দেশৰ পৰাজয় উদযাপন! ইৰাণত যুৱকক মুকলিকৈ গুলীয়াই হত্যা আৰক্ষীৰ

Iranian youth shot dead for celebrating football team’s elimination কাটাৰ বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত ইৰাণে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুখামুখি হয়। সেই খেলখনত ইৰাণ ১-০ গ’লত পৰাজিত হৈছিল। ইৰাণত চৰকাৰ বিৰোধী প্ৰতিবাদকাৰীসকলে এই পৰাজয়ত উল্লাস প্ৰকাশ কৰিছিল। বাতৰি অনুসৰি, এজন ২৭ বছৰীয়া যুৱকে এই উল্লাস প্ৰকাশৰ বাবে প্ৰাণ হেৰুৱাইছে।

ইৰাণৰ পৰাজয়ত উল্লাস প্ৰকাশ কৰাৰ বাবেই মেহৰান চামাক নামৰ এজন যুৱকক আৰক্ষীয়ে গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। আন্তৰ্জাতিক সংবাদ মাধ্যমৰ তথ্য অনুসৰি এই ঘটনাটো পূব ইৰাণৰ আনজালি চহৰত সংঘটিত হৈছে।

লগতে পঢ়ক: ইতিহাস গঢ়াৰ পথত কাটাৰ বিশ্বকাপ! ২২পুৰুষ ফুটবলাৰৰ মেচ পৰিচালনাত ৩ মহিলা ৰেফাৰী

স্থানীয় সূত্ৰসমূহৰ মতে, মেহৰান আৰম্ভণিৰ পৰাই চৰকাৰ বিৰোধী আন্দোলনৰ আগশাৰীত আছিল। অভিযোগ কৰা হৈছে যে তেওঁক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে।

এক উত্তেজনাপূৰ্ণ খেলত ইৰাণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাতত ১-০ গ’লত পৰাজিত হয়। তাৰ পিছতে ইৰাণ বিশ্বকাপৰ পৰা বাহিৰ হৈ যায়। দেশখনৰ পৰাজয়ৰ পিছতে কিছুমান ইৰাণী নাগৰিকক ৰাজপথত উল্লাস কৰা দেখা গৈছিল। সেই ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

উল্লেখ্য যে ইৰাণত তিনি মাহৰো অধিক সময় ধৰি চৰকাৰ বিৰোধী প্ৰতিবাদ চলি আছে। ইয়াৰ মাজতে আন্দোলনকাৰীসকলে ইৰাণৰ দলটোক বিশ্বকাপৰ পৰা নিষিদ্ধ কৰাৰ দাবী জনাইছিল।

তেওঁলোকে দাবী কৰে যে ৰাছিয়াই ইউক্ৰেইনৰ সৈতে যি কৰি আছে ইৰাণ চৰকাৰে ইয়াৰ নাগৰিকসকলৰ সৈতেও তাকেই কৰি আছে। সেয়েহে যদি ৰাছিয়াক নিষিদ্ধ কৰা হয়, তেন্তে ইৰাণকো নিষিদ্ধ কৰা উচিত। অৱশ্যে তেওঁলোকৰ দাবী মানি লোৱা হোৱা নাই।