শুকুৰবাৰে নিশা মাজুলীত অচিনাক্ত দুৰ্বৃত্তই সাংবাদিক প্ৰাঞ্জল খাউণ্ডক আক্ৰমণ চলোৱা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে।
নিশা বাতৰি সংগ্ৰহ কৰি নিজৰ বাসগৃহলৈ উভতি অহাৰ পথত ফুলনী আৰক্ষী চকীৰ পৰা মাত্ৰ ২০০ মিটাৰ নিলগৰ এঠাইত দুৰ্বৃত্তই বাট আগচি ধৰি দলবদ্ধ আক্ৰমণ কৰে সাংবাদিক গৰাকীক।
অচিনাক্ত দুৰ্বৃত্তৰ দলটোৰ আক্ৰমণৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হোৱা সাংবাদিক প্ৰাঞ্জল খাউণ্ড গুৰুতৰভাৱে আহত হয়।
আঘাতপ্ৰাপ্ত সাংবাদিকগৰাকীক নিশা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু বৰ্তমান চিকিৎসাধীন অৱস্থাতে আছে তেওঁ।
জানিব পৰা মতে, আক্ৰমণত খাউণ্ডে পেট আৰু বুকুত গুৰুতৰ ভাৱে আঘাত পায়।
মাজুলীত সাংবাদিকক আক্ৰমণৰ ঘটনাক অঞ্চলটোৰ বিভিন্ন দল-সংগঠনে গৰিহণা দিয়াৰ লগতে আৰক্ষী চকীৰ নিচেই কাষত কেনেদৰে এনে আক্ৰমণৰ ঘটনা সংঘটিত হ’বলৈ পালে সেই সম্পৰ্কত উদ্বেগ ব্যক্ত কৰে।
উল্লেখযোগ্য যে, ৰাজ্যত ক্ৰমান্বয়ে সাংবাদিকৰ ওপৰত আক্ৰমণৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে কিছু মাহ পূ্ৰ্বে গুৱাহাটীত আৰু নলবাৰীৰ মুকালমুৱাত দুগৰাকী সাংবাদিকক দুৰ্বৃত্তই আক্ৰমণ কৰিছিল।