজা সাধাৰণ মানুহৰ কান্ধত পৰিছে। পুঁজিপতিক ৰক্ষণাবেক্ষণ দিয়া প্ৰধানমন্ত্ৰী মোদীয়ে সাধাৰণ মানুহৰ এই যন্ত্ৰণাৰ বিষয়ে কেতিয়া কথা পাতিব বুলিও তেওঁ প্ৰশ্ন কৰে।

ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ৰ তথ্য অনুসৰি সামগ্ৰিক সূচাংক মে মাহত ৩.৯৩ শতাংশ আছিল যদিও জুন মাহত সেয়া ৪.৩৮ শতাংশলৈ বৃদ্ধি পায়। ঠিক সেইদৰে খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি মে মাহৰ ৪.৭৮ শতাংশৰ পৰা বৃদ্ধি পাই জুন মাহত ৫.৩২ শতাংশ হৈছেগৈ। ৰাষ্ট্ৰীয় গড় ৪.৩৮ শতাংশ হ’লেও জুন মাহত গ্ৰামাঞ্চলত মূল্যবৃদ্ধিৰ হাৰ আছিল ৪.৭৪ শতাংশ আৰু চহৰাঞ্চলত আছিল ৩.৯২ শতাংশ।

তথ্য অনুসৰি জুন মাহত আটাইতকৈ বেছি মূল্যবৃদ্ধি হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে ৰূপ, সোণ, হীৰা আৰু প্লেটিনামৰ গহনাৰ লগতে আদা, বিলাহী, কিচমিচ আৰু মনাক্কা। আনহাতে তুলনামূলকভাৱে কম মূল্যবৃদ্ধি দেখা গৈছে আলু, মটৰ, মটৰ গাড়ী আৰু জীপ, জীৰা তথা মটৰচাইকেল আৰু স্কুটাৰ আদিৰ ক্ষেত্ৰত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাম মন্দিৰৰ দৰে গুজৰাটৰ অম্বাজী মন্দিৰতো চুৰি : বৰঙণিৰ ধন সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি কৰ্মচাৰী

ৰাম মন্দিৰৰ দৰে গুজৰাটৰ অম্বাজী মন্দিৰতো চুৰি : বৰঙণিৰ ধন সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি কৰ্মচাৰী

July 14, 2026 8:24 pm
১৭ মাহৰ অভিলেখ ভংগ কৰি ৪.৩৮ শতাংশলৈ বৃদ্ধি পালে মূল্যবৃদ্ধি : মোদী চৰকাৰক তীব্ৰ আক্ৰমণ কংগ্ৰেছৰ

১৭ মাহৰ অভিলেখ ভংগ কৰি ৪.৩৮ শতাংশলৈ বৃদ্ধি পালে মূল্যবৃদ্ধি : মোদী চৰকাৰক তীব্ৰ আক্ৰমণ কংগ্ৰেছৰ

July 14, 2026 8:03 pm
মাৰাত্মক কৃষি ৰাসায়নিক ‘পৰাকুৱাট’ দেশত সম্পূৰ্ণ নিষিদ্ধ, সুৰক্ষিত হ’ব কৃষক আৰু শস্য পথাৰ

মাৰাত্মক কৃষি ৰাসায়নিক ‘পৰাকুৱাট’ দেশত সম্পূৰ্ণ নিষিদ্ধ, সুৰক্ষিত হ’ব কৃষক আৰু শস্য পথাৰ

July 14, 2026 7:54 pm
সদনত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা  : ১৪টা সমষ্টিত গঠন হ’ব নতুন ৰাজহচক্র

সদনত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা  : ১৪টা সমষ্টিত গঠন হ’ব নতুন ৰাজহচক্র

July 14, 2026 7:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাম মন্দিৰৰ দৰে গুজৰাটৰ অম্বাজী মন্দিৰতো চুৰি : বৰঙণিৰ ধন সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি কৰ্মচাৰী

ৰাম মন্দিৰৰ দৰে গুজৰাটৰ অম্বাজী মন্দিৰতো চুৰি : বৰঙণিৰ ধন সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি কৰ্মচাৰী

July 14, 2026 8:24 pm
১৭ মাহৰ অভিলেখ ভংগ কৰি ৪.৩৮ শতাংশলৈ বৃদ্ধি পালে মূল্যবৃদ্ধি : মোদী চৰকাৰক তীব্ৰ আক্ৰমণ কংগ্ৰেছৰ

১৭ মাহৰ অভিলেখ ভংগ কৰি ৪.৩৮ শতাংশলৈ বৃদ্ধি পালে মূল্যবৃদ্ধি : মোদী চৰকাৰক তীব্ৰ আক্ৰমণ কংগ্ৰেছৰ

July 14, 2026 8:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd