নাৰী দিৱস: প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিসকল মহিলাক এৰি দিলে নিজৰ চ’চিয়েল মিডিয়া একাউণ্ট

This Sunday, thinking of giving up my social media accounts: PM Modi

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফাইল ছবি।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনাই দেশৰ সাতগৰাকী অনন্যা মহিলাৰ বাবে তেওঁৰ নিজৰ চ’চিয়েল মিডিয়া একাউণ্টসমূহ এৰি দিয়ে।

বিভিন্ন ক্ষেত্ৰত অৰিহণা আগবঢ়াই অহা মহিলাকেইগৰাকীক নিজৰ প্ৰেৰণাদায়ী কাহিনীসমূহ প্ৰধান মন্ত্ৰীৰ নিজা চ’চিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে দেশৰ মানুহক কোৱাৰ সুযোগ প্ৰদান কৰা হয়।

প্ৰধান মন্ত্ৰীগৰাকীৰ এই অগতানুগতিক উদ্যোগে সুযোগ পোৱা মহিলাসকলক বিপুল সংখ্যক লোকৰ সৈতে পৰিচয় কৰাই দিয়ে আৰু চ’চিয়েল মিডিয়াত একৰকম আলোড়ন সৃষ্টি হয়।

কিছুদিন পূৰ্বে প্ৰধান মন্ত্ৰী মোদীয়ে “চ’চিয়েল মিডিয়া একাউণ্টসমূহ এৰি দিয়াৰ কথা ভাবিছো” বুলি সদৰী কৰোতে দেশজুৰি আলোড়নৰ সৃষ্টি হৈছিল।


কিন্তু ভুল ধাৰণা গুচাই যোৱা মঙলবাৰে প্ৰধান মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছিল যে নিজৰ জীৱন আৰু কামেৰে আমাক অনুপ্ৰাণিত কৰা মহিলাক তেওঁৰ একাউণ্ট্সমূহ দিয়াৰ কথাহে কৈছিল।

তেওঁ #SheInspiresUs হেশ্বটেগেৰে মহিলাসকলৰ কাহিনীসমূহ চ’চিয়েল মিডিয়াত প’ষ্ট কৰিবলৈকো আহ্বান জনাইছিল।

প্ৰধান মন্ত্ৰীৰ একাউণ্টৰ জৰিয়তে প্ৰথম নিজৰ কাহিনী শ্বেয়াৰ কৰা মহিলাগৰাকী আছিল চেন্নাইৰ স্নেহা মহাদ’ছ। তেওঁ গৃহহীন লোকসকলক খাদ্য যোগান ধৰে আৰু ফুডবেংক ইণ্ডিয়া নামৰ এটা নন-প্ৰফিট সংস্থা পৰিচালনা কৰে।

স্নেহাৰ পিছতে প্ৰধান মন্ত্ৰীৰ চ’চিয়েল মিডিয়া একাউণ্ট ব্যৱহাৰ কৰে ৰাষ্ট্ৰপতিৰ পুৰষ্কাৰ পোৱা ডঃ মালৱিকা আয়াৰে।

আয়াৰে মাত্ৰ ১৩ বছৰ বয়সতে এক বোমা বিস্ফোৰণত নিজৰ হাত হেৰুৱাইছিল আৰু দুয়ো ভৰিত গুৰুতৰভাৱে আঘাত পাইছিল। কিন্তু পিছত নিজ চেষ্টাৰে পি এইচ ডি ডিগ্ৰী পৰ্য্যন্ত ল’বলৈ সক্ষম হয়।

শ্ৰীনগৰ এগৰাকী উদ্যোগী মহিলা আৰিফা আছিল প্ৰধান মন্ত্ৰীৰ চ’চিয়েল মিডিয়া একাউণ্ট ব্যৱহাৰ কৰা তৃতীয়গৰাকী মহিলা। তেওঁ কাশ্মীৰৰ স্থানীয় মহিলাসকলে তৈয়াৰ কৰা পৰম্পৰাগত হস্তশিল্পসমূহক উলিয়াই আনিছে।

তাৰ পিছতে আহিল হায়দৰাবাদৰ আৰ্কিটেক্ত আৰু TedX স্পীকাৰ কল্পনা ৰমেশ। তেওঁ সুৰক্ষিত ভৱিষ্যতৰ বাবে জল সংৰক্ষণৰ গুৰুত্বৰ ওপৰত কাম কৰি আহিছে।

পঞ্চমগৰাকী মহিলা আছিল মহাৰাষ্ট্ৰৰ বঞ্জাৰা সম্প্ৰদায়ৰ বিজয়া পাৱাৰ। তেওঁ ৰাজ্যখনৰ গাঁৱৰ এহেজাৰতকৈয়ো অধিক মহিলাৰ হস্তশিল্পসমূহ উলিয়াই আনিছে। যোৱা দুই দশক ধৰি তেওঁ এই কাম কৰি আহিছে।

যষ্ঠগৰাকী মহিলা কাণপুৰৰ কলাৱতী। তেওঁ নিজৰ অঞ্চলত চাফ-চিকুণতা ৰক্ষা আৰু মুকলিত মলত্যাগ ৰোধ কৰাৰ বাবে কাম কৰি আহিছে।

প্ৰধান মন্ত্ৰীৰ চ’চিয়েল মিডিয়া একাউণ্ট ব্যৱহাৰ কৰা অন্তিমগৰাকী মহিলা আছিল বীণা দেৱী। তেওঁ নিজৰ ভাল কামৰ জৰিয়তে বিহাৰৰ মুংগেৰ গাঁৱত গাঁৱৰ মুৰব্বীৰূপে পোৱা সন্মানৰ কথা শ্বেয়াৰ কৰিছে।

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ এইবাৰৰ শ্ল’গান আছিল “মই লিংগ সমতা: নাৰীৰ অধিকাৰ উপলব্ধিৰে (I am Generation Equality: Realizing Women’s Rights)”।