প্ৰকাশ ৰাজেও পিন্ধিব নেকি গেৰুৱা বসন! নিজেই দিলে উত্তৰ

Prakash Raj

কাষ চাপি আহিছে লোকসভা নিৰ্বাচন। নিৰ্বাচনলৈ মাজত আৰু কেইটামান দিন বাকী থকা অৱস্থাত শাসকীয় বিজেপি দললৈ ঢাপলি মেলিছে বিপক্ষৰ শিবিৰৰ নামী-দামী নেতাৰ লগতে সততে বিজেপি তথা মোদী বিৰোধী স্থিতি গ্ৰহণ কৰি অহা বহু ব্যক্তিয়ে।

তাৰ মাজতে চৰ্চালৈ আহিছে জনপ্ৰিয় অভিনেতা প্ৰকাশ ৰাজৰ নাম। বিগত সময়ছোৱাত নৰেন্দ্ৰ মোদী তথা শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে সততে সমালোচনাত মুখৰ হৈ থকা লোকসকলৰ ভিতৰত অন্যতম জনপ্ৰিয় অভিনেতাগৰাকী।

মোদী চৰকাৰৰ জনবিৰোধী নীতিক কঠোৰভাৱে সমালোচনা কৰি আহিছে প্ৰকাশ ৰাজে। যাৰ বাবে অভিনেতাগৰাকী বিজেপি দলৰ লগতে দলটোৰ সমৰ্থকসকলৰো মৌখিক আক্ৰমণৰ চিকাৰ হৈ আহিছে।  

কিন্তু বিগত সময়ছোৱাত ইগৰাকীৰ পিছত সিগৰাকীকৈ নেতাৰ বিজেপি গমনৰ মাজতে আজি প্ৰকাশ ৰাজেও লোকসভা নিৰ্বাচনৰ পূৰ্বে গেৰুৱা বসন পিন্ধিবলৈ সাজু হোৱা বুলি সামাজিক মাধ্যমত ব্যাপক চৰ্চাৰ সূত্ৰপাত হয়।

সামাজিক মাধ্যমত চলা এনে চৰ্চা সন্দৰ্ভত অৱশেষত নিজেই স্পষ্টীকৰণ দিলে অভিনেতাগৰাকীয়ে। বিজেপি গমন সন্দৰ্ভত প্ৰকাশ পোৱা সকলো চৰ্চা অস্বীকাৰ কৰিছে প্ৰকাশ ৰাজে। এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীৰ টুইট শ্বেয়াৰ কৰি তেওঁ নিজা স্থিত প্ৰকাশ কৰে।

এটা টুইটাৰ একাউণ্টৰ পৰা প্ৰকাশ ৰাজৰ বিজেপিত যোগদান সন্দৰ্ভত দিয়া হৈছিল খবৰ। টুইটটোত লিখা হৈছিল, “আজি বিয়লি ৩ বজাত বিশিষ্ট অভিনেতা প্ৰকাশ ৰাজে বিজেপিত যোগদান কৰিব।” এই টুইটটো মুহূৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰে।

 বিশেষ টুইটটো ৰিপোষ্ট কৰি বিজেপিক কটাক্ষ কৰে প্ৰকাশ ৰাজে আৰু কয়, “মই অনুমান কৰিছোঁ যে তেওঁলোকে চেষ্টা কৰিছে। তেওঁলোক মোক কিনিবলৈ যে মতাদৰ্শগতভাৱে যথেষ্ট ধনী নহয়, সেয়া নিশ্চয় উপলব্ধি কৰিছে। আপোনালোকে কি ভাবে বন্ধুসকল?”

 

উল্লেখ্য যে, নিজৰ বিজেপি বিৰোধী স্থিতি স্পষ্ট কৰি প্ৰকাশ ৰাজে ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত বেংগালুৰু চেণ্ট্ৰেলৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল। কিন্তু সেই নিৰ্বাচনত পৰাস্ত হৈছিল অভিনেতাগৰাকী। অৱশ্যে ইয়াৰ পিছত আনুষ্ঠানিকভাৱে ৰাজনীতিত নমা নাই প্ৰকাশ ৰাজ।