• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগা বিদ্ৰোহী সংগঠনক লৈ অস্বস্তিত পৰা কেন্দ্ৰই এইবাৰ দায়িত্ব দিলে আই বিৰ সঞ্চালকক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 18, 2020 11:21 am

1 min read

WhatsApp Image 2020-08-18 at 10.56.28 AM

প্ৰধান মন্ত্ৰী মোদীৰ সৈতে এনএছচিএন(আইএম)ৰ নেতা থুইংগালাং মুইভা। ফটো: প্ৰধান মন্ত্ৰীৰ টুইটাৰৰ সৌজন্যত

244
VIEWS
Share on FacebookShare on Twitter

ক্ৰমে আয়ত্বৰ বাহিৰলৈ যাব খোজা নাগালেণ্ডৰ বিদ্ৰোহী সংগঠনৰ ওপৰত নিয়ন্ত্ৰণৰ বাবে এইবাৰ আগবাঢ়ি আহিছে স্বয়ং প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়।

বাতৰি অনুসৰি, নগাসকলৰ সৈতে আলোচনাৰ বাবে এইবাৰ কেন্দ্ৰই দায়িত্ব দিছে ইন্টেলিজেন্স ব্যুৰোৰ ডাইৰেক্টৰ অৰবিন্দ কুমাৰক।

আনহাতে দীৰ্ঘদিন ধৰি মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰা আৰ এন ৰবিক এই দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে।

বিগত প্ৰায় ছয় বছৰ ধৰি একাধিক বিচ্ছিন্নতাবাদী নগা সংগঠনৰ সৈতে আৰ এন ৰবিয়ে আলোচনা চলাই আহিছিল যদিও কোনো সুফল দেখা নগ’ল।

আনহাতে, ইয়াৰ মাজতে স্বাধীনতা দিৱসৰ এদিন পূৰ্বে নগা সংগঠন এনএছচিএন(আইএম)ৰ নেতা থুইংগালাং মুইভাই দাবী কৰে যে ভাৰত চৰকাৰে ৫বছৰ পূৰ্বে নাগালেণ্ডৰ সাৰ্বভৌমত্বক স্বীকৃতি দিছে।

তেওঁ লগতে কৈছিল যে নগাসকলে ভাৰতৰ সৈতে সহাৱস্থান কৰিব কিন্তু কেতিয়াও ভাৰতৰ সৈতে মিলি নাযায়।

সেয়াই নহয়, ২০১৫চনত ভাৰত চৰকাৰ আৰু নগা বিদ্ৰোহী সংগঠন এনএছচিএন(আইএম)ৰ মাজত যি গোপন চুক্তি হৈছিল সেই চুক্তিপত্ৰও মুইভাই সদৰী কৰে।

এই বিষয়টোৱে স্বাভাৱিকতে কেন্দ্ৰক অস্বস্তিত পেলাইছে আৰু ইয়াকে লৈ প্ৰধান মন্ত্ৰী মোদী নিজেই উদ্বিগ্ন।

এনে পৰিস্থিতিত আৰ এন ৰবিৰ স্থানত আই বিৰ ডাইৰেক্টৰ অৰবিন্দ কুমাৰক নগা বিদ্ৰোহী সংগঠনসমূহৰ সৈতে আলোচনাৰ দায়িত্ব অৰ্পন কৰা হৈছে।

Recent News

Shraddha Kapoor

বলীউদৰ মোহময়ী অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ বিয়া! দৰা হ’ব কোন?

a congress

বিজেপিতকৈয়ো চৰা বিৰোধী! গেৰুৱা বাহিনীৰ মিছন ১০০+ৰ পিছত কংগ্ৰেছেও ঘোষণা কৰিলে মিছন ১০১+

Social Media অধিক শক্তিশালী কৰি বিজেপিৰ IT চেলৰ বিৰুদ্ধে যুঁজিব প্ৰদেশ কংগ্ৰেছে

Social Media অধিক শক্তিশালী কৰি বিজেপিৰ IT চেলৰ বিৰুদ্ধে যুঁজিব প্ৰদেশ কংগ্ৰেছে

Gautam-Gambhir-Facts-in-Hin

এতিয়া স্পষ্ট হৈছে কেজৰিৱালে দিল্লী জ্বলাটো বিচাৰে : গৌতম গম্ভীৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd