NORTHEAST NOW (Assamese)

ভাৰতৰ ইতিহাসত বিৰল! ভাৰতীয় অসামৰিক সেৱাৰ বিষয়াই মহিলাৰ পৰা পুৰুষলৈ সলনি কৰিব লিংগ আৰু নাম

July 10, 2024 3:32 pm · এন ই নাও নিউজ, গুৱাহাটী

এক ঐতিহাসিক সিদ্ধান্তত বিত্ত মন্ত্ৰালয়ে ভাৰতীয় ৰাজহ সেৱাৰ এগৰাকী জ্যেষ্ঠ বিষয়াৰ সকলো চৰকাৰী অভিলেখত নাম আৰু লিংগ সলনি কৰাৰ অনুৰোধৰ অনুমতি প্ৰদান কৰিছে। ভাৰতীয় অসামৰিক সেৱাত এইটোৱেই প্ৰথমবাৰৰ এনেধৰণৰ বাবে সংঘটিত হৈছে।

হায়দৰাবাদৰ শুল্ক আবকাৰী আৰু সেৱা কৰ আপীল ন্যায়াধিকৰণ (CESTAT)ৰ মুখ্য আয়ুক্তৰ কাৰ্যালয়ত যুটীয়া আয়ুক্ত হিচাপে নিযুক্তি দিয়া ৩৫ বছৰীয়া এম অনুসূয়াই এই অনুৰোধ জনাইছে। তেওঁৰ নাম সলনি কৰি এম অনুকথিৰ সূৰ্য আৰু লিংগ মহিলাৰ পৰা পুৰুষ কৰিবলৈ অনুৰোধ জনায়।

লিংকডইনৰ প্ৰফাইল মতে,বিষয়াগৰাকীয়ে ২০১৩ চনৰ ডিচেম্বৰ মাহত চেন্নাইত সহকাৰী আয়ুক্ত হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ২০১৮ চনত উপ আয়ুক্ত পদবীলৈ উন্নীত হৈছিল।যোৱা বছৰ তেওঁ হায়দৰাবাদত বৰ্তমানৰ পোষ্টিঙত যোগদান কৰিছিল।

চেন্নাইৰ মাদ্ৰাজ ইনষ্টিটিউট অৱ টেকন’লজিৰ পৰা ইলেক্ট্ৰনিক্স আৰু কমিউনিকেচনত স্নাতক ডিগ্ৰী লাভ কৰাৰ লগতে ২০২৩ চনত ভূপালৰ নেশ্যনেল ল ইনষ্টিটিউট ইউনিভাৰ্চিটিৰ পৰা চাইবাৰ ল আৰু চাইবাৰ ফৰেনছিকত পিজি ডিপ্লমা সমাপ্ত কৰে।

Related News