কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলত ১৪৪ ধাৰা জাৰি

bbb

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলত ১৪৪ ধাৰা জাৰি কৰা হৈছে।কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে স্বাক্ষৰ কৰা এক জাননীৰ জৰিয়তে এই ঘোষণা কৰা হৈছে।

সমাগত বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকূলে প্ৰাণৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি কাৰ্বি পাহাৰলৈ ঢাপলি মেলে।
জীৱকূলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় পথছোৱাত যান-বাহনৰ গতি সৰ্বাধিক প্ৰতি ঘণ্টাত ৪০ কি: মি:তকৈ অধিক হ’লে আইন মতে দণ্ডনীয় হ’ব বুলি জাননী জাৰি কৰা হৈছে।

তদুপৰি, স্বয়ংক্ৰিয় বাবে আন মাৰণাস্ত্ৰৰ ক্ষেত্ৰতো বাধা-নিষেধ আৰোপ কৰিছে।
এই সময়ছোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক্ষেত্ৰত একেলগে সৰ্বাধিক পাঁচজন লোকহে সমবেত হ’ব পাৰিব।

এই জাননী তাৎক্ষণিকভাবে পৰৱৰ্তী জাননী নিদিয়ালৈকে বলৱৎ থাকিব।
আনহাতে জুন , জুলাই , আগষ্ট এই তিনি মাহ বাৰিষাৰ সময়ত নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলত ১৪৪ ধাৰা জাৰি হৈ থকা সময়ছোৱাত কলিয়াবৰ মহকুমাৰ প্ৰশাসনৰ দণ্ডাধীশে এই তিনি মাহ সময় উক্ত অঞ্চল নিৰীক্ষণ কৰি থাকিব বুলি কলিয়াবৰৰ মহকুমাধিপতিয়ে জানিবলৈ দিয়ে।