NORTHEAST NOW (Assamese)

আম্বানীৰ পৰিয়াললৈ নতুন সদস্যৰ আগমণ,ককাক হ’ল মুকেশ আম্বানী

November 20, 2022 6:15 pm · এন ই নাও নিউজ,গুৱাহাটী

আম্বানীৰ পৰিয়ালত এতিয়া আনন্দৰ লহৰ। কাৰণ দুটিকৈ কণমানিয়ে তেওঁলোকৰ পৰিয়াললৈ আহিছে। শেহতীয়াকৈ আম্বানীৰ পৰিয়ালেই প্ৰকাশ কৰিছে যে ককাক হৈছে মুকেশ আম্বানী । আম্বানীৰ জীয়ৰী ঈশা আম্বানীয়ে শেহতীয়াকৈ জন্ম দিছে যমজ সন্তানৰ ।

আম্বানী পৰিয়ালে এই কথা আজি ৰাজহুৱা কৰিছে।ঈশা আম্বানীয়ে এটি ল’ৰা আৰু এটি কন্যা সন্তানৰ জন্ম দিছে বুলি আম্বানীৰ পৰিয়ালৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে। জানিব পৰা মতে ঈশাৰ কন্যা সন্তানৰ নাম আদিয়া ৰখা হৈছে, আনহাতে পুত্ৰ সন্তানৰ নাম কৃষ্ণ ৰখা হৈছে। কিছুদিন আগতে ঈশা আম্বানীয়ে পিৰামল গ্ৰুপৰ আনন্দ পিৰামলৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।

উল্লেখ্য আম্বানীয়ে কন্যা ঈশা আম্বানীক দিছে ৰিলায়েন্স ৰিটেইলৰ দায়িত্ব। ঈশাক ৰিলায়েন্সৰ খুচুৰা ইউনিটৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হ’ব বুলিও এটা সূত্ৰই প্ৰকাশ কৰিছে।ঈশাই এতিয়া ৰিলায়েন্স ৰিটেইল ভেঞ্চাৰছ লিমিটেডৰ সঞ্চালিকা হিচাবে কাৰ্যনিৰ্বাহ কৰি আছে।

Related News