• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

বৈৰী বন্ধু : অগপৰ আভ্যন্তৰীণ শীতল যুদ্ধৰ বিস্ফোৰণ সমাগত!

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
May 9, 2019 7:14 pm
AGP_b_10032016-1140x570

অগপৰ নেতৃত্ব। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অগপ দলে গ্ৰহণ কৰা স্থিতি আৰু পৰৱৰ্তী পৰ্যায়ত লোকসভা নিৰ্বাচনত বিজেপিৰ সৈতে পুনৰ মিত্ৰজোঁটত আৱদ্ধ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পাছত দলটোৰ মাজৰে একাংশই দলীয় নেতৃত্বৰ প্ৰতি অসন্তষ্টি প্ৰকাশ কৰিছে আৰু সেয়া ইতিমধ্যে ৰাজহুৱা হৈ পৰিছে।

অগপৰ বৰ্তমান সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ নেতৃত্বত দলৰ শীৰ্ষ নেতৃত্বই বিধেয়ক প্ৰসংগত কৌশলী স্থিতি গ্ৰহণ কৰাৰ লগতে লোকসভাৰ নিৰ্বাচনত বিজেপিৰে পুনৰ মিত্ৰতা কৰি ‘ক্ষমতাৰ কেন্দ্ৰ’ত নিজৰ স্থান অটুট ৰখাৰ পৰিকল্পনা কৰিলে যদিও দলৰ বহু নেতা-কৰ্মী তেওঁলোকৰ এই সিদ্ধান্তত সুখী নহয়।

Apply Now

অগপৰ বৰ্তমান নেতৃত্বই স্বাভাৱিকতে দলটোৰ আঞ্চলিক জাতীয়তাবাদী চৰিত্ৰক বিসৰ্জন দি বিজেপিৰ বি টীম হিচাপে কাম কৰি থকাৰ অভিযোগো তৃণমূল কৰ্মী কিছুমানে উত্থাপন কৰি আহিছে।

অহা ২৩ মে’ত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছতেই দলটোৰ মাজত চলি থকা আভ্যন্তৰীণ মতানৈক্যৰ ৰাজহুৱা বিস্ফোৰণ ঘটাৰ সম্ভাৱনা আছে।

অগপই প্ৰতিদ্বন্দ্বিতা কৰা লোকসভাৰ তিনিখন আসনৰ এখনতো যদি জয়লাভ কৰিবলৈ সক্ষম নহয়, তেনেহ’লে দলটোৰ নেতৃত্বৰ সিদ্ধান্তৰ বিৰোধী গোটটোৱে মুকলিকৈ বিদ্ৰোহ কৰাটো নিশ্চিত বুলি ক’ব পাৰি।

ইতিমধ্যে,ৰাজ্যসভাৰ খালী হ’বলগীয়া আসন দুখনকলৈও অগপৰ নেতৃত্বই চৰ্চা আৰম্ভ কৰিছে যদিও লোকসভা নিৰ্বাচনৰ ফলাফলকেন্দ্ৰিক পৰিস্থিতিত বিজেপিয়ে অগপক এখন আসন এৰি দিয়াৰ নিশ্চয়তা দিয়া কঠিন।

‘জেন্টেলমেন এগ্ৰিমেন্ট’ৰ কথা উনুকিয়াই দি অগপৰ নেতাই ৰাজ্যসভাৰ এখন আসন বিচাৰিলেও সেয়া বিজেপিয়ে দয়াৰ বশৱৰ্তী হৈ এৰি দিব বুলি ভবাৰ কোনো যুক্তি নাই। এই একেই দাবী বিপিএফেও কৰিব পাৰে।

অগপৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি ইতিমধ্যে বহুকেইবাৰ ৰাজহুৱা মন্তব্যও কৰিছে। তেওঁৰ অনুগামী আন একাংশ নেতায়ো মাজে মাজে নেতৃত্বৰ বিৰুদ্ধে সৰৱ হৈছে। ইয়াৰ বিপৰীতে দলৰ সভাপতি অতুল বৰাকে ধৰি দলৰ মিত্ৰজোঁট চৰকাৰৰ তিনিগৰাকী মন্ত্ৰী তথা তেওঁলোকৰ অনুগামীসকলে ‘ক্ষমতা আৰু শক্তি’ৰ প্ৰদৰ্শনৰ বাবে সাজু হৈ পৰিছে।

অহা ১৩ মে’ত  অনুষ্ঠিত হ’বলগীয়া অগপৰ বিধায়িনী দলৰ বৈঠকত ৰাজ্যসভা নিৰ্বাচনকলৈ আলোচনা কৰা হ’ব। দলটোৰ সকলো বিধায়ক উপস্থিত থাকিবলগীয়া উক্ত বৈঠকত কিছু উত্তপ্ত যুক্তি-তৰ্কৰ উদ্ভৱ হোৱাৰো সম্ভৱ আছে। ইপিনে ৰাজ্যসভাৰ আসনক লৈ অগপ আৰু বিজেপিৰ সভাপতি দুগৰাকীৰ মাজত বিপৰীত মন্তব্য ৰাজহুৱাভাৱে প্ৰকাশ পাইছে।

অগপত বৰ্তমান সমান্তৰালভাৱে চলি থকা দুটা বিৰোধী শিৱিৰৰ মাজৰ শীতল যুদ্ধখন ২৩ মে’ৰ পাছত তীব্ৰ ৰূপত সন্মুখলৈ ওলাই অহাৰ যথেষ্ট সম্ভাৱনা আছে। দলৰ ভিতৰতে এটা আদৰ্শৰ সহযাত্ৰী বন্ধুসকলৰ মাজত সৃষ্টি হোৱা বৈৰী সম্পৰ্কই অদূৰ ভৱিষ্যতে আঞ্চলিক জাতীয়তাবাদী দলটোক যে ক্ষতি কৰিব তাত কোনো সন্দেহ নাই।

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd