• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, November 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী বিশ্ববিদ্যালয়ত আন্তঃমহাবিদ্যালয় ভলীবল, বাস্কেটবল, বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:54 am
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্পৰ্টছ বৰ্ড আৰু স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উদ্যোগত ক্রীড়াৰ জৰিয়তে শাৰীৰিক সক্ষমতা, মানসিক দৃঢ়তা, ঐক্য আৰু দলীয় মনোভাৱ বিকাশ কৰাৰ লক্ষ্যৰে ২৪ এপ্ৰিল, ২০২৬ তাৰিখৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আন্তঃমহাবিদ্যালয় ভলীবল, বাস্কেটবল আৰু বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ হয়।

বিশ্ববিদ্যালয় পতাকা উত্তোলন তথা খেল উদ্বোধন কৰি পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই উৎসাহমূলক শুভেচ্ছা বাৰ্তা প্ৰদান কৰি উল্লেখ কৰে যে, “ক্ৰীড়া কেৱল প্ৰতিযোগিতাৰ মাজতে সীমাবদ্ধ নহয়, ই হৈছে জীৱনৰ এক গুৰুত্বপূর্ণ শিক্ষা। দলীয় খেলৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে শৃংখলা, পাৰস্পৰিক সহযোগিতা আৰু নেতৃত্বৰ গুণ আহৰণ কৰে। এইধৰণৰ প্ৰতিযোগিতাই তেওঁলোকক শাৰীৰিকভাৱে সবল কৰাৰ লগতে মানসিকভাৱে অধিক দৃঢ় কৰি তোলে আৰু ভৱিষ্যতৰ বাবে সজাগ নাগৰিক হিচাপে গঢ়ি তোলাত সহায় কৰে। আশা কৰিছোঁ, উক্ত পদক্ষেপে ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণ সাধন কৰিব।”

Apply Now

উল্লেখযোগ্য যে পুৰুষ আৰু মহিলাৰ দুটা শাখাত অনুষ্ঠিত উক্ত প্ৰতিযোগিতাসমূহত অসমৰ বিভিন্ন প্ৰান্তৰ অৰ্ধশতাধিক মহাবিদ্যালয়ৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

স্পৰ্টছ বৰ্ডৰ পতাকা উত্তোলন কৰি ছাত্ৰ কল্যাণ সঞ্চালক ড⁰ ৰঞ্জন কুমাৰ কাকতিয়ে প্ৰতিযোগিতা সম্পৰ্কে নিজৰ মত উল্লেখ কৰি কয় যে, “এইধৰণৰ আন্তঃমহাবিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতাই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সুস্থ প্ৰতিযোগিতামূলক মনোভাৱ গঢ়ি তোলাৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ মাজত পাৰস্পৰিক সম্পৰ্ক অধিক সুদৃঢ় কৰে। ইয়াৰ জৰিয়তে নতুন প্ৰতিভাই স্থান পোৱাৰ লগতে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ আগন্তুক দিনত দক্ষ খেলুৱৈ গঢ়ি তোলাতো সহায়ক হয়।”

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি গুঞ্জন ডেকাই ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰা উক্ত উদ্বোধনী অনুষ্ঠানত অধ্যাপক, স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়া, বিশিষ্ট ব্যক্তিসকল আৰু শিক্ষাৰ্থী উপস্থিত থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পঞ্জাবৰ নিৰ্বাচনৰ পূৰ্বে নতুন ৰাজনৈতিক সমীকৰণৰ ইংগিত! ছোনিয়া গান্ধীৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত বিজেপি নেতা অমৰিন্দৰ সিং

পঞ্জাবৰ নিৰ্বাচনৰ পূৰ্বে নতুন ৰাজনৈতিক সমীকৰণৰ ইংগিত! ছোনিয়া গান্ধীৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত বিজেপি নেতা অমৰিন্দৰ সিং

November 17, 2026 8:30 pm
উত্তৰ প্ৰদেশৰ ভোটাৰ তালিকাত নাই ১.২৭ কোটি হিন্দু ভোটাৰৰ নাম! এইবাৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিলে যোগী আদিত্যনাথে

উত্তৰ প্ৰদেশৰ ভোটাৰ তালিকাত নাই ১.২৭ কোটি হিন্দু ভোটাৰৰ নাম! এইবাৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিলে যোগী আদিত্যনাথে

November 17, 2026 7:40 pm
বিজেপিক নহয়, আঞ্চলিক দল আৰু জনআন্দোলনকহে দুৰ্বল কৰাত ব্যস্ত কংগ্ৰেছ! ৰাহুল গান্ধীলৈ পত্ৰ অখিল গগৈৰ

বিজেপিক নহয়, আঞ্চলিক দল আৰু জনআন্দোলনকহে দুৰ্বল কৰাত ব্যস্ত কংগ্ৰেছ! ৰাহুল গান্ধীলৈ পত্ৰ অখিল গগৈৰ

November 17, 2026 6:29 pm
কোকৰাঝাৰত পকছোৰ দুটা পৃথক গোচৰত দুজনক আজীৱন কাৰাদণ্ড! পাঁচ বছৰীয়া শিশুৰ পৰা ১৬ ‎বছৰীয়া কিশোৰীলৈ নিৰ্যাতনৰ অভিযোগ

কোকৰাঝাৰত পকছোৰ দুটা পৃথক গোচৰত দুজনক আজীৱন কাৰাদণ্ড! পাঁচ বছৰীয়া শিশুৰ পৰা ১৬ ‎বছৰীয়া কিশোৰীলৈ নিৰ্যাতনৰ অভিযোগ

November 17, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পঞ্জাবৰ নিৰ্বাচনৰ পূৰ্বে নতুন ৰাজনৈতিক সমীকৰণৰ ইংগিত! ছোনিয়া গান্ধীৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত বিজেপি নেতা অমৰিন্দৰ সিং

পঞ্জাবৰ নিৰ্বাচনৰ পূৰ্বে নতুন ৰাজনৈতিক সমীকৰণৰ ইংগিত! ছোনিয়া গান্ধীৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত বিজেপি নেতা অমৰিন্দৰ সিং

November 17, 2026 8:30 pm
উত্তৰ প্ৰদেশৰ ভোটাৰ তালিকাত নাই ১.২৭ কোটি হিন্দু ভোটাৰৰ নাম! এইবাৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিলে যোগী আদিত্যনাথে

উত্তৰ প্ৰদেশৰ ভোটাৰ তালিকাত নাই ১.২৭ কোটি হিন্দু ভোটাৰৰ নাম! এইবাৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিলে যোগী আদিত্যনাথে

November 17, 2026 7:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd