ইন্টেলিজেন্স ব্যুৰোৰ মুৰব্বী তপন কুমাৰ ডেকাৰ কাৰ্যকাল এবছৰলৈ বৃদ্ধি

ইনটেলিজেন্স ব্যুৰোৰ সঞ্চালক তপন কুমাৰ ডেকা। ফাইল ফটোঃ সংগ্ৰহীত।

সোমবাৰে কেন্দ্ৰীয় চৰকাৰে চোৰাংচোৱা সংস্থা (ইনটেলিজেন্স ব্যুৰো)ৰ সঞ্চালক তপন কুমাৰ ডেকাৰ কাৰ্যকাল এবছৰ বৃদ্ধি কৰে। কেবিনেটৰ নিযুক্তি সমিতিয়ে ২০২৫ চনৰ ৩০ জুনলৈকে বা পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে বৃদ্ধিৰ বাবে অনুমোদন জনায়।

১৯৮৮ বৰ্ষৰ হিমাচল প্ৰদেশ কেডাৰৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া ডেকা সন্ত্ৰাসবাদ বিৰোধী ক্ষেত্ৰত বিশেষজ্ঞতাৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদানৰ বাবে বিখ্যাত। তেওঁৰ এই সম্প্ৰসাৰণ ৰাষ্ট্ৰই সন্মুখীন হোৱা বিভিন্ন নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি হিচাপে দিয়া হৈছে।

সমগ্ৰ কেৰিয়াৰত ডেকাৰ উত্তৰ-পূবৰ বিদ্ৰোহ মোকাবিলা কৰাত আৰু ভাৰতীয় মুজাহিদীনৰ দৰে সন্ত্ৰাসবাদী সংগঠনক নিয়ন্ত্ৰণত যথেষ্ট অৰিহনা আছে। চোৰাংচোৱা ব্যুৰোৰ যুটীয়া সঞ্চালক (অপাৰেচন) হিচাপে কাৰ্যনিৰ্বাহ কৰি যোৱা দুটা দশক ধৰি ভাৰতত ইছলামিক উগ্ৰবাদ প্ৰতিহত কৰাৰ ক্ষেত্ৰত আগৰণুৱা হৈ আহিছে।

ডেকাৰ নেতৃত্বত আই বিয়ে নক্সাল উগ্ৰবাদ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে, য’ত মাওবাদী কাৰ্যকলাপ এতিয়া বহুলাংশে ছত্তীশগড়ৰ বষ্টাৰ জিলাতে সীমাবদ্ধ হৈ আছে। তেওঁৰ কাৰ্যকালত মুম্বাই ২৬/১১ৰ আক্ৰমণৰ তদন্তকে ধৰি পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদৰ বিৰুদ্ধেও তীব্ৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে য’ত অপৰাধীক ন্যায় ব্যৱস্থাৰ মাজলৈ অনা হৈছিল।