• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইংলেণ্ডক ৫ উইকেটত পৰাস্ত কৰা অভিলেখ ভংগকাৰী মেচত নায়ক অষ্ট্ৰেলিয়াৰ ইংলিছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 23, 2025 9:31 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অভিলেখ ভংগকাৰী মেচত শনিবাৰে অষ্ট্ৰেলিয়াই ইংলেণ্ডক পৰাস্ত কৰে। ইংলেণ্ডে প্ৰথমে বেটিং কৰি চেম্পিয়নছ ট্ৰফীৰ ইতিহাসত সৰ্বাধিক ৰান সংগ্ৰহ কৰে। এই প্ৰতিযোগিতাত বেন ডাকেটে (১৬৫) দুৰ্দান্ত বেটিং প্ৰদৰ্শনেৰে সৰ্বাধিক ব্যক্তিগত স্ক’ৰ সংগ্ৰহ কৰে। ইয়াৰ পিছতো ইংলেণ্ডৰ বলাৰৰ ব্যৰ্থতা আৰু অষ্ট্ৰেলিয়াৰ বেটছমেনৰ আক্ৰমণাত্মক প্ৰদৰ্শনৰ বাবে জো ৰুট বাহিনীয়ে পৰাজয় স্বীকাৰ কৰিবলগীয়া হয়।

গ্ৰুপ লীগৰ প্ৰথমখন খেলত ব্ৰেডমেনৰ দেশখনে জয় কাঢ়ি নিয়ে। তেওঁলোকৰ এই বিজয়ৰ আঁৰত আছে লাবুশ্বানে (৪৭), এলেক্স কেৰী (৬৯) আৰু জোছ ইংলিছ (১২০)ৰ দুৰ্দমনীয় বেটিং। গ্লেন মেক্সৱেলেও শেষত ভাল সহায় আগবঢ়ায়।

Apply Now

অষ্ট্ৰেলিয়াৰ অ’পেনাৰ মেথিউ শ্বটে (৬৩) আৰম্ভণিতে জয়ৰ পথ প্ৰশস্ত কৰিছিল। অৱশ্যে ট্ৰেভিছ হেড আৰু অধিনায়ক ষ্টিভেন স্মিথে কম ৰাণতে উইকেট হেৰুৱাইছিল। বেয়া সময়ত মেচখনৰ নিয়ন্ত্ৰণ লয় লাবুশ্বানে। তেওঁ ৪৫টা বলত ৪৭ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে।

ইংলিছে নিজৰ প্ৰথমটো এদিনীয়া শতক অৰ্জন কৰি নিজৰ দলটোক চেম্পিয়নছ ট্ৰফীত জয়ৰ দিশে আগুৱাই লৈ যায়। অষ্ট্ৰেলিয়াৰ উইকেটকীপাৰ বেটছমেনগৰাকীয়ে ৮৬টা বলত ১২০ ৰানৰ বিস্ফোৰক ইনিংছ খেলিছিল। আটাইতকৈ ডাঙৰ কথাটো হ’ল দলৰ প্ৰয়োজনৰ সময়ত তেওঁ বেটত ৰান পাইছিল।

অৱশ্যে শেষৰ ফালে কেৰীৰ উইকেট যোৱাত অষ্ট্ৰেলিয়াৰ জয়ক লৈ আশংকাৰ সৃষ্টি হৈছিল। কিন্তু মেক্সৱেলে সেই সকলো আশংকা দূৰ কৰে। ১৫টা বলত ৩২ ৰান সংগ্ৰহ কৰি তেওঁ নিজৰ দেশক জয়ৰ দিশে লৈ যায়।

লাহোৰৰ গাদ্দাফি ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমে বেটিং কৰি ইংলেণ্ডে ৩৫১ ৰান সংগ্ৰহ কৰে। যিটো প্ৰতিযোগিতাৰ ইতিহাসত সৰ্বাধিক ৰান। কেৱল সেয়াই নহয়, ইংলেণ্ডৰ অ’পেনাৰ বেন ডাকেটে চেম্পিয়নছ ট্ৰফীত সৰ্বাধিক ব্যক্তিগত স্ক’ৰৰ অভিলেখ গঢ়ে। তেওঁ ১৬৫ ৰান সংগ্ৰহ কৰে। তেওঁ নিউজিলেণ্ডৰ নাথান এষ্টলেৰ অভিলেখ ভংগ কৰে (১৪৫)।

শনিবাৰে পাকিস্তানৰ মাটিত যেন ৫০ অভাৰৰ ‘এছেছ’ৰ খেল অনুষ্ঠিত হয়। টছত অষ্ট্ৰেলিয়াই জয়লাভ কৰে। অষ্ট্ৰেলিয়াৰ অধিনায়ক ষ্টিভেন স্মিথে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। যদিও তাত লাভ নহ’ল। ষষ্ঠ অভাৰ শেষ হোৱাৰ পূৰ্বে ফিল ছল্ট আৰু জেমী স্মিথৰ উইকেট হেৰুৱাই ইংলেণ্ডে পুনৰ খেলখনলৈ উভতি আহে। ডাকেট আৰু জো ৰুটে খেল চম্ভালিছিল। দুয়োজনে ২৫ অভাৰত একেলগে বেটিং কৰি ১৫৮ ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়ি তুলিছিল। ডাকেটে নিজৰ শতক অতিক্ৰম কৰি ১৬৫ ৰানৰ অভিলেখ সৃষ্টি কৰে। আনহাতে, ৬৮ ৰানেৰে উভতি যায় ৰুট।

ইয়াৰ পিছত ইংলেণ্ডৰ উইকেট নিয়মিতভাৱে পৰিলেও ডাকেটে এটা দিশ ধৰি ৰাখিছিল। শেষত জোফ্ৰা আৰ্চাৰেও তেওঁৰ লগত যোগ দিয়ে। তেওঁ ১০টা বলত ২১ ৰান সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ বলাৰসকলৰ অনিয়ন্ত্ৰিত বলিং দ্বাদশ বেটছমেন হিচাপে পৰিগণিত হয়। ইংলেণ্ডে অতিৰিক্ত ২৩ ৰানৰ সৌজন্যত ৫০ অভাৰত ৮টা উইকেট হেৰুৱাই ৩৫১ ৰান সংগ্ৰহ কৰে।

সেই ৰানকো অষ্ট্ৰেলিয়াই অতিক্ৰম কৰিলে। ৰান চেজত জয়লাভ কৰি চেম্পিয়নছ ট্ৰফীত অভিলেখ গঢ়িবলৈ সক্ষম হয় কেংগেৰু বাহিনী। সকলো মিলি শনিবাৰৰ চেম্পিয়নছ ট্ৰফীত কেইবাটাও অভিলেখ ভংগ হয়।

সংক্ষিপ্ত স্কোৰঃ

ইংলেণ্ড: ৩৫১/৮ (ডাকেট ১৬৫, ৰুট ৬৮, ডাউৰছৱিছ ৬৬/৩)

অষ্ট্ৰেলিয়া: ৩৫৬/৫ (ইংলিছ ১২০, কেৰী ৬৯, লাবুশ্বেন ৪৭, মেক্সৱেল ৩২, আৰ্চাৰ ৭৫/২)

অষ্ট্ৰেলিয়াই ৫ উইকেটত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

August 29, 2026 4:01 pm
মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

August 29, 2026 1:48 pm
নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

August 29, 2026 12:44 pm
ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

August 29, 2026 11:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

August 29, 2026 4:01 pm
মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

August 29, 2026 1:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd