DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
June 21, 2019 9:38 pm
International Yoga day observed in Assam's Sivasagar also

শিৱসাগৰৰ যোগ দিৱসৰ ছবি। নৰ্থ-ইষ্ট নাও।

7.3k
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে আছিল পঞ্চম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। যোগ দিৱস উপলক্ষে সমগ্ৰ দেশ আৰু বিশ্বৰ লগতে শিৱসাগৰতো বিভিন্ন কাৰ্যসূচীৰে যোগ দিৱস পালন কৰা হয়।

শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত তথা ৰাষ্ট্ৰীয় আয়ূস অভিযান, জিলা স্বাস্থ্য সমিতি আৰু আই ৱাই এন এছৰ সহযোগত চাওলুং চ্যুকাফা ইণ্ডোৰ ষ্টেডিয়ামত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰে।

পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হোৱা যোগ দিৱসত অংশগ্ৰহণ কৰে জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণন, জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহা, ৰ্অজুন ভোগেশ্বৰ বৰুৱা, অতিৰিক্ত আৰক্ষী অধীক্ষক বলীন দেউৰী, অ’এনজিচি বিষয়া পোনাৰাম মিলিকে ধৰি জিলা প্ৰশাসনৰ বহু বিষয়াৰ লগতে প্ৰায় তিনি শতাধিক অংশগ্ৰহণৰাকীয়ে।

প্ৰশিক্ষকৰ তত্বাৱধানত তেওঁলোকে ২১টা যেগাসন কৰে। সমূহীয়া যোগাসনৰ অন্তত পুৱা ৮:৩০ বজাৰ পৰা ১০:৩০ বজালৈ যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত হয়।

যোগ দিৱসৰ অন্যতম কাৰ্যসূচী হিচাবে উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত দিনৰ ১১:৩০ বজাত এই বছৰৰ আলোচ্য বিষয় “হৃদয়ৰ বাবে যোগ” (Yoga for Heart)-ৰ ওপৰত এক আলোচনা চক্ৰৰ আয়োজন কৰা হয়। এই আলোচনা চক্ৰৰ আঁত ধৰে জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে। তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ গ্ৰুপ জেনেৰেল মেনেজাৰদ্বয় ক্ৰমে এছ চি ত্ৰিপাঠী আৰু ওম বীৰ সিঙে আলোচনা চক্ৰটিত আমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণ কৰে।

আজিৰ আলোচনা চক্ৰত সমল ব্যক্তিৰূপে যোগদান কৰি স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ৰিপুণ বৰপূজাৰী, হৃদৰোগ বিশেষজ্ঞ মৃণ্ময় বৰুৱা আৰু চিকিৎসা বিষয়া যদুমণি বৰাই সু-স্বাস্থ্য আৰু সুস্থ হৃদয়ৰ বাবে যোগভ্যাসৰ প্ৰয়োজনীয়তাৰ ওপৰত তথ্যসমৃদ্ধ বক্তৃতা আগবঢ়ায়।

আলোচনা চক্ৰৰ শেষত আজি অনুষ্ঠিত যোগাসন প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়।

আলোচনা চক্ৰত অন্যান্যসকলৰ লগতে অতিৰিক্ত উপায়ুক্ত দিলীপ তেৰাং, আয়ুস (AYUSH)-ৰ নডেল বিষয়া লৱদেৱ গোস্বামী, শিৱসাগৰ চৰকাৰী উচ্চতৰ বহুমুখী বিদ্যালয়ৰ অধ্যক্ষ ৰমন শৰ্মা আৰু জিলা ক্ৰীড়া বিষয়া সঞ্জয় উপাধ্যায় উপস্থিত থাকে।

Recent News

অঘটন! স্বাধীনতা দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰ

অঘটন! স্বাধীনতা দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰ

ITBP Bus Accident: কাশ্মীৰত খাৱৈত পৰিল ৩৯ জন জোৱান কঢ়িয়াই নিয়া আইটিবিপিৰ বাছ; নিহত কমেও ৭ জোৱান

ITBP Bus Accident: কাশ্মীৰত খাৱৈত পৰিল ৩৯ জন জোৱান কঢ়িয়াই নিয়া আইটিবিপিৰ বাছ; নিহত কমেও ৭ জোৱান

হাজোত যৌতুকৰ বাবে গৰ্ভৱতী পত্নীক হত্যা স্বামীৰ

হাজোত যৌতুকৰ বাবে গৰ্ভৱতী পত্নীক হত্যা স্বামীৰ

UN special envoy in Myanmar: গৃহযুদ্ধত জৰ্জৰিত ম্যানমাৰত ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিনিধি; চাপত ক্ষমতাশালী সামৰিক শাসক!

UN special envoy in Myanmar: গৃহযুদ্ধত জৰ্জৰিত ম্যানমাৰত ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিনিধি; চাপত ক্ষমতাশালী সামৰিক শাসক!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd