বতাহত বিয়পে নেকি কৰ’নাভাইৰাছ, কি কয় ভাৰতৰ শীৰ্ষ বিজ্ঞানীয়ে?

3corona1_6

প্ৰতিনিধিত্বমূলক ফটো

বিশ্বজুৰি আতংক সৃষ্টি কৰা কৰ’নাভাইৰাছ বতাহত আহে নেকি? বহুতৰ মনত বৰ্তমান এই প্ৰশ্নই খেলা কৰিছে।

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ প্ৰধান বিজ্ঞানী ডঃ ৰামন গংগাখেদকাৰে দেওবাৰে এই সন্দৰ্ভত এক মন্তব্য আগবঢ়াইছে।

বিজ্ঞানীগৰাকীয়ে বতাহৰ জৰিয়তে এই ৰোগ বিয়পাৰ কথা অস্বীকাৰ কৰিছে। “এই ৰোগ বতাহৰ জৰিয়তে বিয়পাৰ প্ৰমাণ নাই,” তেওঁ কয়।

এই ৰোগ কাঁহ বা হাঁচি মাৰিলে বা থূ বা নাকৰ শেঙুনৰ জৰিয়তে বিয়পে।

সেয়ে কাঁহিলে বা হাঁচিয়ালে মুখখন ঢাকি ল’বলৈ স্বাস্থ্য সংস্থাসমূহে আহ্বান জনাই আহিছে। তাৰোপৰি য’তে ত’তে থূ-খেকাৰ পেলোৱাটোও সমানেই বিপদজনক।

যোৱা মাহত বিশ্ব স্বাস্থ্য সংস্থায়ো কৈছিল যে এই ৰোগ বতাহত বিয়পা বুলি ক’বলৈ পৰ্য্যাপ্ত প্ৰমাণ নাই।

দেওবাৰলৈকে ভাৰতত ক’ভিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা ৩৩৭৪লৈ বৃদ্ধি পাইছে।

এতিয়ালৈকে ২৬৭ গৰাকী লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে ৭৯ গৰাকী লোক মৃত্যুমুখত পৰিছে।

গড়ে চাৰিদিনত ভাৰতত ক’ভিড-১৯ আক্ৰান্ত দুগুণলৈ বৃদ্ধি পাইছে।

নিজামুদ্দিনৰ সমাৱেশৰ ফলতে এই সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।