• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শান্তি-শৃংখলা ভঙ্গ! খিলঞ্জীয়াৰ ‘প্ৰতিবাদী সত্তা’ ধ্বংস কৰাৰ চলিছে নেকি কৌশল?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 21, 2023 5:49 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰীয়ে কৈছিল আন্দোলন প্ৰতিবাদ নোহোৱা হৈছে। অসমত চাৰিওফালে এতিয়া কেৱল শান্তি আৰু শান্তি। আন্দোলন সঁচাকৈয়ে বন্ধ হৈছে নে বন্ধ কৰাবৰ বাবে কূট-কৌশল ৰচনা কৰা হৈছে? গণতান্ত্ৰিক দেশ এখনত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে প্ৰতিবাদ কৰাৰ সকলোৰে অধিকাৰ আছে। সমাজৰ অহিতৰ বাবে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে বা জনবিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ অধিকাৰ জাতীয় দল সংগঠন বা সকলো লোকৰে আছে। কিন্তু চৰকাৰৰ মতে এতিয়াৰ পৰা প্ৰতিবাদ নকৰিব আপুনি…. চৰকাৰৰ জনবিৰোধী নীতি দেখিলেও মুখত চেল’ টেপ মাৰি থাকিব আপুনি। কিয়নো আন্দোলন-প্ৰতিবাদ বেয়া পায় এইখন চৰকাৰে। এতিয়াৰ পৰা প্ৰতিবাদ কৰিলে হয়তো আপোনাৰো হ’ব পাৰে জেইল জৰিমণা। তেনে এক পৰিস্থিতিয়েই এতিয়া অসম মুলূকৰ এখন জিলাত হ’বলৈ ধৰিছে। শিৱসাগৰ জিলা… ঐতিহ্যৰে ভৰপূৰ এইখন শিৱসাগৰ জিলাতে এতিয়া প্ৰতিবাদী কন্ঠৰ মুখত চেল’টেপ লগোৱা প্ৰক্ৰিয়া আৰম্ভ কৰিছে। একাংশ সংগঠনে শিৱসাগৰত এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব বা শান্তি-শৃংখলা বিঘ্নিত হ’লেই তেওঁলোকক কাৰাগাৰলৈ নিক্ষেপ কৰাৰ লগতে জৰিমণা বিহাৰ সম্ভাৱনা প্ৰকট।  

শিৱসাগৰত এতিয়া দল সংগঠনৰ বিৰুদ্ধে চলিছে অপাৰেশ্বন বণ্ড চাইন। বীৰ লাচিত সেনা, জাতীয় সংগ্ৰামী সেনা, অসমীয়া যুৱ মঞ্চ, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদকে ধৰি বহু কেইটা দল সংগঠনৰ নেতাক জিলা দণ্ডাধীশে মাতি মাতি আনি কৰোৱাইছে বণ্ড চাইন।

Apply Now

CRPC Section 107 ৰ অধীনত যাতে পৰৱৰ্তী সময়ত শান্তি শৃংখলা বিঘ্নিত হোৱা কাৰ্য্যত লিপ্ত হ’ব নোৱাৰিব। এতিয়া আহিছো CRPC Section 107 ত আছে কি কি? 

107 ধাৰাত থকা মতে যেতিয়া এজন কাৰ্যবাহী দণ্ডাধীশে তথ্য লাভ কৰে যে যিকোনো ব্যক্তিয়ে শান্তি ভংগ কৰাৰ বা ৰাজহুৱা প্ৰশান্তি বিঘ্নিত কৰাৰ সম্ভাৱনা আছে বা এনে কোনো ভুল কাম কৰিব পাৰে যি সম্ভৱতঃ শান্তি ভংগ কৰিব পাৰে বা ৰাজহুৱা প্ৰশান্তি বিঘ্নিত কৰিব পাৰে ইয়াৰ পিছত প্ৰদান কৰা ধৰণে, এনে ব্যক্তিক এক বান্ধোনত ৰাখিবলৈ ভৱিষ্যতে তেনে শান্তি শৃংখলা বিঘ্নিত নকৰাৰ প্ৰতিশ্ৰুতিৰে জামানতৰ সৈতে দণ্ডাধীশৰ সন্মুখত বণ্ড চাইন কৰোৱা হয়। যদি তেনে কোনো কাৰ্য্যত লিপ্ত হয় তেন্তে তেওঁলোকক ১০৭ ৰ অধীনত গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰাৰ লগতে জৰিমণাও বিহা হ’ব। 

