DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াক আন্ত:ৰাষ্ট্ৰীয় বিশ্ব সংবিধান সাংসদ বঁটা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 6, 2022 7:36 am
93
VIEWS
Share on FacebookShare on Twitter

যোৱা ৩ডিচেম্বৰৰ বিয়লি মহাৰাষ্ট্ৰৰ সিৰড্ডীৰ সমীপৰ শ্ৰীৰামপুৰত বিশ্ব সংবিধান সাংসদ সংস্থাৰ এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত বিশ্ব সংবিধান সাংসদ সংস্থাৰ গ্লোবেল সভাপতি প্ৰফেছৰ ডঃ গ্লেন টি মাৰ্টিনে অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াক বিশ্ব সংবিধান সাংসদ আন্তৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে।

ডঃ শইকীয়াক মানৱ অধিকাৰ, মানৱতা আৰু শান্তিৰ হকে বিগত দুকুৰি চাৰি বছৰে মানৱ সমাজৰ হকে আগবঢ়াই অহা উৎকৃষ্ট সেৱাৰ বাবে এই বঁটা প্ৰদান কৰে বুলি ডঃ গ্লেন টি মাৰ্টিনে বঁটা প্ৰদান কৰি দিয়া ভাষণত উল্লেখ কৰে।

বঁটাত সংস্থাৰ স্মাৰক, উত্তীৰয়, চাৰ্টিফিকেট আৰু কিতাপৰ টোপোলা প্ৰদান কৰা হয়। আনহাতে, উক্ত আন্ত:ৰাষ্ট্ৰীয় বঁটা গ্ৰহণ কৰি ডঃ দিব্যজ্যোতি শইকীয়াই নিজৰ ভাষণত কয় যে বিশ্বৰ বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাষ্ট্ৰৰ ভাষাক ৰাষ্ট্ৰ সংঘই স্বীকৃতি প্ৰদান কৰিছে যদিও পৃথিৱীৰ ভিন ভিন ৰাষ্ট্ৰত হিন্দী ভাষা প্ৰচলিত হ’লেও হিন্দী ভাষাক ৰাষ্ট্ৰ সংঘই স্বীকৃতি প্ৰদান কৰা নাই। সেয়ে ডঃ মাৰ্টিনে এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা উচিত।

তেওঁ লগতে কয় যে বৰ্তমান সময়ত বিশ্বৰ আন একাংশ ৰাষ্ট্ৰৰ লগতে ভাৰতত বাক স্বাধীনতা খৰ্ব হৈছে। ইফালে আধুনিক সভ্য বিশ্ববাসীৰ বাবে পৰমাণু ক্ষেপনাস্ত্ৰ, বোমা, যুদ্ধ আদি বিষয়ে শোভা নাপায় বুলি মানৱধিকাৰ তথা শান্তি কৰ্মী গৰাকীয়ে উল্লেখ কৰে। ডঃ শইকীয়াৰ বক্তব্যক ডঃ মাৰ্টিনে প্ৰশংসা কৰি যুদ্ধ বিৰোধী বক্তব্য আগবঢ়ায়।

দুকুৰি চাৰি বছৰ ধৰি মানৱ জাতিৰ বাবে বিভিন্ন সেৱাৰ লগতে শেহতীয়াকৈ কোভিড কালত আগবঢ়োৱা উল্লেখযোগ্য সেৱাৰ উপৰি অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত ন্যায়ালয়ক ভেঙুচালি কৰি আৰক্ষীৰ দ্বাৰা ভুৱা সংঘৰ্ষৰ নামত চলোৱা হত্যা লীলাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত গোচৰ ৰুজু কৰাৰ লগতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সোচ্চাৰ হৈ এনে বহু ভুৱা এনকান্টাৰ বন্ধ কৰিবলৈ সক্ষম হোৱাটো ডঃ শইকীয়াৰ উল্লেখযোগ্য দিশ।

উল্লেখ্য যে ডঃ দিব্যজ্যোতি শইকীয়াই ইতিমধ্যে  বাবু জীৱনৰাম ৰাষ্ট্ৰীয় স্মাৰক বঁটা, সন্ত গাৰ্গে বাবা ৰাষ্ট্ৰীয় বঁটা, লেডীফী লিদাৰশ্বিপ ৰাষ্ট্ৰীয় বঁটা, ডঃ আব্দুল কালাম ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক বঁটা এম টি টিভি মেডিয়া বঁটা আদি ৰাষ্ট্ৰীয়  আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

অসমৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত অন্ধবিশ্বাস তথা ডাইনী কাণ্ড বিৰোধী আৰু ড্ৰাগছৰ বিৰুদ্ধে সজাগতা অভিযান চলোৱাৰ উপৰি বহু নির্যাতিতক চিকিৎসা প্ৰদান কৰি অহাৰ লগতে নিৰ্যাতনৰ সন্মুখীন হোৱা অসংখ্য পৰিয়ালক বিভিন্ন ধৰণে সহায় কৰি আহিছে।

Recent News

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড; পিছ পৰিল বিটিএছ-টেইলৰ চুইফ্ট!

কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড; পিছ পৰিল বিটিএছ-টেইলৰ চুইফ্ট!

পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ; নিহত ২৮ জন, ১৫০ জন আহত

পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ; নিহত ২৮ জন, ১৫০ জন আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd