WORLD CHESS অসমৰ আৰ্বিটাৰলৈ বিশ্ব দবা মহাসংঘৰ স্বীকৃতি

অসমৰ তিনিজন আৰ্বিটাৰ গুৱাহাটীৰ অৰুণ সিং, প্ৰণৱ কুমাৰ নাথ আৰু শিলচৰৰ ড: চাৰ্ৱাকলৈ বিশ্ব দবা মহাসংঘই আন্ত:ৰাষ্ট্ৰীয় আৰ্বিটাৰ আৰু ফিডেক আৰ্বিটাৰৰ স্বীকৃতি প্ৰদান কৰিছে।

২০২২ চনৰ ২৮ এপ্ৰিলত, আবুধাবিত অনুষ্ঠিত প্ৰথম ফিডে কাউঞ্চিল মিটিঙত অৰুণ সিঙৰ আন্তঃৰাষ্ট্ৰীয় আৰ্বিটাৰ খিতাপ আৰু প্ৰণৱ কুমাৰ নাথ আৰু ড: চাৰ্ৱাকৰ ফিডে আৰ্বিটাৰৰ খিতাপ অনুমোদন কৰে।

বিশ্ব দবা মহাসংঘই ৮জুন, ২০২২ৰ পৰা কাৰ্য্যকৰী হোৱাকৈ অৰুণ সিঙক আন্তঃৰাষ্ট্ৰীয় আৰ্বিটাৰ, প্ৰণৱ কুমাৰ নাথ আৰু ড: চাৰ্ৱাকক ফিডে আৰ্বিটাৰৰ খিতাপ প্ৰদান কৰে।

সদৌ অসম দবা সন্থাৰ লগতে গুৱাহাটী দবা সন্থাই এই কৃতিত্বৰ বাবে তিনিও জন আৰ্বিটাৰলৈ অভিনন্দন জনাইছে।