NORTHEAST NOW (Assamese)

বনৰীয়া জীৱ-জন্তুক কোভিদ-১৯-ৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰাৰ বাবে কৰবেট ব্যাঘ্ৰ প্ৰকল্পত আইছ’লেশ্যন কক্ষ স্থাপন

April 12, 2020 4:40 pm · এন ই নাও নিউজ

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা বাঘ, হাতী আৰু স্নীফাৰ কুকুৰক ৰক্ষা কৰাৰ বাবে উত্তৰাখণ্ডৰ জিম কৰবেট ব্যাঘ্ৰ সংৰক্ষিত উদ্যান কৰ্তৃপক্ষই বনাঞ্চলৰ ভিতৰতে কোৱাৰিণ্টাইন কক্ষ নিৰ্মাণ কৰি উলিয়াইছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন চিৰিয়াখানত এটা বাঘ ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতে কৰবেট ব্যাঘ্ৰ সংৰক্ষিত উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ  কৰিছে বুলি জানিব পৰা গৈছে।

আনহাতে,  উদ্যান কৰ্তৃপক্ষই কোৱাৰিণ্টাইন কক্ষৰ উপৰিও ৪০ টা ভিডিঅ’ কেমেৰা আৰু ৪৫০ টা স্থিৰ কেমেৰা উদ্যানখনত বন্যপ্ৰাণী সমূহৰ অস্বাভাৱিক আচৰণ পৰ্য্যবেক্ষণৰ বাবে স্থাপন কৰিছে।

উল্লেখযোগ্য যে, অলপতে চীনৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলে কৰা এক পৰীক্ষাত জীৱ-জন্তুৰ দেহলৈও ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ হ’ব পাৰে তথ্য প্ৰকাশ পাইছিল।

অৱশ্যে এই সম্বন্ধে সঠিক অনুসন্ধানৰ বাবে বৰ্তমানো বিশ্ব স্বাস্থ্য সংস্থাই গৱেষণা অব্যাহত ৰাখিছে।

Related News