পোষ্ট অফিচত ১,০০০ টকা বিনিয়োগ কৰি লাভ কৰক ৭২,৫০০টকা; চাওক কেনেকৈ

India_post_181548_730x419-m

আপুনি যদি টকা সঞ্চয় কৰিব বিচাৰে তেতিয়াহ’লে পোষ্ট অফিচে এক আকৰ্ষণীয় আঁচনি লৈ আহিছে য’ত কেবল টকা সঞ্চয়েই নহয়, কিন্তু লগতে বেংকৰ তুলনাত আপোনাক ভাল সুতো প্ৰদান কৰিব।

এই আঁচনি খুলিবলৈ হ’লে গ্ৰাহকে ১,০০০ টকা জমা কৰিব লাগিব। ইয়াৰ বিনিময়ত পোষ্ট অফিচে আপোনাক দিব ৭২,৫০৫ টকা।

আপুনি যদি একাউন্টটো খোলে তেতিয়াহ’লে আপুনি ৭.৩ শতাংশ হাৰত সুত লাভ কৰিব। আপুনি যদি দৈনিক ৩৩ টকাকৈ বা মাহিলি ১০০০ টকাকৈ জমা কৰে তেতিয়াহ’লে পোষ্ট অফিচে আপোনাক ৭২,০০০ বা ততোধিক দিব।

গ্ৰাহকে দেশৰ যিকোনো শাখাতে তেওঁলোকৰ একাউন্ট খুলিব পাৰিব। যদি প্ৰয়োজন হয়, তেতিয়াহ’লে গ্ৰাহকে একাধিক একাউন্টো খুলিব পাৰিব। তদুপৰি, দুজনে মিলি যৌথ একাউন্টো খুলিব পাৰে।

পোষ্ট অফিচৰ এই ৰেকাৰিং আঁচনিত কোনোৱে দৈনিক ৩৩ টকা বা মাহিলি ১,০০০টকা জমা কৰিব পাৰে। আপুনি যদি ৭.৩ শতাংশ হাৰত সুত যোগ দিয়ে তেতিয়াহ’লে ৫ বছৰত আপোনাৰ জমা ধন হ’ব ৭২,৫০৫ টকা।

পোষ্ট অফিচৰ এই  আঁচনিত আপুনি নিৰ্দিষ্ট তাৰিখৰ ভিতৰত টকা জমা দিব লাগিব। মাহৰ ১ৰ পৰা ১৫ তাৰিখৰ ভিতৰত টকা জমা থব লাগিব।

আপুনি যদি মাহৰ পহিলা তাৰিখে একাউন্টটো খোলে তেতিয়া আপুনি মাহৰ ১৫ তাৰিখলৈ টকা জমা দিয়াৰ সুযোগ পাব।