ধুবুৰীৰ নিলম্বিত উপ আৰক্ষী অধীক্ষক ভাস্কৰ ওজাৰ অগ্ৰিম জামিন মঞ্জুৰ

201807211345407749_Dhubris-DSP-Bhaskar-Ojha-suspended_SECVPF

ধুবুৰীৰ নিলম্বিত উপ আৰক্ষী অধীক্ষক ভাস্কৰ ওজাৰ অগ্ৰিম জামিন মঞ্জুৰ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। শুকুৰবাৰে ন্যায়ালয়ে ওজাক অহা ২৫ ছেপ্টেম্বৰলৈকে অগ্ৰিম জামিন প্ৰদান কৰিছে।

উল্লেখযোগ্য যে গোচৰ নিষ্পত্তিৰ বাবে ৩০ লাখ টকা দাবী কৰি নিলম্বিত হোৱা তথা বৰ্তমান পলাতক অৱস্থাত থকা ধুবুৰী জিলাৰ উপ-আৰক্ষী অধীক্ষক ভাস্কৰ ওজাক বিচাৰি আৰক্ষীয়ে অভিযান চলাই অহাৰ মাজতে বিষয়াগৰাকীয়ে অগ্ৰিম জামিন বিচাৰি অধিবক্তাৰ জৰিয়তে আদালতৰ কাষ চাপিছিল।

চাকৰিৰ পৰা নিলম্বিত হোৱাৰ পিছৰে পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ বিচাৰি ফুৰা ভাস্কৰ ওজাই আত্মগোপন কৰি আছে।

উল্লেখ্য যে এটা গোচৰত অভিযুক্তৰ অনুকূলে কেছ ডায়েৰি প্ৰস্তুত কৰা, তদন্তত অভিযুক্তক ৰেহাই দিয়াৰ নামত অভিযুক্ত পক্ষৰ পৰা ৩০ লাখ টকা দাবী কৰিছিল ডি এছ পি ভাস্কৰ ওজাই। ইয়াৰ কল ৰেকৰ্ডিং ফাদিল হৈ পৰাৰ লগতে আৰক্ষীৰ হাততো পৰিছিল।

পিছত আৰক্ষীয়ে এই কেলেংকাৰিটো গাপ দিয়াৰ চেষ্টা কৰিছিল যদিও কৃষক মুক্তিকে ধৰি বিভিন্ন পক্ষৰ হেঁচাত ডি এছ পি ভাস্কৰ ওজাৰ বিৰুদ্ধে ধুবুৰী থানাত ১০৪৩/১৮ নম্বৰৰ গোচৰ ৰুজু কৰা হৈছিল।

আনহাতে, পূৰ্বতে আদালতত আগতীয়া জামিন বিচাৰি বিমুখ হৈছিল অভিযুক্ত আৰক্ষী বিষয়াজন। অভিযুক্ত এ পি এছ বিষয়াজনৰ বিৰুদ্ধে ধুবুৰী থানাত ৰুজু হোৱা ১০৪৩/২০১৮ (দুৰ্নীতি প্ৰতিৰোধ আইনৰ ৭ নং ধাৰাৰ অধীনত) নম্বৰৰ গোচৰৰ কেছ ডায়েৰিত থকা তথ্য আৰু সমলৰ ভিত্তিত আদালতে আগতীয়া জামিন আবেদন নামঞ্জুৰ কৰিছিল।

শুকুৰবাৰে উচ্চ ন্যায়ালয়ে ২৫ ছেপ্টেম্বৰলৈকে অগ্ৰিম জামিন মঞ্জুৰ কৰাৰ পিছত বিষয়াগৰাকীয়ে সাময়িকভাৱে সকাহ লাভ কৰিছে।