এই বণ্ড চাইন কৰাৰ নিৰ্দেশনা শিৱসাগৰ জিলা কাৰ্য্যবাহী দণ্ডাধীশ জীৱন কৃষ্ণ গোস্বামীৰ তৰফৰ পৰা আহিছে। আৰু তেওঁ শিৱসাগৰ থানাৰ OC বা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ পৰা লাভ কৰা তথ্যৰ ওপৰত ভিত্তি কৰিয়েই ১০৭ চিআৰপিচি ধাৰাৰ অধীনত এই নিৰ্দেশ দিছে জিলা দণ্ডাধীশে। আৰু ৫০ হাজাৰ টকা জামানতত বণ্ড চহী কৰিলে ৫ গৰাকীকৈ জাতীয় সংগঠনৰ নেতৃত্বই। এতিয়ালৈকে চহী কৰি অহা নেতাসকল ক্ৰমে 

১) চিতু বৰুৱা, ৰাজ্যিক সভাপতি, অসম সংগ্ৰামী সেনা ।

২) ৰণ্টু পানীফুকন, ৰাজ্যিক প্ৰধান সচিব, বীৰ লাচিত সেনা।

৩) দেৱজিত দত্ত, ৰাজ্যিক 

সভাপতি, সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ।

৪) প্ৰশান্ত বৰগোহাঁই, জিলা সভাপতি, অসমীয়া যুৱ মঞ্চ।

৫) অনুপম সন্দিকৈ, জিলাৰ সাধাৰণ সম্পাদক, বীৰ লাচিত সেনা।

 সচেতন মহলত প্ৰশ্ন উঠিছে…. কিয় এনেদৰে হঠাৎ এই ৫ প্ৰতিবাদী কন্ঠক লৈ সন্দেহ ঘনীভূত হ’ল শিৱসাগৰ আৰক্ষীৰ? এই নেতাসকলে শান্তি-শৃংখলা বিঘ্নিত কৰিব পৰাকৈ কি পৰিস্থিতিৰ উদ্ভৱ পূৰ্বতে কৰিছিল বা ভৱিষ্যতেও কৰিব পৰাৰ সম্ভাৱনা আছে? অৰাজক পৰিস্থিতি বা আইন শৃংখলা বিঘ্নিত কৰিব পৰাৰ কেনে সম্ভাৱনা দেখা পালে শিৱসাগৰ জিলা প্ৰশাসন বা আৰক্ষীয়ে? নে আইনৰ দোহাই দি চৰকাৰৰ জনবিৰোধী নীতিৰ  বিৰুদ্ধে স্থিতি লোৱা প্ৰতিবাদী কন্ঠ ৰোধ কৰাৰ চেষ্টা কৰিছে নেকি জিলা প্ৰশাসনে?  

আমি নাম উল্লেখ কৰা জাতীয় সংগঠনৰ নেতাকেইজনে ভৱিষ্যতে কেনেকুৱা ধৰণৰ শান্তি ভংগ কৰাৰ বা ৰাজহুৱা প্ৰশান্তি বিঘ্নিত কৰাৰ সম্ভাৱনা আছে বা এনে কোনো ভুল কাম কৰিব পাৰে যি সম্ভৱতঃ শান্তি ভংগ কৰিব পাৰে বা ৰাজহুৱা প্ৰশান্তি বিঘ্নিত কৰাৰ সম্ভাৱনা আছে? নে এনেদৰে ভয় ভাবুকিৰে প্ৰতিবাদী সত্তাসমূহ তিল তিলকৈ হত্যা কৰাৰ কৌশল চলিছে নেকি? 

তাৰ বিপৰীতে দেখোন বিজেপিৰ নেতাসকলে এটাৰ পাছত আন এটা সমাজৰ শান্তি বিঘ্নিত কৰিব পৰা সাম্প্ৰদায়িক বিষবাস্পৰে ভৰপূৰ মন্তব্যৰে সমাজখন ভাগ ভাগ কৰিবলৈ চেষ্টা কৰিছে। তেওঁলোকৰ ক্ষেত্ৰত আৰক্ষী নাইবা জিলা প্ৰশাসনৰ কিয় এনে পদক্ষেপ দেখিবলৈ পোৱা নাযায়? 

