• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কৰ ফাঁকি দিছে বিবিচিয়ে! তিনিদিনীয়া ‘জৰীপ’ৰ পিছতে আয়কৰ বিভাগৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 17, 2023 9:22 pm
Income Tax Dept in BBC Office
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লী আৰু মুম্বাইত থকা বিবিচিৰ কাৰ্যালয়ত আয়কৰ বিভাগৰ মাৰাথান “জৰীপ” সমাপ্ত হোৱাৰ এদিন পিছতে আন্ত:ৰাষ্ট্ৰীয় সংবাদ সংস্থাটোৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি এক বিবৃতি প্ৰকাশ কৰিছে আয়কৰ বিভাগে। বিবৃতি যোগে আয়কৰ বিভাগে বিবিচিয়ে দেখুওৱা আয়ৰ হিচাপ ভাৰতত চলোৱা কাৰ্যকলাপৰ পৰিসৰৰ সমানুপাতিক নহয় বুলি দাবী কৰিছে।

আয়কৰ বিভাগৰ বিবৃতি মতে, তিনিদিনীয়া জৰীপৰ সময়ত বিবিচিৰ পৰিচালনাৰ সৈতে জড়িত তথ্য সংগ্ৰহ কৰা হৈছে। এই তথ্যসমূহে বিবিচিৰ বিদেশী গোটসমূহে ভাৰতত আয় হিচাপে প্ৰকাশ নকৰা কিছুমান বিশেষ বিনিয়োগৰ ওপৰত কৰ পৰিশোধ নকৰাৰ ইংগিত দিছে বুলি আয়কৰ বিভাগে অভিযোগ কৰিছে।

বিভাগে লগতে বিবিচিৰ কৰ্মচাৰীসকলে নথি-পত্ৰ আৰু চুক্তি দাখিল কৰিবলৈ কোৱাৰ সময়ত ইচ্ছাকৃতভাৱে পলম কৰাৰ কৌশল ব্যৱহাৰ কৰিছিল বুলিও দাবী কৰিছে। এই দাবীত বিনিয়োগৰ নথিপত্ৰৰ ক্ষেত্ৰত বহু অমিল তথা অসামঞ্জস্যৰ প্ৰমাণ পোৱা বুলি দাবী কৰিছে আয়কৰ বিভাগে।

বিবৃতিটোত আয়কৰ বিভাগে লগতে কয় যে জৰীপ অভিযানে বিবিচিৰ কৰ্মচাৰীসকলৰ বিবৃতি, ডিজিটেল প্ৰমাণ আৰু নথি-পত্ৰৰ জৰিয়তে বহু গুৰুত্বপূৰ্ণ প্ৰমাণ উন্মোচন কৰিছে আৰু ই প্ৰমাণসমূহ সময়মতে ভালদৰে পৰীক্ষা কৰা হ’ব।

ইফালে আয়কৰ বিভাগৰ এই অভিযোগৰ বিপৰীতে দেশৰ ৰাজনৈতিক মহলত আন এক অভিযোগো উত্থাপন হৈছে। উল্লেখ্য যে, শেহতীয়াকৈ বিবিচিয়ে ২০০২ চনৰ গুজৰাটৰ গোধৰা সাম্প্ৰদায়িক সংঘৰ্ষ আৰু প্ৰধানমন্ত্ৰী মোদীৰ ওপৰত দুটা খণ্ডৰ তথ্যচিত্ৰ ‘ইণ্ডিয়া: দ্য মোদী কুৱেশ্যন’ সম্প্ৰচাৰ কৰিছিল।

এই তথ্যচিত্ৰখনৰ বাবেই কেন্দ্ৰীয় চৰকাৰে প্ৰতিশোধমূলকভাৱে আয়কৰ বিভাগৰ জৰিয়তে এই অভিযান চলোৱা বুলি অভিযোগ উঠিছে। এই কাৰ্য সংবাদ মাধ্যমৰ স্বতন্ত্ৰতাৰ ওপৰত আক্ৰমণ বুলিও অভিযোগ উত্থাপন হৈছে।

লক্ষণীয়ভাৱে, ২০১৪ চনত প্ৰধানমন্ত্ৰী মোদীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা ৰিপ’ৰ্টাৰ্ছ উইদাউট বৰ্ডাৰছৰ দ্বাৰা সংকলিত বিশ্ব প্ৰেছ ফ্ৰিডম ইনডেক্সত ভাৰতৰ স্থান পিছলি ১৫০ নম্বৰ স্থানলৈ অৱনমিত হৈছে।

তদুপৰি নিউয়ৰ্কস্থিত সংস্থা কমিটি টু প্ৰটেক্ট জাৰ্নেলিষ্টছ (CPJ)ৰ মতে, চৰকাৰৰ সমালোচনাত্মক বাতৰি প্ৰকাশ কৰা কমেও চাৰিটা ভাৰতীয় সংস্থাৰ ওপৰত বিগত দুবছৰত কৰ বিষয়া বা বিত্তীয় অপৰাধৰ তদন্তকাৰীয়ে অভিযান চলাইছে।

ভাৰতত সাংবাদিকসকলে নিজৰ কামৰ বাবে দীৰ্ঘদিন ধৰি হাৰাশাস্তি, আইনী ভাবুকি আৰু ভয়-ভাবুকিৰ সন্মুখীন হৈ আহিছে যদিও সাংবাদিকৰ বিৰুদ্ধে পূৰ্বতকৈ অধিক অপৰাধমূলক গোচৰ ৰুজু হৈছে বুলি নাগৰিক সমাজৰ গ্ৰুপ ফ্ৰী স্পীচ কালেকটিভৰ তথ্যতো প্ৰকাশ পাইছে।

এনে সময়তে বিবিচিৰ কাৰ্যালয়ত আয়কৰ বিভাগৰ এই অভিযান তথা শেহতীয়া এই অভিযোগ আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগে বিশেষ তাৎপৰ্য বহন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 14, 2025 1:35 pm
‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’

‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’

September 14, 2025 12:46 pm
ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

September 14, 2025 12:27 pm
অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

September 14, 2025 12:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 14, 2025 1:35 pm
‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’

‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’

September 14, 2025 12:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd