NORTHEAST NOW (Assamese)

যুদ্ধবিৰতিৰ মাজতে গাজাত ইজৰাইলৰ আক্ৰমণ! কমেও ৩০ জন নিহত…

October 29, 2025 11:04 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 29, 2025 11:05 am

ট্ৰাম্পৰ মধ্যস্থতাত গাজা আৰু ইজৰাইলৰ মাজত যুদ্ধ বিৰতি চুক্তি স্বাক্ষৰিত হোৱাৰ কিছু দিনৰ পিছতে গাজাত পুনৰ যুদ্ধ বিভীষিকা দেখিবলৈ পোৱা গৈছে।

ইজৰাইলৰ সেনা হামাছে নিজৰ সৈন্যক আক্ৰমণ কৰা আৰু আমেৰিকাৰ দালালিত যুদ্ধবিৰতি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰাৰ পিছতে ইজৰাইলে যুদ্ধবিৰতি চলি থকাৰ পিছতো মঙলবাৰে বিমান আক্ৰমণ চলাইছিল বুলি গাজাৰ অসামৰিক প্ৰতিৰক্ষা সংস্থাই বিবৃতি প্ৰকাশ কৰিছে। হামাছৰ অধীনত উদ্ধাৰ বাহিনী হিচাপে কাম কৰা সংস্থাটোৰ মুখপাত্ৰই জনোৱা মতে, গাজাৰ কেইবাটাও অঞ্চলক লক্ষ্য কৰি লোৱা এই আক্ৰমণত কমেও ৩০ জন লোক নিহত হৈছে।

অৱশ্যে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্সে কয় যে যুদ্ধবিৰতি অব্যাহত থকাৰ পিছটো মঙলবাৰে পুনৰ সংঘৰ্ষত লিপ্ত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে গাজাত ইজৰাইলী সৈন্যক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰাৰ পিছতে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে গাজাত “শক্তিশালী আক্ৰমণ”ৰ নিৰ্দেশ দিছিল বুলি উল্লেখ কৰিছে।

কাটজে এক বিবৃতিত কয় যে আজি গাজাত আইডিএফ (ইজৰাইল প্ৰতিৰক্ষা বাহিনী)ৰ সৈন্যৰ ওপৰত হামাছে আক্ৰমণ কৰি চৰম সীমা অতিক্ৰম কৰিছে। আইডিএফে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব বুলি উল্লেখ কৰিছে। কাটজে সৈন্যক ক’ত আক্ৰমণ কৰা হৈছিল সেই বিষয়ে উল্লেখ কৰা নাই। অৱশ্যে হামাছে তেওঁলোকৰ যোদ্ধাসকলৰ ৰাফাত সংঘটিত গুলীচালনাৰ সৈতে কোনো সম্পৰ্ক নাই বুলি দাবী কৰিছে।

ফক্স নিউজত সম্প্ৰচাৰিত আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা অনুসৰি যুদ্ধবিৰতি এতিয়াও অব্যাহত আছে। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পৃষ্ঠপোষকতাত হোৱা ভংগুৰ যুদ্ধবিৰতিৰ সমৰ্থনত যোৱা সপ্তাহত ইজৰাইললৈ যোৱা আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে যুদ্ধবিৰতিৰ অৰ্থ এইটো নহয় যে সৰু সৰু সংঘৰ্ষ নহ’ব।

তেওঁ লগতে কয় যে আমি জানো যে হামাছ বা গাজাৰ ভিতৰৰ আন কোনোবাই আইডিএফৰ এজন জোৱানক আক্ৰমণ কৰিছিল।

গাজাত আক্ৰমণ

গাজাৰ অসামৰিক প্ৰতিৰক্ষা সংস্থাই জনোৱা মতে, কমেও তিনিটা আক্ৰমণ সংঘটিত হোৱাৰ বিপৰীতে এটা আক্ৰমণ গাজাৰ আল-শ্বিফা চিকিৎসালয়খনৰ পিছফালে সংঘটিত হোৱা বুলি উল্লেখ কৰে। সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি বিমান আক্ৰমণত  তেওঁলোকৰ বাহনখনত থকা ৫জন লোকৰ মৃত্যু হয়। যুদ্ধবিৰতি চুক্তিৰ অধীনত ইজৰাইলে দাবী কৰা অনুসৰি মঙলবাৰে হামাছে আন এজন পণবন্দী ব্যক্তিৰ মৃতদেহ গতাই দিয়াৰ কথা ঘোষণা কৰিছিল।

উল্লেখ্য যে ২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত যুদ্ধৰ সূচনা কৰা আক্ৰমণৰ সময়ত হামাছৰ উগ্ৰপন্থীয়ে ২৫১ জন লোকক পণবন্দী কৰিছিল। মৃত পণবন্দীসকলৰ শেষৰটো অৱশিষ্ট মৃতদেহক লৈ হোৱা বিবাদে যুদ্ধবিৰতি প্ৰত্যাহাৰ কৰাৰ ভাবুকি দিছে। ইজৰাইলে হামাছৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে যে হামাছে পণবন্দীসকলক ঘূৰাই দিয়া নাই। ইয়াৰ বিপৰীতে পেলেষ্টাইনী ইছলামিক গোটটোৱে কয় যে যুদ্ধই বিধ্বস্ত কৰা ধ্বংসাৱশেষৰ মাজত অৱশিষ্টখিনি বিচাৰি উলিয়াবলৈ সময় লাগিব।

পিছত হামাছে মঙলবাৰৰ হস্তান্তৰকৰণত বিলম্ব হ’ব বুলি উল্লেখ কৰি কয় যে ইজৰাইলীৰ “শক্তি বৃদ্ধিয়ে মৃতদেহসমূহৰ অনুসন্ধান, খনন আৰু উদ্ধাৰত বাধাৰ সৃষ্টি কৰিব”। টেলিগ্ৰামত আন এক বিবৃতিত হামাছৰ সশস্ত্ৰ শাখাই কয় যে মঙলবাৰে দুজন পণবন্দী লোকৰ মৃতদেহ উদ্ধাৰ হৈছে। আশ্যে কেতিয়া তেওঁলোকক গতাই দিব সেই কথা কোৱা হোৱা নাই।

‘আমি জিৰণি ল’ব বিচাৰো’

সোমবাৰে হামাছে পূৰ্বে উদ্ধাৰ হোৱা বন্দী এজনৰ আংশিক অৱশিষ্ট ঘূৰাই অনাৰ পিছত ক্ৰমাৎ হেঁচাত পৰিছিল, যিটো ইজৰাইলে যুদ্ধবিৰতি ভংগ বুলি অভিহিত কৰিছে। হামাছে কয় যে ১০ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱা যুদ্ধবিৰতি চুক্তিৰ অধীনত ২৮জন পণবন্দীৰ ভিতৰত ১৬ পণবন্দীৰ মৃতদেহ ঘূৰাই দিবলৈ সন্মত হয়।

কিন্তু ইজৰাইলৰ ফৰেনছিক পৰীক্ষাত নিৰ্ণয় কৰা হয় যে হামাছে প্ৰকৃততে এজন পণবন্দী ব্যক্তিৰ আংশিক অৱশিষ্টহে গতাই দিছিল, যাৰ মৃতদেহ ইতিমধ্যে প্ৰায় দুবছৰ পূৰ্বে ইজৰাইললৈ ঘূৰাই অনা হৈছিল বুলি নেতানিয়াহুৰ কাৰ্যালয়ে প্ৰকাশ কৰিছে। ইজৰাইল চৰকাৰৰ মুখপাত্ৰ শ্বোছ বেড্ৰ’ছিয়ানে হামাছে এই অৱশিষ্ট উদ্ধাৰ কৰাটো নাটক বুলি  অভিযোগ উত্থাপন কৰে।

তেওঁ সাংবাদিকসকলৰ আগত কয় যে, ‘মই আজি আপোনালোকক নিশ্চিত কৰিব পাৰো যে কালি হামাছে মাটিত গাঁত খান্দি, আংশিক অৱশিষ্টখিনি… তাৰ ভিতৰত ৰাখিছিল, মাটিৰে পুনৰ ওপৰলৈ ঢাকি দিছিল আৰু ৰেড ক্ৰছৰ হাতত তুলি দিছিল।

পণবন্দী আৰু নিৰুদ্দেশ পৰিয়াল মঞ্চই চৰকাৰক “এই উলংঘাৰ বিৰুদ্ধে নিৰ্ণায়ক ব্যৱস্থা ল’বলৈ আহ্বান জনায় আৰু হামাছে নিৰুদ্দেশ পণবন্দীসকলৰ ৰখা স্থানৰ বিষয়ে জ্ঞাত  বুলি অভিযোগ কৰে।

হামাছৰ মুখপাত্ৰ হাজেম কাছেমে এই অভিযোগ নাকচ কৰি যুক্তি দৰ্শাই যে দুবছৰীয়া যুদ্ধৰ সময়ত ইজৰাইলৰ বোমাবৰ্ষণে স্থানসমূহ চিনাক্ত কৰিব নোৱাৰা কৰি পেলাইছে।

‘তৃতীয় অৱশিষ্টৰ গোট’

ইজৰাইলৰ বন্দীসকলৰ মৃতদেহ বিচাৰি উলিওৱাৰ পিছত অতি সোনকালে গতাই দিবলৈ বদ্ধপৰিকৰ বুলিও তেওঁ এ এফ পিক জনায়। ইতিমধ্যে যুদ্ধবিৰতি চুক্তিত চুক্তিবদ্ধ হোৱা অনুসৰি হামাছে জীৱিত ২০ জন পণবন্দীক ঘূৰাই দিছে।

ইজৰাইলৰ চৰকাৰী পৰিসংখ্যাৰ ভিত্তিত এ এফ পিৰ তথ্য অনুসৰি ২০২৩ চনৰ অক্টোবৰ মাহত হামাছৰ আক্ৰমণত ইজৰাইলৰ ১২২১ জন লোকৰ মৃত্যু হৈছিল, ইয়াৰে অধিকাংশই সাধাৰণ নাগৰিক। ৰাষ্ট্ৰসংঘই নিৰ্ভৰযোগ্য বুলি গণ্য কৰা হামাছৰ দ্বাৰা পৰিচালিত ভূখণ্ডৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ইয়াৰ পিছত গাজাত ইজৰাইলৰ আক্ৰমণত কমেও ৬৮,৫৩১ জন লোকৰ মৃত্যু হয়।

যুদ্ধবিৰতিৰ পিছতো ধ্বংসাৱশেষৰ তলত আৰু অধিক মৃতদেহ উদ্ধাৰ হোৱাৰ বাবে এই সংখ্যা বৃদ্ধি পাইছে। গাজাৰ যুদ্ধ ক্ষেত্ৰত ৬০ বছৰীয়া আব্দুল-হায় আল-হাজ আহমেদে এএফপিক কয় যে হামাছৰ ওপৰত ক্ৰমাৎ হেঁচা বৃদ্ধি পোৱাৰ বাবে যুদ্ধ পুনৰ আৰম্ভ হোৱাৰ আশংকা বৃদ্ধি পাইছে। তেওঁ কয় যে “আমি জিৰণি লব বিচাৰো। মোৰ বিশ্বাস যুদ্ধ ঘূৰি আহিব।”

Related News