NORTHEAST NOW (Assamese)

নাগাক অশান্তি কৰিলে নিপাত যাব আইছিছ: যুযুধান এন এচ চি এন-আই এমৰ ঘোষণা

April 27, 2019 8:27 pm · এন ই নাও নিউজ
Updated: April 27, 2019 10:35 pm
২০১৮ বৰ্ষৰ নাগা স্বাধীনতা দিৱসৰ পেৰে’ডৰ ফাইল ছবি।

নাগাভূমিত অশান্তি কৰিব খুজিলে নিপাত যাব আইছিছ। শ্ৰীলংকাত বোমা বিস্ফোৰণেৰে কেইবাশও নিৰীহ ক্ৰিশ্বয়ানৰ প্ৰাণ লোৱা ঘটনাৰ পিছতে এই ঘোষণা এন এচ চি এন-আই এমৰ।

“কোনো বাহিৰা শক্তিয়ে উৎপাত কৰিলে, আমি বহি নাথাকো। তেনে শক্তিক আমি খতম কৰিমেই। আইছিছক হৰুৱাবলৈ আমি নাগা আৰ্মি সাজু আছো,” নিউজ ১৮ত মন্তব্য এন এচ চি এন-আই এমৰ কৰ্ণধাৰ সমিতিৰ সদস্য ভি হ’ৰামৰ।

কলম্ব’ত আইছিছৰ বিস্ফোৰণৰ পিছতে চুবুৰীয়া ভাৰত, বাংলাদেশৰ দৰে ৰাষ্ট্ৰসমূহৰ লগতে নাগা বিদ্ৰোহী দলটোৱেও ইয়াৰ চোৰাংচোৱা আৰু সেনাবাহিনীক সষ্টম কৰি দিছে।

“অতি কঠোৰ নিৰ্দেশ জাৰি কৰা হৈছে আৰু আমাৰ চোৰাংচোৱা বিভাগ সক্ৰিয় হৈ আছে,” এন এচ চি এন-আই এম নেতাজনে জনায়।

যোৱা ইস্তাৰ চানদে’ত কলম্ব’ত হোৱা ধাৰাবাহিক আত্মঘাতী আক্ৰমণটোৰ দায়িত্ব ইছলামিক সন্ত্ৰাসবাদী দলটোৱে স্বীকাৰ কৰাৰ পিছতে বাংলাদেশ আৰু ভাৰতৰ চোৰাংচোৱা সংস্থাসমূহেও সতৰ্কীকৰণ জাৰি কৰিছে।

মেঘালয় আৰু মিজোৰামৰ লগতে নাগালেণ্ড দেশৰ এখন অন্যতম ক্ৰিশ্বয়ান-প্ৰধান ৰাজ্য।

ৰাজ্যখনৰ ১.৯৭৮নিযুত জনসংখ্যাৰ ৮৮ শতাংশই ক্ৰিশ্বয়ান-ধৰ্মী। ২০১১ চনৰ ভাৰতৰ লোকপিয়ল মতে ৰাজ্যখনত ক্ৰিশ্বয়ান জনসংখ্যা ১.৭৩৯নিযুত।

ইতিমধ্যে যোৱা ২২ এপ্ৰিলত নাগালেণ্ডৰ মুখ্য সচিব তেমজেন তয়েও পাহাৰীয়া ৰাজ্যখনত শ্ৰীলংকাসদৃশ ঘটনা মোকাবিলাৰ প্ৰস্তুতিৰ বুজ ল’বলৈ আৰক্ষী সঞ্চালকপ্ৰধানক নিৰ্দেশ দিছে।

Related News