ইপিনে, বণ্ড চাইন কৰা নেতা সকলক স্বাক্ষৰ কৰা চুক্তিপত্ৰৰ প্ৰতিলিপি বৰ্তমানলৈকে প্ৰদান কৰা নাই। চৰকাৰখন ভয়াতুৰ বাবেই এনেধৰণৰ মুখ বন্ধৰ নীতি গ্ৰহণ কৰিছে নেকি? সংগবদ্ধ প্ৰতিবাদ নাইকিয়া কৰিবৰ বাবে ষড়যন্ত্ৰ বা জাল পেলাইছে নেকি চৰকাৰে? শুকুৰবাৰে উক্ত বণ্ডত স্বাক্ষৰ কৰাৰ বাবে মাতি নিয়া বীৰ লাচিত সেনাৰ সচিৱ প্ৰধান ৰন্তু পানী ফুকনে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কি ক’লে আপোনালোকে বাতৰিটোৰ লগত সংলগ্ন ভিডিঅ’ত শুনিবলৈ পাব। 

প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। ১৯৭৫ চনৰ জৰুৰীকালীন পৰিস্থিতিৰ পুনৰাবৃত্তি বুলি দাবী কৰে অখিল গগৈয়ে। 

তেওঁৰ মতে “বাক্ স্বাধীনতাহীন অসম এখন আপোনালোকে বিচাৰেনে? সঁচাই বিচাৰেনে গণতান্ত্ৰিক অধিকাৰবিহীন এখন অসম? বিচাৰেনে প্ৰতিবাদহীন এখন ৰাজ্য ; ৰাষ্ট্ৰৰ দ্বাৰা য’ত দৈনিক মুক্ত হত্যা সংঘটিত হ’ব, য’ত দৈনিক বস্তুৰ দাম বাঢ়িলেও আপুনি মাতিব নোৱাৰিব, য’ত দৈনিক ৰাজহুৱা সম্পদ পুঁজিপতিক গটাই দিয়া হ’ব, য’ত সন্মুখত অবৈধ চিণ্ডিকেট চলি থাকিব কিন্তু তাৰ বিৰুদ্ধে আপুনি মাতিব নোৱাৰিব, য’ত নিতৌ দেশ-জাতি আৰু জনগণৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলি থাকিব কিন্তু আপোনাৰ মুখ বন্ধ ৰাখিবলৈ বাধ্য কৰোৱা হ’ব।“

এটা কথা আপুনি হয়তো লক্ষ্য কৰিছে….. মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অন্য বিজেপিৰ নেতা মন্ত্ৰীৰ মুখত এটা কথা আখৈ ফুটা দি ফুটিছে… অসমত আন্দোলন নোহোৱা হৈছে…. কিন্তু এনদৰে ভয় ভাবুকিৰ মাধ্যমেৰেহে বিজেপি চৰকাৰখনে আন্দোলন প্ৰতিবাদ নিঃশেষ কৰিব বিচাৰিছে নেকি? আৰু সেয়েহে তেওঁলোকৰ মুখত আন্দোলন প্ৰতিবাদ নথকাৰ কথা আখৈ ফুটা দি ফুটিছে নেকি? 

এটা কথা উনুকিয়াই থৈছো…..  শৃংখল চলিহা এতিয়াও কাৰাগাৰত বন্দী হৈ আছে। ব্যৱসায়ীক মুখৰ থুৱওৱা গোচৰতেই ৰাষ্ট্ৰৰ প্ৰতি ভাবুকি বা দুই সম্প্ৰদায়ৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত কৰিব বিচৰাৰ অভিযোগ তুলি ৰাষ্ট্ৰীয় নিৰাপত্তা আইন চমুকৈ NSA ৰ অধীনত গ্ৰেপ্তাৰ কৰি কাৰাগাৰত আবদ্ধ কৰি ৰাখিছে…. সূত্ৰত প্ৰকাশ পোৱা অনুসৰি শৃংখলৰ পৰিয়ালৰ লোকক তিনি মাহ পৰ্য্যন্ত সাক্ষাত কৰিবলৈ হেনো দিয়া নহয়। কিন্তু অন কেমেৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাক প্ৰহাৰ কৰিও গ্ৰেপ্তাৰ হৈয়ো এদিনতে জামিন লাভ কৰি এতিয়া মুকলি আকাশৰ তলত শিৱসাগৰৰ ঠিকাদাৰ নিৰ্মল ম’ৰ। স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে খিলঞ্জীয়া অসমীয়াৰ মুখ বন্ধ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে নেকি বিজেপি চৰকাৰ! মুখ বন্ধ কৰাৰ বাবে পেলাইছে নেকি এখনৰ পাছত আনখন জাল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

September 26, 2026 5:00 pm
নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

September 26, 2026 2:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

September 26, 2026 5:00 pm
নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd