• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰত্যাঘাত! ইৰাণে ধ্বংস কৰিলে আমেৰিকাৰ ৩০ কোটি ডলাৰ মূল্যৰ THAAD ৰাডাৰ ব্যৱস্থা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 7, 2026 1:16 pm
45
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইৰাণে পাৰস্য উপসাগৰীয় অঞ্চলত আমেৰিকাৰ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থাক পথ প্ৰদৰ্শনৰ বাবে ৰখা এক অতি গুৰুত্বপূৰ্ণ ৰাডাৰ ব্যৱস্থা ধ্বংস কৰিছে। ৩০ কোটি ডলাৰ মূল্যৰ এই ৰাডাৰ ধ্বংস হোৱাৰ ফলত ভৱিষ্যতে অঞ্চলটোত আক্ৰমণ ৰোধ কৰাৰ ক্ষমতা যথেষ্ট সমস্যাৰ সন্মুখীন হ’ব পাৰে। এই তথ্য দিছে আমেৰিকাৰ এজন বিষয়াই।

চিএনএনৰ এক প্ৰতিবেদন অনুসৰি বাণিজ্যিক উপগ্ৰহৰ পৰা পোৱা ছবিত দেখা গৈছে যে যুদ্ধৰ প্ৰথম দিনবোৰত জৰ্ডানৰ মাৱাফ্ফক ছালটি বিমানঘাটিত আমেৰিকাৰ ‘থাড’ মিছাইল প্ৰতিৰক্ষা ব্যৱস্থাত ব্যৱহাৰ কৰা এটা আৰটিএক্স কৰ্প’ৰেশ্যনৰ ‘এন/টিপিৱাই-২’ ৰাডাৰ আৰু ইয়াৰ লগত জড়িত সঁজুলিসমূহ ধ্বংস কৰা হৈছিল। পিছত আমেৰিকাৰ এজন বিষয়াইও ‘THAAD’ প্ৰতিৰক্ষা সঁজুলি ধ্বংস হোৱাটো নিশ্চিত কৰিছে।

Apply Now

আমেৰিকা যুক্তৰাষ্ট্ৰৰ থিংক টেংক প্ৰতিষ্ঠান ‘ফাউণ্ডেশ্যন ফৰ ডিফেন্স অৱ ডেম’ক্ৰেচিছ’ৰ তথ্য অনুসৰি জৰ্ডানত ইৰাণৰ দুটা আক্ৰমণৰ বাতৰি পোৱা গৈছে। এটা ২৮ ফেব্ৰুৱাৰীত আৰু আনটো ৩ মাৰ্চত। দুয়োটা আক্ৰমণ বিফল কৰা হৈছে বুলি জানিব পৰা গৈছে।

ফাউণ্ডেশ্যন ফৰ ডিফেন্স অৱ ডেম’ক্ৰেচিছৰ চেণ্টাৰ ফৰ মিলিটাৰী এণ্ড পলিটিকেল পাৱাৰৰ উপ-সঞ্চালক ৰিয়ান ব্ৰবষ্টে কয় যে যদি ধ্বংসৰ ঘটনাটো সঁচা হয় তেন্তে ইৰাণৰ এইটোৱেই হ’ব THAAD ৰাডাৰত কৰা অন্যতম সফল আক্ৰমণ।

অৱশ্যে ব্ৰবষ্টে লগতে কয়, “আমেৰিকাৰ সেনা আৰু ইয়াৰ মিত্ৰশক্তিৰ আন ৰাডাৰ আছে যিয়ে বায়ু আৰু ক্ষেপণাস্ত্ৰৰ প্ৰতিৰক্ষা প্ৰদান কৰিব পাৰে। গতিকে এটা ৰাডাৰৰ সেই ক্ষতি কিছু পৰিমানে পূৰণ কৰিব পাৰি।”

আমেৰিকাৰ টাৰ্মিনেল হাই এলটিটুড এৰিয়া ডিফেন্স (THAAD) বায়ুমণ্ডলৰ একেবাৰে প্ৰান্তত থকা বেলিষ্টিক মিছাইলক ধ্বংস কৰিব পৰাকৈ ডিজাইন কৰা হৈছে। ই পেট্ৰিয়টৰ বেটাৰীতকৈ বহুত বেছি কঠিন আৰু জটিল ভাবুকিৰ সৈতে মোকাবিলা কৰিব পাৰে। বৰ্তমান এন/টিপিৱাই-২ ৰাডাৰটো বিকল হৈ পৰাৰ ফলত পেট্ৰিয়ট ব্যৱস্থাই ক্ষেপনাস্ত্ৰ প্ৰতিহত কৰাৰ দায়িত্ব ল’ব। ইয়াৰ পিএচি-৩ ক্ষেপণাস্ত্ৰৰ যোগান ইতিমধ্যে বহু কমি গৈছে।

