পূৰ্বৰ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু বৰ্তমানৰ নাগৰিকত্ব আইনৰ বিৰোধিতাৰে অসমত চলি থকা তীব্ৰ আন্দোলনৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে অসমত ১১ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈ মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ পাছত আজি পুনৰ প্ৰশাসনে ১৬ ডিচেম্বৰলৈ মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
ডিজিটেল ইণ্ডিয়াৰ কথা কোৱা বিজেপি চৰকাৰে জম্মু-কাশ্মীৰত অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পাছত দীৰ্ঘ সময়ৰ পৰা ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰখাৰ অনুৰূপ ধৰণে অসমতো নাগৰিকত্ব আইন বিৰোধী আন্দোলনক দমন কৰাৰ উদ্দেশে ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰাখিছে যাতে অসমৰ প্ৰতিবাদী কণ্ঠ বাহিৰলৈ যাব নোৱাৰে।
অসম চৰকাৰে ইণ্টাৰনেটৰ মাধ্যমেৰে ভূৱা বাতৰি প্ৰকাশ পাই আহিছে বুলি বুজাব চেষ্টা কৰিছে যদিও দৰাচলতে অসমীয়া জনসাধাৰণৰ প্ৰতিবাদী কণ্ঠক দমন কৰাৰহে চেষ্টা কৰিছে।
অসমত নিৰাপত্তাৰক্ষীৰ বৰ্বৰ আক্ৰমণত চাৰিগৰাকী অসমীয়া ডেকাই প্ৰাণ হেৰুৱাব লগীয়া হৈছে নাগৰিকত্ব আইন বিৰোধী আন্দোলনত।