NORTHEAST NOW (Assamese)

লক্ষ্য আছিল নেকি ভাৰতৰ ৰাফেল বিমান? অল ডাৰফাৰৰ সমীপতে ইৰানৰ মিছাইল আক্ৰমণ

July 29, 2020 5:00 pm · এন ই নাও নিউজ
Updated: July 30, 2020 7:47 pm

চীনৰ সৈতে ভাৰতৰ সংঘাতৰ সৃষ্টি হোৱাৰ সময়তে ফ্ৰান্সৰ পৰা ক্ৰয় কৰা ৫ খন ৰাফেল বিমানে মঙলবাৰে সংযুক্ত আৰৱ গণ ৰাজ্যৰ অল ডাৰফাৰ বিমান বন্দৰত অৱতৰণ কৰিছিল।

ৰাফেল বিমান কেইখনে বিমান বন্দৰটোত অৱতৰণ কৰাৰ পিছতে তিনিটাকৈ মিছাইলৰ আক্ৰমণত কঁপি উঠে অল ডাৰফাৰ বিমান বন্দৰ।

ইৰানৰ ৰিভ’ল্যুছনেৰী গাৰ্ডে মাৰি পঠিওৱা এই মিছাইলৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰে ভাৰত অভিমুখী ৰাফেল বিমান কেইখন।

চীনৰ সৈতে শেহতীয়াকৈ যিহেতু ইৰানৰ সম্পৰ্ক মধুৰ হৈ পৰিছে সেয়ে ভাৰতে ক্ৰয় কৰা বিমান কেইখন ধ্বংস কৰাৰ বাবেই ইৰানে এনে আক্ৰমণ চলোৱা বুলি ধাৰণা কৰা হৈছে।

ইপিনে সকলো বাধা হেলাৰঙে অতিক্ৰম কৰি আজি দুপৰীয়া সুকলমে আহি ভাৰতৰ আম্বালা বিমান ঘাটিত উপস্থিত হয় পাঁচো খন ৰাফেল বিমান।

উল্লেখ্য ভাৰতে ফ্ৰান্সৰ পৰা ৩৬ খন ৰাফেল বিমান ক্ৰয় কৰাৰ বাবে ফ্ৰান্সৰ চৰকাৰৰ সৈতে চুক্তিত স্বাক্ষৰ কৰিছিল।

সমগ্ৰ বিশ্ব জুৰি হৈ থকা ক’ৰ’ণাতংকৰ বাবে ফ্ৰান্সে ভাৰতলৈ ৰাফেল বিমান প্ৰেৰণ কৰিব পৰা নাছিল।

এতিয়া চীনৰ সৈতে ভাৰতৰ সংঘাত সৃষ্টি হোৱাৰ পিছতে ভাৰতৰ অনুৰোধ ৰক্ষা কৰি ফ্ৰান্সে ভাৰতলৈ প্ৰেৰণ কৰিছে পাঁচখন ৰাফেল বিমান।

এই বিমান কেইখন ফ্ৰান্সৰ পৰা উৰুৱাই আনিছে ভাৰতীয় বায়ু সেনাৰ ১২ গৰাকী পাইলটে

Related News