আয়ুস্মানৰ ‘ড্ৰিম গাৰ্ল’ৰ পৰা অনুপ্ৰাণিত হৈ বাচি লৈছিল মহিলাৰ মাত উলিয়াই টকা ঘটাৰ পথ, অৱশেষত আৰক্ষীৰ জালত এইজন যুৱক

বৃহস্পতি বাৰে ভূপাল আৰক্ষীয়ে অনলাইন জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে এজন যুৱকক। যুৱকজনৰ বিৰুদ্ধে উত্থাপন হৈছে এক ভয়ানক অভিযোগ।

জানিব পৰা মতে যুৱকজনে ভুৱা পৰিচয়েৰে মহিলাৰ কন্ঠ উলিয়াই বিভিন্ন পুৰুষৰ লগত টেলিফোনত কথা পাতি বন্ধুত্ব তথা প্ৰেমৰ জাল ৰচনা কৰে।
এনেদৰে শেহতীয়াকৈ এজন ব্যক্তিৰ পৰা ৮০ হাজাৰ টকা সৰকাই নিয়ে প্ৰৱঞ্চক গৰাকীয়ে।

কোহ-ই-ফিজা আৰক্ষী থানাৰ টি আই ব্রিজেন্দ্ৰ মাৰ্স্কোলে জনোৱা মতে, লালঘাটী নিবাসী অমন নামদেৱ নামৰ এজন ব্যক্তিৰ অভিযোগত পিছত এই অপৰাধৰ কথা পোহৰলৈ আহে। নামদেৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শিৱনী ৰঘুৱংশী নামৰ এগৰাকী যুৱতীৰ লগত বন্ধুত্ব কৰে। কিছুদিন কথা পতাৰ পিছত ৰঘুৱংশীয়ে তাক তাইক বিয়া কৰাবলৈ হেঁচা প্ৰয়োগ কৰে। নামদেৱে বিয়াৰ প্ৰস্তাৱ নাকচ কৰাত ৰঘুৱংশীয়ে আত্মহত্যাৰ ভাবুকি দি অনলাইন পেমেণ্ট এপ্লিকেচনৰ জৰিয়তে ধন দাবী কৰে। ভাবুকিলৈ ভয় কৰি নামদেৱে প্ৰথমে তাইক ১০ হাজাৰ টকা দিছিল।

ইয়াৰ কিছুদিন পিছত নামদেৱলৈ ফোন আহে আশু মেহৰা নামৰ এজন ব্যক্তিৰ পৰা। যিয়ে নিজকে শিৱানী ৰঘুৱংশীৰ ভাতৃ বুলি দাবী কৰে। মেহৰাই নামদেৱক কয় যে ৰঘুৱংশীয়ে আত্মহত্যাৰ চেষ্টা কৰিছিল। অস্ত্ৰোপচাৰৰ বাবে শিৱানীক ৭০ হাজাৰ টকাৰ প্ৰয়োজন। ভয় খাই নামদেৱে টকা খিনি দি দিয়ে। কিন্তু পিছত প্ৰতাৰণা কৰা বুলি গম পোৱাৰ পিছত নামদেৱে আৰক্ষীক খবৰ দিয়ে।

শিৱনী ৰঘুৱংশী নামেৰে অনলাইন পৰিচয় সৃষ্টি কৰি দ্ৰুত ধন ঘটাৰ কথা স্বীকাৰ কৰা কৰিছে যুৱকজনে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীৰ আগত দিয়া ভাষ্য অনুসৰি ‘ড্ৰিম গাৰ্ল’ চিনেমাখনৰ পৰা অনুপ্ৰাণিত হৈ প্ৰৱঞ্চক যুৱকজনে এগৰাকী মহিলাৰ কণ্ঠ ব্যৱহাৰ কৰি কেইবাজনো পুৰুষক প্ৰতাৰণা কৰা বুলি স্বীকাৰ কৰে।