NORTHEAST NOW (Assamese)

কৃষ্ণাইত ছাত্ৰ-ছাত্ৰীৰ মাজত পথ সুৰক্ষা সম্পৰ্কীয় সজাগতা সভা

May 15, 2019 7:35 am · নীলমণি শৰ্মা
ফটো : নৰ্থ-ইষ্ট নাও

গোৱালপাৰা জিলাৰ কৃষ্ণাইত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে পথ সুৰক্ষা সম্পৰ্কীয় বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়।

ওৱেচিছ ট্ৰাষ্টৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাই পথ বিভাগৰ যুটীয়া সহযোগত কৃষ্ণাই পাব্লিক স্কুলত অনুষ্ঠিত অনুষ্ঠানত অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত ৰচনা, চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

এই প্ৰতিযোগিতাত অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। আবেলি এখন বঁটা  বিতৰণী সভাও অনুষ্ঠিত হয়। সভাত বিজয়ী প্ৰতিযোগি ছাত্ৰ-ছাত্ৰী সকলক বঁটা প্ৰদান কৰা হয়।

ওৱেচিছ ট্ৰাষ্টৰ সভাপতি আলহাজ কোৰবান আলী আকন্দৰ সভাপতিত্বত অনুষ্ঠিত সভাত কৃষ্ণাই পাব্লিক স্কুলৰ অধ্যক্ষ অপেশ চক্ৰৱৰ্ত্তী, কৃষ্ণাই হাব্ৰাঘাট হাইস্কুলৰ শিক্ষক বিজয় ৰাভা, কৃষ্ণাই মন্টেশ্বৰী হাইস্কুলৰ শিক্ষক গীতাৰ্থ শৰ্মাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্হিত থাকে।

Related News