চেণ্টাৰ ফৰ ষ্ট্ৰেটেজিক এণ্ড ইণ্টাৰনেশ্যনেল ষ্টাডিজ (CSIS)ৰ তথ্য অনুসৰি দক্ষিণ কোৰিয়া আৰু গুৱামকে ধৰি বিশ্বজুৰি আমেৰিকাৰ মাত্ৰ আঠটা THAAD প্ৰতিৰক্ষা ব্যৱস্থা আছে। প্ৰতিটো ব্যৱস্থাৰ মূল্য প্ৰায় ১০০ কোটি ডলাৰ, ইয়াৰে কেৱল ৰাডাৰটোৰ মূল্যই ৩০ কোটি ডলাৰ।

চিএছআইএছৰ মিছাইল প্ৰতিৰক্ষা বিশেষজ্ঞ টম কাৰাকোৱে কয় যে এইবোৰ অতি দুৰ্লভ কৌশলগত সম্পদ আৰু ইয়াক হেৰুৱাটো এক বৃহৎ আঘাত।

টম কাৰাকোৱে লগতে কয় যে ২০১২ চনৰ সেনাবাহিনীৰ লক্ষ্য অনুসৰি ৯টা THAAD বেটাৰী প্ৰয়োজন আছিল। কিন্তু এতিয়া মাত্ৰ আঠটা আছে। গতিকে হাতত অতিৰিক্ত টিপিৱাই-২ ৰাডাৰ নাই।

প্ৰতিটো THAAD প্ৰতিৰক্ষা বেটাৰীত ৯০ জন সৈনিক, ছটা ট্ৰাকত লগোৱা লঞ্চাৰ, ৪৮টা ইন্টাৰচেপ্টৰ (প্ৰতি লঞ্চাৰত আঠটা), এটা টিপিৱাই-২ ৰাডাৰ আৰু এটা অগ্নি নিয়ন্ত্ৰণ আৰু যোগাযোগ ইউনিট থাকে। লকহিড মাৰ্টিন কৰ্প’ৰেশ্যনে নিৰ্মাণ কৰা প্ৰতিটো ইন্টাৰচেপ্টৰ মিছাইলৰ মূল্য প্ৰায় ১কোটি ৩০ লাখ ডলাৰ।

পেচিফিক ফ’ৰাম ৰিচাৰ্চ ইনষ্টিটিউটৰ জ্যেষ্ঠ ফেলো উইলিয়াম আলবাৰ্কে কয় যে যদি আপুনি এটা সংহত বায়ু আৰু ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা বিচাৰে, তেন্তে এইটো এনেকুৱা এটা সঁজুলি যিটো আপুনি যুদ্ধক্ষেত্ৰত ৰাখিব লাগিব।

কেলিফৰ্ণিয়াৰ জেমছ মাৰ্টিন চেণ্টাৰ ফৰ ননপ্ৰলিফাৰেচন ষ্টাডিজৰ গৱেষণাৰ মতে যুদ্ধৰ আৰম্ভণিতে কাটাৰত নিয়োজিত এএন/এফপিএছ-১৩২ ৰাডাৰো ইৰাণৰ আক্ৰমণত ক্ষতিগ্ৰস্ত হৈছিল। THAAD ব্যৱস্থা প্ৰণালীৰ দৰে ই স্থানান্তৰযোগ্য নহয়, এটা স্থায়ী সংস্থাপনাহে। এই ৰাডাৰটো মূলতঃ দীৰ্ঘ দূৰত্বৰ পৰা অহা ভাবুকি ধৰা পেলাবলৈ স্থাপন কৰা হয়। কিন্তু ই নিখুঁতভাৱে অস্ত্ৰ নিক্ষেপৰ বাবে উপযোগী নহয়।

উপসাগৰীয় অঞ্চলত আমেৰিকাৰ বায়ু আৰু ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা ইৰাণৰ ড্ৰোন আৰু বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ প্ৰত্যাক্ৰমণৰ চাপত পৰিছে। ফলত কেতিয়াবা চাপৰ সৈতে মোকাবিলা কৰাটো কঠিন হৈ পৰিছে। ফলত THAAD আৰু Patriot (PAC-3)ৰ দৰে উন্নত ইন্টাৰচেপ্টৰৰ মজুত বিপজ্জনকভাৱে হ্ৰাস পোৱাৰ আশংকাৰ সৃষ্টি হৈছে।

শুকুৰবাৰে লকহিড আৰু আৰটিএক্সৰ দৰে প্ৰতিৰক্ষা সঁজুলি নিৰ্মাতা কোম্পানীসমূহে হোৱাইট হাউছত বৈঠকত মিলিত হয়, কাৰণ পেন্টাগনে অস্ত্ৰ উৎপাদন দ্ৰুতগতিত বৃদ্ধিৰ বাবে হেঁচা প্ৰয়োগ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

October 11, 2026 7:00 pm
জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

October 11, 2026 6:00 pm
“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

October 11, 2026 5:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

October 11, 2026 7:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd