কলিয়াবৰত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উদযাপন

আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰতো পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস। কলিয়াবৰৰ জখলাবন্ধা আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিপু কলিতাৰ নেতৃত্বত জখলাবন্ধা আৰক্ষী, কলিয়াবৰ বিজেপি যুৱ মৰ্চাৰ কৰ্মকৰ্তা আৰু স্থানীয় সচেতন ৰাইজৰ সহযোগত ড্রাগছ সেৱন প্ৰতিৰোধ কৰা আৰু অবৈধ সৰবৰাহ বন্ধ কৰা, মাদক দ্ৰব্য বৰ্জন আদি বিষয়ৰ ওপৰত জখলাবন্ধা আৰক্ষী চকীৰ পৰা জখলাবন্ধা টাউনলৈ এক সজাগতা ৰেলী বাহিৰ কৰা হয়।

ৰেলীত অংশগ্ৰহণ কৰা লোক সকলে, ‘ড্রাগছ সেৱন বন্ধ কৰক, ধূমপান বন্ধ কৰক, মাদক দ্ৰৱ্য সেৱন বন্ধ কৰক’ আদি প্লেকাৰ্ড হাতে হাতে লৈ ৰাইজলৈ বাৰ্তা প্ৰেৰণ কৰাৰ লগতে নিচাজাতীয় দ্ৰব্য, মাদক দ্ৰব্যৰ নিবাৰণৰ প্ৰতি ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰে।

আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱসত কলিয়াবৰৰ বাণিজ্য কেন্দ্ৰ জখলাবন্ধাত এই সজাগতা অনুষ্ঠানে ৰাইজক জথেষ্ট সজাগতা প্ৰদান কৰিছে বুলি সচেতন মহলে মত পোষণ কৰে।

আনহাতে এই আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ প্ৰতিৰোধ মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে সজাগতাৰ বাবে বিশ্ব মাদক দ্ৰৱ্য বিৰোধী দিৱস আজি বুধবাৰে জখলাবন্ধাত আৰক্ষী নিৱেশৰ উদ‍্যোগতো আয়োজন কৰা হয়।

এই উপলক্ষে অনুষ্ঠিত হোৱা সজাগতা সভাত আৰক্ষী বিষয়া নিপু কলিতাই ভৱিষ‍্যৎ প্ৰজন্মৰ নিৰাপত্তাৰ বাবে মাদক দ্ৰব‍্যৰ বিৰুদ্ধে মাৰ বান্ধি ঠিয় দিবলৈ সকলোকে আহ্বান জনাই। লগতে মাদক দ্ৰব‍্যৰ গ্ৰাসত পৰা ব‍্যক্তিলৈ প্ৰয়োজনীয় পৰিৱেশ আৰু চিকিৎসা ব‍্যৱস্থাত সকলোৰে অংশগ্ৰহণ আৰু সক্ৰিয়তাৰ ওপৰতহে গুৰুত্ব আৰোপ কৰে বুলি মত প্ৰকাশ কৰে।