চৰকাৰী কাম-কাজৰ লেহেমীয়া গতিৰ খবৰে অসমত সাধাৰণতেই বাতৰিৰ শিৰোনাম দখল কৰি থাকে। কিন্তু এইখন অসমতেই এটা চৰকাৰী বিভাগত বিভাগীয় জাননীৰ আগতেই কাম সম্পূৰ্ণ হোৱাৰ খবৰে সকলোকে আচৰিত কৰিছে।
অসম চৰকাৰৰ জলসিঞ্চন বিভাগত ঘটিছে এনে ঘটনা। বিভাগটোৰ অধীনত কেইবাটাও কামৰ বাবে নিবিদা আহ্বান হৈছিল যদিও নিবিদাৰ প্ৰ-পত্ৰ জমা দিয়া বাকচ নোখোলোতেই ইয়াৰে বহু কেইটা কাম সম্পূৰ্ণ হোৱাৰ তথ্য আমাৰ হাতত পৰিছে।
৮ জুনত আছাম পাব্লিক ৱৰ্কছে গুৱাহাটীৰ গৌৰী সদনত এখন সংবাদমেলযোগে এই সমগ্ৰ ঘটনা পোহৰলৈ আনে। সংগঠনটোৱে জানিবলৈ দিয়া মতে যোৱা ২৭ মে’ত জলসিঞ্চন বিভাগৰ গুৱাহাটী সংমণ্ডলে GDI/QT/50/Pt-V/327 নম্বৰৰ বিজ্ঞাপনযোগে ১৫টা কামৰ বাবে নিবিদা আহ্বান কৰিছিল। নিবিদাৰ মুঠ ধাৰ্য্য ধনৰ পৰিমাণ আছিল ১,৪৯,১১,৯৮০.০০ টকা।
সেই নিবিদাৰ প্ৰ-পত্ৰ জমা দিয়া বাকচ খোলা হ’ব অহা ১০ জুন তাৰিখে বিয়লি ৩ বজাত। নিয়ম অনুসৰি তাৰ পাছতহে যোগ্যজনে নিবিদা লাভ কৰিব আৰু কাম আৰম্ভ হ’ব। কিন্তু অসম চৰকাৰৰ এই বিভাগটোত নিবিদাৰ বাকচ খোলাৰ পূৰ্বে নিবিদাত উল্লেখ থকা ৫টা কাম ইতিমধ্যে সম্পূৰ্ণ হোৱা বুলি অসম পাব্লিক ৱৰ্কছে সংবাদমেলখনত তথ্যসহ প্ৰকাশ কৰিছে।
সংগঠনটোৱে জনোৱা মতে বিভাগটোৰ গুৱাহাটী সংমণ্ডলৰ কাৰ্য্যবাহী অভিযন্তা মনেশ্বৰ ডেকাৰ নেতৃত্বতে এনে কামসমূহ চলি আছে। বিশেষ ক্ষমতাৰে ক্ষমতাশালী হৈ মনেশ্বৰ ডেকা এতিয়া জলসিঞ্চন বিভাগত ‘উঠি ৰজা বহি ৰজা’ হোৱা বুলি সংবাদমেলত আসাম পাব্লিক ৱৰ্কছৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰে জানিবলৈ দিয়ে।
‘গুৱাহাটী সংমণ্ডলৰ কাৰ্য্যবাহী অভিযন্তাৰ চকীখনত বহিয়েই মনেশ্বৰ ডেকাই দুৰ্নীতিৰ হাতোৰা মেলি বিভিন্ন ঠিকা-ঠুকুলি কোনো নিবিদা অবিহনে নিজৰ পচন্দৰ মানুহৰ হতুৱাই কৰোৱা আৰম্ভ কৰে। মেৰামতিৰ পৰা যোগানলৈ বিভাগীয় নীতি-নিয়মক ভৰিৰে মোহাৰি কাকো কেৰেপ নকৰাকৈ সকলোতে হাতোৰা মেলে’, অসম পাব্লিক ৱৰ্কছৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰে সংবাদমেলত কয়।
উল্লেখ্য যে, আহ্বান কৰা নিবিদাৰ বিজ্ঞাপনত উল্লেখ থকা ১৫টা কামৰ ভিতৰত ইতিমধ্যেই কাম সম্পূৰ্ণ হোৱা পাঁচটা কামৰ বিৱৰণ এনেধৰেণৰ- ১) M & R works of Renovation of various officer’s rooms, Chief Engineer’s (Irrigation) Office Building at Chandmari , Guwahati- 03 (ধাৰ্য্য ধনৰ পৰিমাণ ৯,৫৮,৪৯০.০০ টকা),
২) M & R works for Renovation of Foreman Quarter at Chandmari, Irrigation Colony for the year 2018-19 (ধাৰ্য্য ধনৰ পৰিমাণ ৬,৩৮,৬২০ টকা)
৩) M & R works for protection wall of Ladies toilet at Chief Engineer’s Office Building, Irrigation, Chandmari, Guwahati- 03 (ধাৰ্য্য ধনৰ পৰিমাণ ১,৫১,৬০০.০০ টকা)।
৪) M & R works for Renovation of Doors, Windows and internal water supply of Ladies toilet at Chief Engineer’s Office Building, Irrigation, Chandmari , Guwahati- 03 (ধাৰ্য্য ধনৰ পৰিমাণ ১,৪৮,৩৩৪.০০ টকা)
৫) M & R works to Construction of sanitary latrine and septic tank, approacj road etc. at Chandmari section, Irrigation. ((ধাৰ্য্য ধনৰ পৰিমাণ ৬,৩৯,৫৭৬.০০ টকা)।
আসাম পাব্লিক ৱৰ্কছৰ দাবী, মনেশ্বৰ ডেকা নামৰ গুৱাহাটী সংমণ্ডলৰ কাৰ্য্যবাহী অভিযন্তাজনে নিজৰ মানুহৰ হতুৱাই এই কামসমূহ সম্পূৰ্ণ কৰিছে। কেৱল নিয়মমাফিক নিবিদা আহ্বান কৰিব লাগে বাবেহে কৰিছে। আসাম পাব্লিক ৱৰ্কছে এই নিবিদা প্ৰক্ৰিয়া সম্পূৰ্ণ অনিয়মৰ মাজেৰ হোৱা বুলি দাবী কৰাৰ লগতে এই প্ৰক্ৰিয়া বাতিল কৰাৰ দাবীৰে সংগঠনটোৱে মুখ্য মন্ত্ৰীলৈও স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে।
দুৰ্নীতি নিবাৰক শাখাৰ জৰিয়তে এই প্ৰক্ৰিয়াটোৰ তদন্ত কৰি মনেশ্বৰ ডেকাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰো দাবী কৰে আসাম পাব্লিক ৱৰ্কছে।