ক’ৰনা মহামাৰীৰ বাবে সমগ্ৰ বিশ্বত যিধৰণৰ ল’কডাউন প্ৰক্ৰিয়া চলি আছে ই বিশ্বৰ অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰখনৰ লগতে শৈক্ষিক খণ্ডলৈও এক পৰিবৰ্তন আনি দিছে ই অনস্বীকাৰ্য্য।
তলাবন্ধৰ সময়চোৱাত ভাৰতত শিক্ষক সকলে যিমানখিনি পাৰে অ’নলাইনযোগে ঘৰৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠদান কৰি আছে।
চীন, আমেৰিকা জাপান আদি দেশৰ বাবে অ’নলাইন পাঠদান কাৰ্যসূচী বিশেষ নতুন কথা নহয় কিন্তু ভাৰতৰ দৰে দেশত এই প্ৰক্ৰিয়া কেতিয়াও উপযুক্ত বিকল্প হব নোৱাৰে।
তদুপৰি পৰীক্ষা আৰু মূল্যায়ন ব্যবস্থাসমূহৰ স্থগিতকৰণৰ বাবে শিক্ষাবৰ্ষ এটা লোকচানৰ পথত অগ্ৰসৰ হৈছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে, ২০২০ বৰ্ষৰ CEE আৰু JEE ইত্যাদি প্ৰবেশ পৰীক্ষাবোৰ বৰ্তমানলৈ স্থগিত ৰখা হৈছে।
অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ অধীনত চলিত বৰ্ষত হ’বলগীয়া অসম সংযুক্ত প্ৰৱেশ পৰীক্ষা বা CEE পৰীক্ষা সমূহ প্ৰথমতে ২ আগষ্টত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ২১ জুলাই ২০২০ ৰ দিনাখন ওলোৱা জাননী মতে উক্ত পৰীক্ষা পুনৰ ২০ ছেপ্টেম্বৰলৈ পিছুৱাই দিয়া হৈছে।
ইয়াৰ ফলত যিসকল ছাত্ৰ-ছাত্ৰীয়ে অভিযান্ত্ৰিক বা কাৰিকৰী শিক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰিছে তেওঁ লোকৰ বাবে যথেষ্ট প্ৰত্যাহ্বান আহি পৰিছে।
ছাত্ৰ-ছাত্ৰীসকলৰ নাম ভৰ্ত্তি প্ৰক্ৰিয়াও স্বাভাবিকতে পিচুৱাই যোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে।
প্ৰশ্ন উঠিছে এনেদৰেই শিক্ষা বৰ্ষ এটা পিচুৱাবলৈ গৈ আছে নেকি? যদি সেয়ে হয় তেন্তে ই হ’ব ছাত্ৰ ছাত্ৰীৰ বাবে এক অভাৱনীয় ক্ষতি।