DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home অভিমত

বৈৰী বন্ধু : অগপৰ আভ্যন্তৰীণ শীতল যুদ্ধৰ বিস্ফোৰণ সমাগত!

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
May 9, 2019 7:14 pm
AGP_b_10032016-1140x570

অগপৰ নেতৃত্ব। ফাইল ফটো

675
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অগপ দলে গ্ৰহণ কৰা স্থিতি আৰু পৰৱৰ্তী পৰ্যায়ত লোকসভা নিৰ্বাচনত বিজেপিৰ সৈতে পুনৰ মিত্ৰজোঁটত আৱদ্ধ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পাছত দলটোৰ মাজৰে একাংশই দলীয় নেতৃত্বৰ প্ৰতি অসন্তষ্টি প্ৰকাশ কৰিছে আৰু সেয়া ইতিমধ্যে ৰাজহুৱা হৈ পৰিছে।

অগপৰ বৰ্তমান সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ নেতৃত্বত দলৰ শীৰ্ষ নেতৃত্বই বিধেয়ক প্ৰসংগত কৌশলী স্থিতি গ্ৰহণ কৰাৰ লগতে লোকসভাৰ নিৰ্বাচনত বিজেপিৰে পুনৰ মিত্ৰতা কৰি ‘ক্ষমতাৰ কেন্দ্ৰ’ত নিজৰ স্থান অটুট ৰখাৰ পৰিকল্পনা কৰিলে যদিও দলৰ বহু নেতা-কৰ্মী তেওঁলোকৰ এই সিদ্ধান্তত সুখী নহয়।

অগপৰ বৰ্তমান নেতৃত্বই স্বাভাৱিকতে দলটোৰ আঞ্চলিক জাতীয়তাবাদী চৰিত্ৰক বিসৰ্জন দি বিজেপিৰ বি টীম হিচাপে কাম কৰি থকাৰ অভিযোগো তৃণমূল কৰ্মী কিছুমানে উত্থাপন কৰি আহিছে।

অহা ২৩ মে’ত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছতেই দলটোৰ মাজত চলি থকা আভ্যন্তৰীণ মতানৈক্যৰ ৰাজহুৱা বিস্ফোৰণ ঘটাৰ সম্ভাৱনা আছে।

অগপই প্ৰতিদ্বন্দ্বিতা কৰা লোকসভাৰ তিনিখন আসনৰ এখনতো যদি জয়লাভ কৰিবলৈ সক্ষম নহয়, তেনেহ’লে দলটোৰ নেতৃত্বৰ সিদ্ধান্তৰ বিৰোধী গোটটোৱে মুকলিকৈ বিদ্ৰোহ কৰাটো নিশ্চিত বুলি ক’ব পাৰি।

ইতিমধ্যে,ৰাজ্যসভাৰ খালী হ’বলগীয়া আসন দুখনকলৈও অগপৰ নেতৃত্বই চৰ্চা আৰম্ভ কৰিছে যদিও লোকসভা নিৰ্বাচনৰ ফলাফলকেন্দ্ৰিক পৰিস্থিতিত বিজেপিয়ে অগপক এখন আসন এৰি দিয়াৰ নিশ্চয়তা দিয়া কঠিন।

‘জেন্টেলমেন এগ্ৰিমেন্ট’ৰ কথা উনুকিয়াই দি অগপৰ নেতাই ৰাজ্যসভাৰ এখন আসন বিচাৰিলেও সেয়া বিজেপিয়ে দয়াৰ বশৱৰ্তী হৈ এৰি দিব বুলি ভবাৰ কোনো যুক্তি নাই। এই একেই দাবী বিপিএফেও কৰিব পাৰে।

অগপৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি ইতিমধ্যে বহুকেইবাৰ ৰাজহুৱা মন্তব্যও কৰিছে। তেওঁৰ অনুগামী আন একাংশ নেতায়ো মাজে মাজে নেতৃত্বৰ বিৰুদ্ধে সৰৱ হৈছে। ইয়াৰ বিপৰীতে দলৰ সভাপতি অতুল বৰাকে ধৰি দলৰ মিত্ৰজোঁট চৰকাৰৰ তিনিগৰাকী মন্ত্ৰী তথা তেওঁলোকৰ অনুগামীসকলে ‘ক্ষমতা আৰু শক্তি’ৰ প্ৰদৰ্শনৰ বাবে সাজু হৈ পৰিছে।

অহা ১৩ মে’ত  অনুষ্ঠিত হ’বলগীয়া অগপৰ বিধায়িনী দলৰ বৈঠকত ৰাজ্যসভা নিৰ্বাচনকলৈ আলোচনা কৰা হ’ব। দলটোৰ সকলো বিধায়ক উপস্থিত থাকিবলগীয়া উক্ত বৈঠকত কিছু উত্তপ্ত যুক্তি-তৰ্কৰ উদ্ভৱ হোৱাৰো সম্ভৱ আছে। ইপিনে ৰাজ্যসভাৰ আসনক লৈ অগপ আৰু বিজেপিৰ সভাপতি দুগৰাকীৰ মাজত বিপৰীত মন্তব্য ৰাজহুৱাভাৱে প্ৰকাশ পাইছে।

অগপত বৰ্তমান সমান্তৰালভাৱে চলি থকা দুটা বিৰোধী শিৱিৰৰ মাজৰ শীতল যুদ্ধখন ২৩ মে’ৰ পাছত তীব্ৰ ৰূপত সন্মুখলৈ ওলাই অহাৰ যথেষ্ট সম্ভাৱনা আছে। দলৰ ভিতৰতে এটা আদৰ্শৰ সহযাত্ৰী বন্ধুসকলৰ মাজত সৃষ্টি হোৱা বৈৰী সম্পৰ্কই অদূৰ ভৱিষ্যতে আঞ্চলিক জাতীয়তাবাদী দলটোক যে ক্ষতি কৰিব তাত কোনো সন্দেহ নাই।

Recent News

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd