শান্তি চুক্তি উলংঘা কৰি ইজৰাইলে পুনৰ গাজা আক্ৰমণ কৰে। শনিবাৰে এই ঘটনাত কমেও ২২ জন লোকৰ মৃত্যু হয়। আহতসকলৰ সংখ্যা ৮৭ জন।মৃতকৰ ভিতৰত বহু শিশুও আছে। এই দাবী হামাছে কৰিছে। যদিও ইজৰাইলে দাবী কৰিছে যে তেওঁলোকৰ আক্ৰমণত হামাছৰ পাঁচজন নেতা নিহত হৈছে। যোৱা মাহত ইজৰাইল সেনাইও শান্তি চুক্তি উলংঘা কৰি গাজাৰ হৃদপিণ্ডত আক্ৰমণ চলাইছিল। এইবাৰ দুয়োপক্ষৰ মাজত পুনৰ যুদ্ধ হ’বনে? এই প্ৰশ্ন এতিয়া উত্থাপন হ’বলৈ আৰম্ভ কৰিছে।
জানিব পৰা মতে শনিবাৰে ইজৰাইলৰ সেনাই উত্তৰ আৰু মধ্য গাজাৰ বিভিন্ন অঞ্চলত লক্ষ্যভিত্তিক আক্ৰমণ চলাইছিল। বহু ঘৰ ধ্বংস হৈছিল। কমেও ২২ জন লোকৰ মৃত্যু হয়। ইয়াৰে অধিকাংশই আছিল শিশু আৰু মহিলা। ইজৰাইলে অভিযোগ কৰিছে যে শেহতীয়াকৈ উগ্ৰপন্থীৰ এটা দলে ইয়াৰ সৈন্যৰ ওপৰত গোলাবৰ্ষণ কৰিছিল। ইজৰাইলে এই আক্ৰমণৰ আঁৰত হামাছ বুলিও দাবী কৰিছে। ইয়াৰ পিছত ইজৰাইল সেনাই গাজাত এই মাৰাত্মক আক্ৰমণ চলালে।
প্ৰসংগক্ৰমে আমেৰিকাৰ প্ৰতিবেদনৰ ভিত্তিত যোৱা মাহত ইজৰাইল সেনাই গাজাত আক্ৰমণ চলাইছিল। প্ৰতিবেদনত হামাছৰ গোপন ষড়যন্ত্ৰৰ ওপৰত আলোকপাত কৰা হৈছে। পোহৰলৈ অহাৰ লগে লগে ইহুদী ৰাষ্ট্ৰই গাজা আক্ৰমণ কৰে। পিছত আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে, ‘পেলেষ্টাইনী সাধাৰণ নাগৰিকৰ বিৰুদ্ধে এই পৰিকল্পিত আক্ৰমণে প্ৰত্যক্ষভাৱে যুদ্ধবিৰতি চুক্তি উলংঘা কৰিব। মধ্যস্থতাৰ জৰিয়তে যুদ্ধ বন্ধ কৰাৰ ক্ষেত্ৰত হোৱা অগ্ৰগতি ই ধ্বংস কৰিব।’ হামাছক সকীয়াই দিয়া হৈছিল যে, ‘যদি হামাছে এই আক্ৰমণ অব্যাহত ৰাখে তেন্তে গাজাৰ জনসাধাৰণ আৰু যুদ্ধবিৰতি ৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।’ কিন্তু এই বিবৃতিত হামাছৰ আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই আমেৰিকাই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া স্পষ্টকৈ উল্লেখ কৰা হোৱা নাছিল। এনে পৰিস্থিতিত এমাহৰ পাছত ইজৰাইলে গাজাত পুনৰ আক্ৰমণ কৰে।




